বজাৰৰ পৰা High Frequency মেচিন এটা কিনি আনি বিক্ৰেতাজনে শিকোৱা মতে কৰিলে কি ফল পাব ?
Dainik Janambhumi
November 11, 2024
বজাৰৰ পৰা High Frequency মেচিন এটা কিনি আনি বিক্ৰেতাজনে শিকোৱা মতে কৰিলে কি ফল পাব ? এনেকৈ ভালতকৈ বেয়াহে হোৱাৰ সম্ভাৱনা অধিক।
সৌন্দৰ্য জগতৰ এক যুগান্তকাৰী পদক্ষেপ হৈছে High frequencyৰ প্ৰয়োগ।শালমইনা, বহল হৈ যোৱা নোমছিদ্ৰ, মিহি ৰেখা, বয়সৰেখা (wrinkles), চুলি সৰা আদি নানা সমস্যা সমাধান কৰিব পৰা যায় এই প্ৰয়োগৰ জৰিয়তে। অৱশ্যে ইয়াক ক'ত, কেনেদৰে ব্যৱহাৰ কৰিব লাগে জনাটো প্ৰয়োজন।
১৮০০ চনত প্ৰথমবাৰৰ বাবে সেই সময়ৰ বিখ্যাত বৈজ্ঞানিক renowned scientist Nikola Tesla-এ এই প্ৰয়োগ কৰিছিল। তেওঁ ইয়াক বেঙুনীয়া ৰশ্মি (Violet Ray) নামকৰণ কৰিছিল। নানাধৰণৰ সংক্ৰমণ ৰোধ আৰু ভাল কৰিবলৈ, বিশেষকৈ strep throatৰ চিকিৎসাত ব্যৱহাৰ কৰা হৈছিল ইয়াক। ১৮৯২ চনত French biophysicist Jacques-Arsène d’Arsonval-এ ছাল আৰু mucous membranesৰ চিকিৎসাত High frequency বিশেষ প্ৰয়োগ কৰি বহুত সুফল লাভ কৰিছিল। সেই ১৮৯২ চন আৰু বৰ্তমানৰ ২০২৪ চনৰ সময়ছোৱাত বহুত পৰিৱৰ্তন আৰু উন্নতি হৈছে High frequencyৰ প্ৰয়োগত।
১৯৭০ চনত ইউৰোপৰ চেলুনবোৰে প্ৰথমে ইয়াৰ প্ৰয়োগ কৰিবলৈ লৈছিল। ১৯৯২ চনলৈ উত্তৰ আমেৰিকাৰ প্ৰায় সকলো চেলুনত ইয়াৰ বহুল প্ৰয়োগ কৰা হ’ল। ১৯৮২ চনত ভাৰতৰ বিখ্যাত সৌন্দৰ্য বিশেষজ্ঞ তথা গুৰু Shahnaz Hussain-এ তেওঁৰ ছাত্ৰ-ছাত্ৰীসকলক high frequency machine প্ৰয়োগ কৰিবলৈ শিকাবলৈ ল’লে। তেওঁৰ ছাত্ৰী ভানু শৰ্মা, মণিকা বোসক ১৯৮৪ চনত অসমৰ বিউটি পাৰ্লাৰত প্ৰয়োগ কৰিবলৈ ল'লে। ইয়াৰ পাছত ১৯৯৪ লৈ যোৰহাটৰ জিমা শৰ্মা আৰু শিৱসাগৰৰ কেইবাগৰাকীয়ে ইয়াক প্ৰয়োগ কৰিবলৈ ল’লে। ১৯৯৮ ছিগনেশ্বাৰ ইনষ্টিটিউটৰ (Signature Institute) সকলো ছাত্ৰ-ছাত্ৰীক এই লেখিকাই High Frequencyৰ শিক্ষা আৰু উন্নত প্ৰয়োগ শিকাই বহুল প্ৰসাৰ কৰিলে।
বৰ্তমান দেখাৰ দেখি উঠিল গা, কেতুৰীয়ে বোলে মোকো খাৰ দৰে প্ৰশিক্ষণ নোলোৱাকৈ বহুতে মেচিন কিনি প্ৰয়োগ কৰি ছাল-চুলি বেয়া কৰাৰ দৃশ্য দেখা আৰু শুনা গৈছে।
High frequency দুবিধ- neon or argon gas filled glass electrodeৰদ্বাৰা ছাল-চুলিত ব্যৱহাৰ কৰা হয়। Neon ৰঙা বা কমলা ৰঙৰ হয়, argon বেঙুনীয়া ৰঙৰ হয়। সচৰাচৰ বেঙুনীয়া ৰশ্মি শালমইনা, সংক্ৰমণ আদি ভাল কৰিবলৈ প্ৰয়োগ কৰা হয়। ছালৰ পৰা fine lines, wrinkles ভাল কৰিবলৈ প্ৰয়োগ কৰা হয়। দুয়োৰে ব্যৱহাৰ-বিধি সুকীয়া। দেখিবলৈ সহজ যদিও আচলতে জটিল। সেইবাবেই বেছি risk ল’ব নালাগে। বৈদ্যুতিক যন্ত্ৰ, গতিকে ভালদৰে শিক্ষা আৰু প্ৰশিক্ষণ লোৱা বিউটিচিয়ানৰদ্বাৰাহে কৰাব লাগে।
(আজিৰ লেখাটো পঢ়ি কেনে পালে জনাবচোন, ভাল লাগে feedback পালে। অইন কোনো প্ৰশ্ন থাকিলেও ৯৪৩৫০৪৬৫১৬ত ৱাটচএপ কৰি জনাব পাৰে।)
Share This