ডিজিটেল ডেস্ক : স্মৃতি বিজড়িত ঘৰটোৰ প্ৰতিটো কোণতে আজি ৰিঙিয়াই মানিছে বিশ্বৰ প্রান্তে প্রান্তে অজস্র গুণমুগ্ধই আজি কান্দি উঠা অসমৰ জনপ্রিয় সংগীত শিল্পী অসমীয়াৰ হিয়াৰ আমঠু জুবিন গার্গক। এজন সংগীত শিল্পী হ'বলৈ প্রয়োজন হোৱা অজস্র সাধনাৰ স্মৃতি আজিও কঢ়িয়াই লৈ ফুৰিছে এই ঘৰটোৱে। অৱশ্যে ঘৰটোৰ পূৰ্বৰ সেই মেটমৰা সম্ভাৰ নাই যদিও স্মৃতিৰ জানো মৃত্যু হয়। অলেখজন শিল্পীৰ পদকমলে সিক্ত এই বাসগৃহটোতে জুবিন গাৰ্গে কৰিছিল সংগীতৰ সাধনা। ২০০৪ চনত শিল্পীগৰাকীৰ দেউতাক ৰোহিণী মোহন বৰঠাকুৰে (কপিল) প্রয়াত বিদ্যা দত্তক বিক্রী কৰিছিল। সংগীতৰ সাধনাই মায়াজাল সৃষ্টি কৰা বাসগৃহটোত প্রথম অৱস্থাত পৰাগ গগৈ আৰু প্ৰয়াত বিদ্যা দত্তই ক্রয় কৰিছিল।
পৰৱৰ্তী সময়ত পৰাগ গগৈয়ে আছাম টাইপৰ বাসগৃহটো বিদ্যা দত্তকে বিক্ৰী কৰি দিয়াত আছাম টাইপ আৰু আৰ চি চি বাসগৃহ দুটা বর্তমান লক্ষীপ্রিয়া দত্তৰ মালিকানাত আছে। যোৰহাটৰ ক্লাব ৰ'ডৰ সেউজ নগৰত থকা সেই বাসগৃহটোৱেও যেন আজি উচুপি উঠিছে। সংগীতৰ ছন্দোময় যাত্ৰাৰ আঁহে আঁহে সোমাই থকা গীত, সুৰৰ শিল্প সাধনাৰ স্মৃতিবোৰে আজি যেন ভুমুকি মাৰিছে। ভনীয়েক জংকীৰ লগত সেই সুমধুৰ দিনবোৰৰো স্মৃতি বহন কৰি আছে এই বাসগৃহটোৱে। ঘৰটো এতিয়া নতুনকৈ কিছু কিছু নিৰ্মাণ কৰিছে। কিন্তু বাৰাণ্ডাত তেতিয়া থকা জুবিন গাৰ্গৰ চাইকেলখনে যেন এতিয়াও কথা কয়, সেই কথাই এতিয়া বহুজন সুহৃদৰ চকুপানী টুকিব লগীয়া হৈছে।
১৯৮৯ চনৰ পৰা ১৯৯৫ চন পর্যন্ত ৰসাল আড্ডালৈ ৰূপান্তৰিত হোৱা ঘৰটোত জুবিনে ৰাখিছিল বহু কিতাপ। এতিয়া সকলো যেন স্মৃতি হৈ পৰিছে। ক্লাব ৰ'ডৰ সেই বাসগৃহটো বিক্ৰী কৰাৰ পাছতো শিল্পীগৰাকী গৈছিল। বাসগৃহটোত আছিল এজোপা পাইন গছ। মাটিৰ শিল্পী জুবিন গার্গে তেতিয়াই কৈছিল- 'ঘৰটোহে বিক্রী কৰিছোঁ, গছজোপা বিক্ৰী কৰা নাই।' প্রকৃতিক ভাল পোৱা, মানুহৰ হকে দৰিদ্ৰজনৰ হকে মাত মাতি অহা শিল্পীগৰাকীৰ আকস্মিক মৃত্যু অসমৰ বাবে অপূৰণীয় ক্ষতি। লক্ষণীয় যে কিছুদিনৰ পূৰ্বে শিল্পীগৰাকীৰ মৰমৰ পাইন গছজোপাও ধুমুহাত ভাগি যায়।