ডিজিটেল ডেস্ক: পাঁচদিনীয়া কাৰ্যসূচীৰে ডুমডুমা নগৰ খেলপথাৰত আয়োজিত তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সোণালী জয়ন্তী সমাৰোহ আৰু চতুর্বিংশতিতম দ্বি-বার্ষিক অধিৱেশনৰ তৃতীয় দিনটোত অর্থাৎ বৃহস্পতিবাৰে নিশা তিনিচুকীয়া জিলাৰ সাংবাদিকৰ দ্বাৰা মঞ্চস্থ কৰা হয় 'হৰিশ্চন্দ্ৰ উপাখ্যান' ভাওনা।
স্থানীয় সাহিত্য-সংস্কৃতিপ্রেমী দর্শকৰ উপস্থিতিত পৰম্পৰাগত ভাওনাক মঞ্চত উজ্জ্বল কৰি তোলে সাংবাদিকসকলৰ এই অভিনৱ সাংস্কৃতিক প্রয়াসে। তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগৰ মুখ্য পৰিচালনাত মঞ্চস্থ ভাওনাত মুখ্য বায়ন আছিল সাংবাদিক দীপাংকৰ শৰ্মা। নাম ভূমিকা হৰিশ্চন্দ্ৰৰ চৰিত্ৰত ৰাণাজ্যোতি নেওগৰ লগতে নাৰায়ণৰ চৰিত্ৰত সমীৰণ বৰা, মন্ত্ৰীৰ চৰিত্ৰত হীৰেন দাস, সমৰ সিংহৰ চৰিত্ৰত সীমান্ত চেতিয়া, পুৰঞ্জয়ৰ চৰিত্ৰত প্ৰভাত বৰা, বিশ্বামিত্ৰৰ চৰিত্ৰত প্রিয়ানুজ চুতীয়া, সেনাপতিৰ চৰিত্ৰত বিপ্লৱ কোঁৱৰ, ইন্দ্ৰৰ চৰিত্ৰত ইন্দ্ৰজিৎ গগৈ, যমৰ চৰিত্ৰত ভাস্কৰজ্যোতি ভূঞা, বামুণৰ চৰিত্ৰত দীপাংকৰ শৰ্মা আদি বিভিন্ন পুৰুষ চৰিত্ৰত অভিনয় কৰে জিলাখনৰ বিভিন্ন প্ৰান্তৰৰ কাকত-বৈদ্যুতিন মাধ্যমৰ সাংবাদিকসকলে।
ভাওনাত সাংবাদিকসকলৰ এই অংশগ্রহণে মিডিয়া ক্ষেত্ৰৰ বহু ব্যস্ততাৰ মাজতো সাহিত্য-সংস্কৃতিৰ প্ৰতি সন্মিলিত দায়িত্ববোধক পৰিচয় দিয়ে। আনহাতে, আমন্ত্রিত ভাৱৰীয়া ৰূপে সূত্ৰৰ চৰিত্ৰত ডিম্পলজ্যোতি বৰা, শৈৱাৰ চৰিত্ৰত দীপজ্যোতি দাস, কাবেৰীৰ চৰিত্ৰত সাগৰিকা গোহাঁই, বামুণীৰ চৰিত্ৰত ৰঞ্জুমণি চুতীয়া, ত্রিবিদ্যাৰ চৰিত্ৰত জাগৃতি ভূঞা, সাগৰিকা গোহাঁই, নমস্যা নিজৰি নেওগ, পগলাৰ চৰিত্ৰত অবিনাশ বৰুৱাই অভিনয় কৰে। মহিলা শিল্পীসকলৰ যোগদানত ভাওনাৰ সৌন্দৰ্য অতিৰিক্তভাৱে সমৃদ্ধ হয়। শিশু চৰিত্ৰ ৰোহিতৰ ভাৱত অভিনয় কৰে আৰিয়ান চুতীয়াই।
