লাচিত নগৰ বহাগী উৎসৱৰ সামৰণি 

dainik janambhumi April 22, 2025

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত লাচিত নগৰ বহাগী উৎসৱ সমিতি আৰু প্ৰগতি সমাজৰ উদ্যোগত যোৱা ১৯ এপ্রিল, শনিবাৰে বি টি কলেজৰ প্রাংগণত দিনজোৰা কাৰ্যসূচীৰে মুকলি বিহু অনুষ্ঠিত হৈ যায়। সেইদিনা পুৱা বিহুৰ পতাকা উত্তোলন কৰি সভাপতি নৃপেন মহন্তই বিহুৰ প্ৰাসংগিকতাৰ বিষয়ে চমু আভাস দাঙি ধৰে। 

স্মৃতি তর্পণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি ডাঃ দেবেন মহন্তই মুকলি বিহুৰ সৈতে সামঞ্জস্য ৰাখি স্মৃতি তর্পণ কাৰ্যসূচী ৰখাৰ বাবে উদ্যোক্তাসকলৰ শলাগ লয়। এই কাৰ্যসূচীৰ সমান্তৰালকৈ উপস্থিত স্থানীয় বয়োজ্যেষ্ঠসকলৰ লগতে সকলোলৈকে একোখনকৈ বিহুৱান যাচি বিহুৰ ওলগ জনাই বিহুৰ জলপান গ্ৰহণ কৰা হয়। ইয়াৰ পাছতে গছপুলি ৰোপণ কার্যসূচীত অংশগ্রহণ কৰি স্থানীয় বয়োজ্যেষ্ঠ মহিলা তথা বিশিষ্টা সমাজকর্মী নিৰদা চহৰীয়াই বিভিন্ন খেল-ধেমালি প্রতিযোগিতা মুকলি কৰে। 

সন্ধিয়াৰ ভাগত  অনুষ্ঠিত সদৌ অসম ভিত্তিত মুকলি হুঁচৰি প্রতিযোগিতা অনুষ্ঠিত কৰে। ইয়াৰ পাছতে অনুষ্টু পীয়াকৈ অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত অংশগ্রহণ কৰে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিয়মীয়া শিল্পী, সুৰকাৰ, গীতিকাৰ গীতাঞ্জলি মহন্ত বৰুৱা, মিতালী ডেকা প্রমুখ্যে অন্য বহু কেইজন শিল্পীয়ে। 

মুকলি বিহু প্রতিযোগিতাত শ্রেষ্ঠ বিহু দল হিচাপে বিবেচিত হয় ধেমাজিৰ হাবুং বিহু হুঁচৰি দল আৰু শৃংখলাবদ্ধ দল হিচাপে বিবেচিত হয় দুলীয়াজানৰ গোমচেং বিহু হুঁচৰি দলে। বিহুৰ সমগ্র অনুষ্ঠানটোৰ আঁত ধৰে শশীন্দ্ৰ কুমাৰ বৰুৱাই।

Share This