ডিজিটেল ডেস্কঃ শনিবাৰে মাজনিশা নাৰায়ণপুৰৰ শিমলুগুৰিত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। পাৰিবাৰিক সংঘাতে প্ৰাণ কাঢ়িলে এজন লোকৰ।
পুতুকণ কোঁৱৰ নামৰ এজন লোকৰ গুলীত নিহত হ'ল প্রণৱ গগৈ নামৰ এজন লোক। এই ঘটনা সংঘটিত হৈছে চেঁচা ৰাজগড়ত।
শনিবাৰে নিশা প্ৰণৱজ্যোতি গগৈ নামৰ এজন যুৱকক গুলীয়াই হত্যা কৰে তেওঁৰেই গাড়ী চালকে । খৱৰ অনুসৰি, শিমলুগুৰিৰ আৰক্ষী চকীৰ অন্তৰ্গত চেঁচা ৰাজগড়ত সংঘটিত হৈছে এই ঘটনা । ঘটনাটোত নিহত হোৱা প্ৰণৱজ্যোতি গগৈৰ ঘৰ ঢলপুৰৰ ডুবিয়াল চুকত । ঘটনা সন্দর্ভত এতিয়ালৈকে আৰক্ষীয়ে তিনিজনক আটক কৰিছে।
প্রাপ্ত তথ্য মতে, ঢলপুৰ আৰক্ষী চকীৰ অন্তৰ্গত ডুবিয়াল চুকৰ প্রণৱ জ্যোতি গগৈৰ জ্যেষ্ঠ ভগ্নী কবিতা গগৈ চেঁচা ৰাজগড়ৰ ৰঞ্জিত ৰাউতৰ লগত কিছু বছৰ পুৰ্বে বিবাহপাশত আবদ্ধ হৈছিল | কিন্তু তেওঁলোকৰ বৈবাহিক জীৱনত হোৱা সংঘাতৰ বাবে কবিতা কিছুদিনৰ পৰা পিতৃ গৃহত আছিল | কিন্তু শনিবাৰে সন্ধিয়া ৰঞ্জিত ৰাউতৰ মৃত্যু হোৱা বুলি পিতৃ গৃহত থকা কবিতাৰ পৰিয়াললৈ চেঁচা ৰাজগড়ৰৰ পৰা এটা ফ'ন আহে | সেই মৰ্মে কবিতা আৰু ভাতৃ প্রণৱ গৈ ৰঞ্জিতৰ ঘৰত উপস্থিত হয়। উপস্থিত হৈ ৰঞ্জিতক সুস্থ শৰীৰে আন কাৰোবাৰ লগত ফ'নত কথা পাতি থকা দেখি কিছু বাক বিতণ্ডা হয় তেওঁলোকৰ মাজত | কিছু সময়ৰ পাছত সেই বাক বিতণ্ডাই হতাহতিৰ ৰূপ লয় | তেনে সময়তে প্ৰণৱৰ গাড়ীচালক পুতুকণ কোঁৱৰে ৰঞ্জিত ৰাউতক উদ্দেশ্যি তেওঁ লগত থকা পিষ্টলেৰে গুলী চালনা কৰিবলৈ উদ্যত হয় । ভিনিহীয়েকক বচাবলৈ প্রণৱে পুতুকণক হকা-বাধা কৰোঁতে দুৰ্ভাগ্যবশতঃ সেই গুলীয়ে প্রণৱৰ বুকু ভেদি যায় । তেনে সময়তে আৰু দুই জাঁই গুলী ফুটাই পুতুকণ কোঁৱৰ সেই স্থানৰ পৰা গাড়ীলৈ পলায়ন কৰে। লগে লগে প্রণৱক ঢলপুৰ গ্ৰাম্য চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে |
পাছত ঘটনাস্থলীত লখিমপুৰ আৰক্ষী উপস্থিত হৈ ৰঞ্জিত ৰাউত, কবিতা গগৈ ৰাউত, নৃপেন কোঁৱৰক লখিমপুৰ আৰক্ষীয়ে আটক কৰে।