সাংবাদিক সমাজৰ এই সাংস্কৃতিক অৱদানে সোণালী জয়ন্তীৰ আয়োজনৰ ডুমডুমাৰ সাংস্কৃতিক পৰিৱেশক সমৃদ্ধ কৰে আৰু অসমীয়াৰ ঐতিহ্যবাহী ভাওনা-সংস্কৃতিক পুনৰ দৰ্শকৰ আগত সজীৱ কৰি তোলে। আনহাতে, তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সোণালী জয়ন্তীৰ সামৰণী অনুষ্ঠান আৰু চতুর্বিংশতিতম দ্বি-বার্ষিক অধিৱেশনৰ কালি চতুৰ্থ দিনৰ কাৰ্যসূচীত বিভিন্ন বঁটা ঘোষণা হোৱাৰ লগতে বহুকেইটা প্রতিযোগিতা অনুষ্ঠিত হয়। বিগত দ্বি-বার্ষিক অধিৱেশনত প্ৰদান কৰি অহা তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি ভদ্রকৃষ্ণ গোস্বামী সোঁৱৰণী সাংবাদিকতা বঁটা এইবাৰ এন কে টিভি, গুৱাহাটীৰ সাংবাদিক বনজিৎ কলিতালৈ আগবঢ়োৱা হৈছে।
শ্রেষ্ঠ প্রেছ ক্লাব বঁটা তিনিচুকীয়া সাংবাদিক চ'ৰালৈ আগবঢ়োৱা হৈছে আৰু সদৌ অসম ভিত্তিত আয়োজন কৰা মহাবিদ্যালয়সমূহৰ মাজত আলোচনী প্রতিযোগিতাত প্রথম স্থান লাভ কৰিছে টেঙাখাত মহাবিদ্যালয়ে। দ্বিতীয় ডুমডুমা মহাবিদ্যালয় আৰু তৃতীয় ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ে লাভ কৰিছে। আনহাতে কালি অনুষ্ঠিত সদৌ অসম ভিত্তিত মুকলি প্রাইজমানি তর্ক প্রতিযোগিতাত ডিব্ৰুগড়ৰ চাইনী ভূঞা শ্রেষ্ঠ তার্কিক হিচাপে নির্বাচিত হয়। ডিব্ৰুগড়ৰ মৃণ্ময় বৰা দ্বিতীয় আৰু ডুমডুমাৰ প্ৰণৱ বিভাৰে তৃতীয় স্থান দখল কৰে।
আনহাতে অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা ভূপেন্দ্ৰ সংগীত, জুবিন গাৰ্গৰ গীত, চিত্রাংকণ, ৰচনা, বাতৰি লিখা প্রতিযোগিতা আদি সমজিলাভিত্তিত আয়োজন কৰা হয়। এইসমূহ বঁটা আজি অনুষ্ঠিত হ'বলগীয়া মুকলি সভাত প্রদান কৰে। আজি অৰ্থাৎ সামৰণিৰ দিনা পুৱা বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক সমাৰোহৰ লগতে দিনৰ বাৰ বজাৰ পৰা মুকলি সভা অনুষ্ঠিত হ'ব। মুকলি সভাত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰী, বিধায়ক তথা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বই অংশ ল'ব। সন্ধিয়া যোৰহাটৰ আটিলা গাঁৱৰ মুকুন্দ মুৰাৰী শিল্পী সমাজৰ দ্বাৰা 'শ্রীকৃষ্ণৰ বৈকুণ্ঠ প্রয়াণ' ভাওনাভাগ মোহন দত্তৰ পৰিচালনাত অনুষ্ঠিত হ'ব। নিশা জিলা সাংবাদিক সন্থাৰ প্ৰতিনিধি সভা আৰু বিষয় বাছনী সভা অনুষ্ঠিত হ'ব আৰু এই সভাতেই জিলা সাংবাদিক সন্থাৰ নতুন সমিতি গঠন কৰা হ'ব।