ভূমিস্বত্ব
Dainik Janambhumi
August 23, 2024
ডিজিটেল ডেস্কঃ আমাৰ ৰাজ্যৰ খিলঞ্জীয়া লোকসকলৰ ভূমিৰ স্বত্ব ৰক্ষাৰ বাবে বুধবাৰে [২১ আগষ্ট, ২০২৪ চন] মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত ৰাজ্যিক কেবিনেটে যিকেইটা সিদ্ধান্ত গ্ৰহণ কৰিলে সেয়া কাৰ্যকৰী হ’লে বা ইয়াৰ বাবে যথোচিত আইন প্ৰণয়ন হ’লে ভূমিৰ অধিকাৰক লৈ উদ্ভৱ হোৱা খিলঞ্জীয়া মানুহৰ শংকা-অনিশ্চয়তা কিছু পৰিমাণে দূৰ হ’ব বুলি আশা কৰিব পাৰি৷ কেবিনেটৰ দুটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে পূৰ্বৰ গোপীনাথ বৰদলৈ আৰু বিষ্ণুৰাম মেধিৰ চৰকাৰে গঠন কৰা ট্ৰাইবেল বেল্ট আৰু ব্লকৰ দৰে নতুন কিছুমান মাইক্ৰ’ ট্ৰাইবেল বেল্ট-ব্লক গঠন কৰা আৰু আঢ়ৈশ বছৰ পুৰণি ৰাজ্যৰ ঐতিহাসিক ক্ষেত্ৰবোৰক ঐতিহ্য ক্ষেত্ৰৰূপে ঘোষণা কৰি ইয়াৰ প্ত কিঃমিঃ ব্যাসাৰ্ধৰ মাটি বিক্ৰীৰ ক্ষেত্ৰত কেতবোৰ কঠোৰ চৰ্ত আৰোপ কৰা৷
ইয়াৰে প্ৰথমটো সিদ্ধান্ত, অৰ্থাৎ মাইক্ৰ’ ট্ৰাইবেল বেল্ট-ব্লক গঠনৰ বাবে ৩ গৰাকী জ্যেষ্ঠ মন্ত্ৰীক লৈ এখন কেবিনেট কমিটী গঠন কৰি দিয়া হৈছে; যিখন কমিটীয়ে এই নতুন জনজাতীয় বেষ্টনীত অন্তৰ্ভুক্ত হ’বলগীয়া গাঁওবিলাক চিনাক্ত কৰিব৷ এই সিদ্ধান্তই সেইসকল জনজাতীয় লোকৰ ভূমি সুৰক্ষিত কৰিব যিসকলৰ গাঁওবিলাক সুদীৰ্ঘ দিন ধৰি সংৰক্ষণমুক্ত এলেকাত আছে আৰু সততে অজনজাতীয় লোকৰ আগ্ৰাসনত পৰাৰ শংকাত ভুগি আহিছে৷ অন্য খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ মাজত সমিলমিলেৰে বসবাস কৰি অহাটো বেলেগ কথা, এনে বহু জনজাতীয় গাঁও আছে যিবিলাকৰ চৌদিশে প্ৰব্ৰজিত মূলৰ লোকৰ বিশাল বসতি৷ এতিয়াৰ প্ৰস্তাৱিত নতুন ব্যৱস্থাই তেনেবোৰ গাঁও জনজাতিৰ হাতৰ পৰা হেৰুওৱাৰ শংকা দূৰ কৰিব৷
দ্বিতীয়টো সিদ্ধান্ত হৈছে ধম¹য় তথা ঐতিহাসিক স্থানৰ ভূমিৰ কিনা-বেচাৰ ক্ষেত্ৰত চৰ্ত আৰোপ৷ আঢ়ৈশ বছৰ নতুবা তাৰ পূৰ্বৰ উল্লিখিত সৌধ কিম্বা স্থানৰ প্ত কিঃমিঃ ব্যাসাৰ্ধৰ এলেকাত উক্ত অঞ্চলৰ পুৰণি বাসিন্দাৰ বাদে আনে মাটি ক্ৰয় কৰাৰ ক্ষেত্ৰত নতুন আইনৰ জৰিয়তে বাধা-নিষেধ আৰোপ কৰা হ’ব৷ উক্ত স্থানৰ মাটি কেৱল সেইসকলেহে ক্ৰয় কৰিব পাৰিব, যিসকল উল্লিখিত পাঁচ কিল’মিটাৰ ব্যাসাৰ্ধৰ ভিতৰৰ এলেকাত তিনি পুৰুষ ধৰি বসবাস কৰি আছে৷
তিনি পুৰুষৰ আনুমানিক হিচাপ কৰিবলৈ গ’লে সংশ্লিষ্ট এলেকাবোৰৰ কমেও এশ বছৰ পুৰণি বাসিন্দাসকলৰ মাজতহে সেই স্থানবোৰৰ মাটি কিনা-বেচা সম্ভৱ হ’ব৷ এই সম্পকীয় আইনখন কেনেদৰে যুগুত কৰা হয় বা কোনবোৰ স্থানক এই প্ৰস্তাৱৰ আওতাত পেলোৱা হয়, সেয়া সময়ত দেখিবলৈ পোৱা যাব, কিন্তু এইটো ঠিক যে এনেকুৱা এখন আইনৰ আওতাত পৰিলে কিছুমান অতি স্পৰ্শকাতৰ এলেকাৰ ভূমি সেই অঞ্চলৰ পুৰণি বাসিন্দাসকলৰ হাতত থাকি