ঘৰজোঁৱাই ৰখাৰ পৰিণতি! খুলশালিৰ পত্নীক পলুৱাই লৈ গ'ল ভিনিহিয়েকে

Kakali Deka September 08, 2025

ডিজিটেল ডেস্কঃ ৰাজ্যত পুনৰ সংঘটিত হৈছে  পৰকীয়া প্ৰেমৰ ঘটনা।  এইবাৰ ভিনিহিয়েকে পলুৱাই লৈ গ'ল নিজ খুলশালিয়েকৰ পত্নীক।  জুৰীয়াত সংঘটিত হৈছে এই ঘটনা।

ঘৰজোঁৱাই ৰাখি এতিয়া চকুলো টুকিছে এটি অসহায় পৰিয়ালে। জী-জোঁৱাইক ঘৰত আশ্ৰয় দি এতিয়া বিপদত পৰিছে জুৰীয়াৰ ফুৰহানীআটি গাঁৱৰ আব্দুল কৰিম নামৰ লোকজন।  আব্দুল কৰিমে মজিবুৰ ৰহমানলৈ বিয়া দিছিল নিজ কন্যাক। মজিবুৰ ৰহমান ঘৰজোঁৱাই হিচাপে আছিল আব্দুল কৰিমৰ ঘৰত। জোঁৱাই মজিবুৰৰ চকু পৰিল পত্নীৰ ভায়েকৰ পত্নীৰ ওপৰত। দুয়োৰে মাজত গঢ়ি উঠিল প্ৰেমৰ সম্পৰ্ক। সেই কথা কোনেও ভুকে নাপালে। 

ঘৰজোঁৱাই মজিবুৰ ৰহমানে এইবাৰ আব্দুল কৰিমৰ পুত্ৰৰ পত্নীক লৈ পলায়ন কৰিলে। পত্নীৰ ভায়েক অৰ্থাৎ খুলশালিৰ পত্নীক পলুৱাই নি মজিবুৰ ৰহমানে চৰম বিশ্বাসঘাতকতা কৰিলে পৰিয়ালটোৰ লগত।  যাৰ পৰিপ্ৰেক্ষিতত এতিয়া বিপদত পৰিছে পৰিয়ালটো। 

মহিলাগৰাকীয়ে তিনি বছৰীয়া নিজ সন্তানক লগত লৈ ভিনিহিয়েকৰ সৈতে পলায়ন কৰিছে। মৰমৰ নাতিনীয়েকক নেদেখি কান্দোনত ভাগি পৰিছে ককাক-আইতাক ।  নাতিনীয়েকক লগত লৈ ঘৰলৈ  ঘূৰি আহিবলৈ কাতৰ আহ্বান জনাইছে পৰিয়ালটোৱে।

Share This