ডিজিটেল ডেস্কঃ দেশ-বিদেশৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে পৰিচিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন্ধ হ'ল হাতী ছাফাৰী। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই এক জাননীযোগে সদৰী কৰিছে এই খবৰ।
সেই অনুসৰি, চলিত ২০২৪-২৫ পর্যটন বর্ষত ১ মে'ৰপৰা কাৰ্যকৰী হোৱাকৈ পৰ্যটকৰ বাবে উদ্যানৰ অন্তৰ্ভাগত হাতী ছাফাৰী বন্ধ কৰা হৈছে। বতৰৰ প্ৰতি লক্ষ্য ৰাখি উদ্যান কর্তৃপক্ষই এই সিদ্ধান্ত লয় বুলি প্রকাশ কৰে।
উল্লেখযোগ্য বিগত বৰ্ষৰ অক্টোবৰ মাহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হৈছিল ২০২৪-২৫পর্যটন বর্ষ। আশানুৰূপভাবে দেশী-বিদেশী পৰ্যটকৰ ভিৰৰ লগতে এই পর্যটন বর্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰে বহু বিশিষ্ট লোকে। দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ নেতৃত্বত অর্ধ শতাধিক দেশৰ ৰাষ্ট্ৰদূত, উচ্চায়ুক্ত, প্রতিনিধিয়ে এই পর্যটন বর্ষতে দর্শন কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। আনহাতে, কিছুদিন পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰি যায় ক্ৰিকেটৰ ভগৱান শচীন টেন্ডুলকাৰেও। বিগত বৰ্ষসমূহত দেশৰ দুগৰাকীকৈ ৰাষ্ট্ৰপতি, প্রধানমন্ত্রীকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে বিশ্বৰ সৰ্বাধিক এটা খৰ্গ থকা গঁড়ৰ বাসস্থান তথা ঢেঁকীয়াপতীয়া বাঘ, হাতী, এছীয় ম'হ, দুষ্প্রাপ্য দল হৰিণাকে ধৰি জৈৱ বৈচিত্র্যৰে ভৰপূৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰাত স্বাভাৱিকতে বিশ্ব মানচিত্ৰত কাজিৰঙাৰ প্ৰচাৰ বৃদ্ধি পায়। সেই অনুপাতে, বিগত বৰ্ষৰ পৰা পর্যটক বৃদ্ধি পাই চলিত পর্যটন বর্ষত ৪ লক্ষাধিক পর্যটকে কাজিৰঙাত ভিৰ কৰাৰ সমান্তৰালকৈ প্রায় ১১ কোটি টকা ৰাজহ এই পর্যন্ত পৰ্যটকৰ পৰা সংগ্ৰহ কৰা হৈছে বুলিও উদ্যান কর্তৃপক্ষই সদৰী কৰিছে। আনহাতে, হাতী ছাফাৰী বন্ধ হ'লেও পৰ্যটকৰ বাবে জীপ ছাফাৰী কিছুদিন চলি থাকিব বুলি কর্তৃপক্ষই জাননীটোত প্রকাশ কৰিছে। ইফালে, আজি শেষৰ দিনা হাতী ছাফাৰীত পৰ্যটকৰ ব্যাপক ভিৰ পৰিলক্ষিত হয়।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলত বিভাগীয়ভাৱে হাতী ছাফাৰী আৰু বাগৰি বনাঞ্চলত ব্যক্তিগত হাতীৰ দ্বাৰা পৰ্যটকক ছাফাৰী কৰোৱা হয়। ব্যক্তিগত হাতী ছাফাৰী কৰোৱা পর্যটন ব্যৱসায়ী দীপক গঞ্জুৱে জানিবলৈ দিয়া মতে বাগৰি বনাঞ্চলত মুঠ ৩৮ টা ব্যক্তিগত হাতীয়ে এই পর্যটন বর্ষত পৰ্যটকক উদ্যান দৰ্শন কৰোৱায়। চলিত বর্ষত যথেষ্ট সংখ্যক পৰ্যটকৰ সমাগম ঘটা বুলি জানিবলৈ দি গঞ্জুৱে কয় যে শেষৰ মাহটোতো পৰ্যটকৰ ভিৰ উৎসাহজনক।