ডিজিটেল ডেস্ক: সমগ্র উজনি অসমকে ধৰি সমীপৱৰ্তী অৰুণাচল প্ৰদেশৰ জনসাধাৰণৰ বাবে ডিব্ৰুগড়স্থিত অসম মেডিকেল কলেজে দীর্ঘদিন সেৱা আগবঢ়াই আহিছে। দ্রুত গতিত বৃদ্ধি পোৱা নিত্য নতুন ৰোগ আৰু ৰোগীৰ চাহিদাৰ প্রতি লক্ষ্য ৰাখি অসম মেডিকেল কলেজে সাম্প্রতিক সময়ত অত্যধিক ৰোগীৰ বোজা বহন কৰিবলগীয়া হৈছে। এনে সময়তে প্রায় পোন্ধৰ বছৰৰ পূৰ্বে স্থাপন হোৱা যোৰহাট মেডিকেল কলেজে উজনিৰ ৰাইজৰ স্বাস্থ্যখণ্ডৰ বহু সমস্যা তথা অভাৱ দূৰ কৰাত সহায়ক হ'ব বুলি আশা কৰা হৈছিল।
কিন্তু আশা কৰাৰ দৰে যোৰহাট মেডিকেল কলেজে কেতবোৰ জটিল আৰু জৰুৰী ৰোগ আৰু ৰোগীৰ সেৱা আগবঢ়াব পৰাকৈ আজিও স্বয়ং সম্পূর্ণ হৈ উঠা নাই। যাৰ ফলত এনে জটিল ৰোগ আৰু জৰুৰী ৰোগীক উন্নত চিকিৎসাৰ বাবে অত্যধিক ধনৰ বোজা বহন কৰি হ'লেও ডিব্ৰুগড় বা গুৱাহাটীলৈ নিবলৈ বাধ্য হয় ৰোগীৰ পৰিয়াল। এনে পৰিস্থিতিৰ মাজতে অসমৰ অন্যতম শৈক্ষিক নগৰীৰূপে পৰিচিত যোৰহাটত বেচৰকাৰী খণ্ডৰ স্বাস্থ্য তথা চিকিৎসা সেৱা প্রতিষ্ঠান 'নেমকেয়াৰ হস্পিটেল' কর্তৃপক্ষই যোৰহাটৰ বৰভেটাত অত্যাধুনিক সা-সুবিধাযুক্ত এখন চিকিৎসালয় স্থাপনৰ বাবে সিদ্ধান্ত গ্রহণ কৰি প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ কৰে।
প্রায় ২০০ কোটি টকা বিনিয়োগেৰে নিৰ্মাণ কৰিবলৈ লোৱা চিকিৎসালয়খনৰ বাবে ইতিমধ্যে ভূমিপূজন আদিও সম্পন্ন হৈ গৈছে। এনেদৰে প্ৰাৰম্ভিক কাম-কাজ সম্পন্নৰ পাছতেই চিকিৎসালয়খনৰ মূল ভৱন নিৰ্মাণৰ বাবে নেমকেয়াৰ কর্তৃপক্ষ আগবাঢ়োঁতেই স্থানীয় বিধায়ক হিতেন্দ্র নাথ গোস্বামীৰ বিধি-পথালিৰ বাবে নেমকেয়াৰ কর্তৃপক্ষ থমকি ৰ'ব লগীয়া হোৱাৰ গুৰুতৰ অভিযোগ উঠিছে। অভিযোগ মতে, স্থানীয় ৫৯ নং চৰাইবাহী গাঁও পঞ্চায়তখনৰ ওপৰত বিধায়কজনে প্রভুত্ব খটুৱাই সেই অঞ্চলত স্থায়ী নিৰ্মাণৰ বাবে প্ৰদূষণ সৃষ্টি হ'ব পৰা 'মিক্সাৰ মেচিন' চলোৱাত কৌশলেৰে বাধা প্ৰদান কৰাৰ বাবেই অত্যাধুনিক হস্পিটেলখনৰ নিৰ্মাণত সম্প্রতি জটিলতাই দেখা দিছে। এনে অৱস্থাত ৰাইজে গভীৰ ক্ষোভ প্রকাশ কৰি কয় যে একেখন গাঁও পঞ্চায়তৰে অধীনৰ এলেকাত হস্পিটেল নিৰ্মাণৰ স্থানৰ কিছু নিলগত অসম চৰকাৰৰ উদ্যোগত ১.৫৮ কোটি টকা ব্যয়েৰে যোৰহাট কেন্দ্ৰীয় কাৰাগাৰৰ সমীপতে দেশৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসৰ জীৱন্ত সাক্ষী স্মাৰক উদ্যানখন যদি যুদ্ধকালীন তৎপৰতাৰে নিৰ্মাণ কৰি থাকিব পাৰে, তেন্তে একেখন পঞ্চায়তৰে অধীনৰ এলেকাত এখন অত্যাধুনিক চিকিৎসালয় নিৰ্মাণৰ বাবে বিধি-পথালি দিয়াটো সঁচাই দুর্ভাগ্যজনক। ইফালে অত্যাধুনিক নেমকেয়াৰ হস্পিটেলখন নিৰ্মাণৰ ক্ষেত্ৰত এনেদৰে ভিন্ন কৌশলেৰে বিধায়ক গোস্বামীয়ে বাধা দিয়াৰ যি গুৰুতৰ অভিযোগ উঠিছে, এই সন্দর্ভত স্থানীয় বিভিন্নজনে গভীৰ অসন্তুষ্টি