যাব৷ উদাহৰণ হিচাপে ধৰা হওক, যদি ধুবুৰী জিলাৰ ধুবুৰী চহৰৰ ঐতিহাসিক টেগবাহাদুৰৰ গুৰুদ্বাৰটো বা নেতাই-ধুবুনী ঘাট, পাঁচপীৰৰ দৰগাহ, সত্ৰশালৰ ৰামৰাই কুঠি, গৌৰীপুৰৰ ৰাজবাৰী, বগৰীবাৰীৰ মহামায়া থান বা পাণবাৰীৰ মিৰজুমলাৰ দিনৰ মছজিদটোক এই আইনৰ অধাৰত ঐতিহ্য ক্ষেত্ৰৰূপে ঘোষণা কৰা হয়, তেনহ’লে আপাততঃ সমগ্ৰ ধুবুৰী জিলাখনতেই পুৰণি বাসিন্দাসকলৰ অৱশিষ্ট ভূমি পুৰণি লোকসকলৰ পৰিয়ালৰ নিয়ন্ত্ৰণত থাকি যাব৷ বৰপেটা, বঙাইগাঁও, নগাঁও জিলাৰো খিলঞ্জীয়াৰ বহু স্পৰ্শকাতৰ ঠাই এই প্ৰস্তাৱিত আইনে সুৰক্ষিত কৰাৰ অৱকাশ থাকিব৷ চৰকাৰৰ এই কেবিনেট সিদ্ধান্ত এনে এটা সময়ত লোৱা হৈছে, যিসময়ত এগৰাকী কিশোৰী খেলুৱৈক মাৰোৱাৰী সম্প্ৰদায়ৰ কেইজনমান ব্যক্তিয়ে প্ৰহাৰ কৰা ঘটনাক কেন্দ্ৰ কৰি শিৱসাগৰত প্ৰবল গণক্ষোভৰ সৃষ্টি হৈছিল আৰু শিৱসাগৰীয়াই এই আন্দোলনটোত ভূমি খিলঞ্জীয়াৰ বাবে সংৰক্ষণৰ প্ৰবল দাবী উত্থাপন কৰিছিল৷
সেয়েহে ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তটো শিৱসাগৰবাসীৰ দাবীৰ প্ৰভাৱতে গ্ৰহণ কৰা বুলি বহুতে ধাৰণা কৰে৷ অৱশ্যে মুখ্যমন্ত্ৰীয়ে বৰদোৱা-বৰপেটাৰ ভূমিক ৰক্ষা কৰাৰ কথা বহু দিনৰ আগৰে পৰাই কৈ আহিছে, এইবাৰ ইয়াত সমগ্ৰ মাজুলী জিলাকো সাঙুৰিছে৷ সি যি নহওক ‘ঐতিহ্য ক্ষেত্ৰ’ৰ ভূমিৰ ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্ৰত আৰোপ কৰিবলৈ লোৱা চৰ্ত আইনৰ জৰিয়তে প্ৰযোজ্য হ’লে শিৱসাগৰ জিলাখনত বহিৰাগতৰ আগ্ৰাসন দূৰৈৰ, জিলাখনৰ বাহিৰৰ খিলঞ্জীয়া মানুহেই তাত মাটি কিনিব নোৱাৰিব৷ কাৰণ সমগ্ৰ শিৱসাগৰ জিলাখন ঐতিহাসিক সম্পদেৰে উপচি আছে৷
প্ৰতিটো সম্পদৰ পাঁচ কিল’মিটাৰ ব্যাসাৰ্ধৰ হিচাপ কৰিলে সমগ্ৰ জিলাখনেই সংৰক্ষিত জিলাৰ নিচিনা হৈ পৰিব, য’ত কেৱল শিৱসাগৰৰ মানুহৰ অধিকাৰ থাকিব৷ এনে হ’লে স্বাভাৱিকভাৱে মাটিৰ দামৰ ক্ষেত্ৰত প্ৰভাৱ পৰিব নেকি সেইটো লক্ষ্য কৰিবলগীয়া হ’ব৷ সেয়া যিয়েই নহওক এনেকুৱা ব্যৱস্থাৰে শিৱসাগৰৰ ভূমি জিলাখনৰ পুৰণি বাসিন্দাসকলৰ হাততে থকাটো নিশ্চিত হ’লে জনসাধাৰণে সেই ভূমিৰাশিৰ ব্যৱহাৰৰ দিশতো নতুন চিন্তা কৰিবলগীয়া হ’ব৷ অন্য কিছুমান ঠাইৰ দৰে শিৱসাগৰৰো খিলঞ্জীয়া মানুহৰ গৰিষ্ঠ অংশ এটা কৃষিকৰ্মৰ পৰা আঁতৰি আহিছে৷ শালি খেতিৰ বতৰতো আনকি বহু মাটি ছন পৰি থাকে৷
বাৰীবোৰো উদং৷ এনে অৱস্থাত খিলঞ্জীয়াৰ ভূমি খিলঞ্জীয়াৰ হাতত থাকিলেও লাভ নহ’ব৷ বহিৰাগতৰ দম্ভালি, আগ্ৰাসনৰ বিৰুদ্ধে ক্ষোভৰ বহিঃপ্ৰকাশ ঘটাই জিলাখন উত্তাল কৰি ৰখা আৰু নিজৰ ভূমিৰ সুৰক্ষাৰ বাবে সৰৱ হোৱা ৩০টাকৈ সংগঠনৰ নেতৃত্বৰ এইক্ষেত্ৰত দায়িত্ব থাকিব৷ সেই দায়িত্ব হ’ল সংৰক্ষিত হ’বলৈ আগবঢ়া শিৱসাগৰৰ কৃষিভূমিত কৰ্ম সংস্কৃতিৰ আন্দোলন এটা গঢ়ি তোলা৷
Share This