প্রকাশ কৰিছে। বৰভেটাৰ এজন জ্যেষ্ঠ নাগৰিক, সাহিত্য সেৱী প্রতাপ চন্দ্ৰ বৰুৱাই এই সন্দৰ্ভত প্রতিক্রিয়া প্রকাশ কৰি সংবাদ মাধ্যমৰ আগত কয় যে 'আমি যেনেকৈয়ে নহওক নেমকেয়াৰৰ দৰে উচ্চ মানবিশিষ্ট চিকিৎসালয়খন যোৰহাটৰ এই স্থানতেই বিচাৰোঁ। কোনো পৰিস্থিতিতে ইয়াৰ পৰা আঁতৰি যাব নালাগে। প্রয়োজন হ'লে নাগৰিক সভাৰ আয়োজন কৰি আমি জনমত গঠন কৰি যিবোৰ প্ৰতিবন্ধকতা দেখা দিছে, সেইবোৰ দূৰ কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিম বুলিও তেওঁ মন্তব্য কৰে।
উক্ত অঞ্চলৰে আন এজন সচেতন নাগৰিক নৰেন গগৈয়ে কয় যে যোৰহাটত মেডিকেল কলেজৰ লগতে আন কেইবাখনো নাৰ্ছিংহ'ম আছে যদিও আধুনিক যুগৰ বেমাৰ আৰু জৰুৰী ৰোগীৰ চিকিৎসাৰ বাবে এইবোৰত যেনে সুবিধা লাগে তেনে সুবিধা নাই। সেয়ে নেমকেয়াৰৰ দৰে এখন অত্যাধুনিক হস্পিটেল হ'লে কেৱল যোৰহাট জিলাতেই নহয়, কাষৰীয়া গোলাঘাট, শিৱসাগৰ, মাজুলী আদি জিলাৰ লগতে নগালেণ্ডৰ ৰোগীৰো বহুত সহায় হ'ব। আনকি যোৰহাট, শিৱসাগৰৰ পৰা ৰোগী এজন গুৱাহাটীলৈ নিবলৈ যিমান ধনৰ প্ৰয়োজন হয়, সেই দিশৰ পৰাও বৃহত্তৰ অঞ্চলটোৰ ৰাইজে যথেষ্ট সকাহ পাব। কেৱল ইমানেই নহয়, হস্পিটেলখন গঢ় লৈ উঠাৰ লগে লগে আমাৰ এই অঞ্চলটোত যান-বাহনৰ লগতে অন্যান্য সৰু-ডাঙৰ ব্যৱসায়ৰ জৰিয়তেই স্থানীয়ভাৱে আনুষংগিক ব্যৱসায়ৰ পৰিৱেশ এটা গঢ় লৈ উঠিব। সেয়েহে নেমকেয়াৰ হস্পিটেলখন যিকোনো মূল্যৰ বিনিময়তে যোৰহাটত আমি গঢ় লৈ উঠাটো বিচাৰোঁ আৰু প্রয়োজনত আমি মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিম বুলিও তেওঁ সজোৰে উল্লেখ কৰে। তেনেদৰে সংশ্লিষ্ট অঞ্চলটোৰ এগৰাকী সচেতন মহিলা মীৰা চেতিয়াই এই সন্দর্ভত কয় যে হস্পিটেলখন গঢ় লৈ উঠাৰ লগে লগে যোৰহাট জিলাখনৰ বিভিন্ন অঞ্চলৰ যিসকল যুৱতীয়ে নাৰ্ছিং শিক্ষা গ্রহণ কৰি আছে, সেইসকলৰ লগতে আনুষংগিক দিশতো প্রত্যক্ষ আৰু পৰোক্ষভাৱে সংস্থাপনৰ বাটো মুকলি হ'ব।
তদুপৰি এতিয়াও আমি যিবোৰ জটিল অস্ত্রোপচাৰ বা জৰুৰী ৰোগীৰ প্ৰাণ ৰক্ষাৰ বাবে গুৱাহাটী বা ডিব্ৰুগড়লৈ বহু ধন খৰচ কৰি নিব লগীয়া হয় তেনে ধন খৰচৰ পৰাও আর্থিকভাৱে দুৰ্বল পৰিয়ালসমূহে বিভিন্ন দিশত সকাহ পাব বুলিও তেওঁ মন্তব্য কৰে। এনে পৰিস্থিতিত এতিয়া গুৱাহাটীৰ পাছতেই যোৰহাটত ২০০ কোটি টকাৰ বিনিয়োগেৰে নেমকেয়াৰৰ দৰে এখন মানবিশিষ্ট অত্যাধুনিক চিকিৎসালয় নিৰ্মাণৰ বাবে সংশ্লিষ্ট কর্তৃপক্ষ আগবাঢ়ি অহাৰ পাছতো যোৰহাটৰ একেখন পঞ্চায়তৰে অধীনত স্বাধীনতা সংগ্ৰামীৰ স্মৃতিত বৃহৎ প্রকল্প নিৰ্মাণৰ সুবিধা প্ৰদান কৰা আৰু হস্পিটেলখনৰ ক্ষেত্রত বিধায়কে কৌশলেৰে বিধি-পথালি দিয়াৰ অভিযোগৰ অন্তৰালত প্ৰদৰ্শন কৰা বৈষম্যক কেন্দ্ৰ কৰিও যোৰহাটত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।