একুৰা সাহজুইৰ পোহৰ বিচাৰি... জিতুমণি বৰা
Kakali Deka
March 01, 2024
ডিজিটেল ডেস্ক: সকলো মৃত্যুৰে কাৰণ থাকে৷ কাৰণ অবিহনে পৃথিৱীত কোনো জীৱৰ মৃত্যু হোৱা নাই৷ বাৰ্ধক্যই ভৰ দিয়া সময়ত এজন ব্যক্তিৰ মৃত্যু স্বাভাৱিক৷ ইয়াত বাৰ্ধক্যই মৃত্যুৰ কাৰণ হৈ পৰে৷ তথাপি এই মানুহক দীঘলীয়া সময়ৰ বাবে পৃথিৱীখন চাবলৈ সুযোগ দিয়া হৈছিল৷ কিছুমান মৃত্যুৱে মানুহক জোকাৰি যায়৷ যি মানুহ অতি সংবেদনশীল, যি মানুহ অত্যন্ত অনুভূতিপ্ৰৱণ, তেনে লোকক যিকোনো মৃত্যুৰ খবৰে স্তম্ভিত কৰে৷ সেয়া লাগিলে ৯৯ বছৰত মৃত্যু হোৱা খুচৱন্ত সিঙেই হওক বা ১০১ বছৰত মৃত্যু হোৱা নিৰদ চি চৌধুৰীয়ে হওক৷ প্ৰতি মৃত্যুত অনুভূতিপ্ৰৱণ মানুহৰ অন্তৰে কান্দি উঠে৷ জীৱনক লৈ অতি ধনাত্মক হোৱা বাবেই ৰবীন্দ্ৰ নাথ ঠাকুৰে কৈছিল– ‘মরিতে চাহি না আমি সুন্দর ভুবনে/মানবের মাঝে আমি বাঁচিবার চাই৷’
জীৱনক লৈ বহু অসমীয়া লেখকে সময়ে সময়ে পৰীক্ষা-নিৰীক্ষা চলাই আহিছে৷ নলিনীবালা দেৱীৰ বাবেও জীৱন আৰু জগত দুয়োটাই আছিল বিস্ময়৷ ৯৯ বছৰ বয়সতো খুচৱন্ত সিঙে বাৰে বাৰে পৃথিৱীৰ প্ৰেমত পৰিব বিচাৰিছিল৷ আৰু অধিক দিন জীয়াই থকাৰ হাবিয়াস কৰিছিল৷ একেখন পৃথিৱীৰ একেই মানুহ হোৱা সত্ত্বেও এগৰাকী ১৮ অনূৰ্ধ্ব কিশোৰ ময়ূৰ গোস্বামীৰ জীয়াই থকাৰ হাবিয়াস হেৰাই গৈছিল৷ অথচ এই কিশোৰ অতি মেধাৱী হোৱাৰ লগতে সুদৰ্শনো আছিল৷ যিটোক ব্ৰেইন এণ্ড বিউটীৰ সমাহাৰ বুলি কোৱা হয়৷
এনেকুৱা মৃত্যুৱে জোকাৰি যায় একোখন সমাজক৷ আধুনিক সমাজত বহু মানুহ হেৰাই যায়৷ বহু মানুহ কেৱল নিজৰ প্ৰাপ্তিৰ লক্ষ্যত অহৰহ দৌৰি থাকে৷ ব্যক্তিগত পোৱা-নোপোৱাৰ হিচাপত ব্যস্ত থকা এনেকুৱা মানুহে কাষতে থকাজনৰ খবৰ ল’বলৈকো আহৰি নাপায়৷ নিজক প্ৰতিষ্ঠা কৰা আৰু প্ৰাপ্তিৰ বাবে যুঁজ দিয়া মানুহ এসময়ত অকলশৰীয়া হৈ পৰাৰ বহু উদাহৰণ দুহাতৰ আঙুলিত গণিও শেষ কৰিব নোৱাৰি৷ আমি প্ৰত্যেকেই অকলশৰীয়া আৰু নিঃসংগ বুলি কোৱা হয়, আচলতে জীৱনক সজাব জানিলে এই নিঃসংগতায়ো সুখৰ ৰামধেনু আঁকি দিয়ে৷ ইয়াৰ বাবে লাগে প্ৰবল আত্মবিশ্বাস৷ আত্মবিশ্বাস অবিহনে পৃথিৱীত কোনো বৃহৎ কামো সম্ভৱ হৈ উঠা নাই৷
কেৱল বৃহৎ কামেই নে? আনৰ দৃষ্টিত তেনেই সাধাৰণ আৰু গুৰুত্বহীন বুলি ভবা কাম আপোনাৰ-মোৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু অসাধাৰণ হ’ব পাৰে৷ প্ৰতিটো কামেই অসাধাৰণ আৰু গুৰুত্বপূৰ্ণ বুলি গ্ৰহণ কৰিব জানিলে সময়ত সফলতা আহে বুলি কয়৷ আমাৰ সমাজত একোজন ৰাজমিস্ত্ৰী, চাইকেল মেৰামতি কৰা লোক, পদপথত চাহ, ফুলৰি বিক্ৰী কৰা অজস্ৰ লোকৰ মাজত কেইজনমানহে অতি সফল হৈ দেখুওৱাৰ উদাহৰণ আছে৷ তেনেহ’লে দেশৰ ভিতৰতে মেট্ৰিকত পঞ্চম স্থান লৈ উত্তীৰ্ণ হোৱা ময়ূৰ গোস্বামীয়ে আত্মহত্যা কৰিলে কিয়? এজন ১৭ ঊৰ্ধ্ব তথা ১৮ অনূৰ্ধ্ব কিশোৰৰ মনলৈ কেতিয়া জীৱন সম্পৰ্কত বিৰাগ উপজিব পাৰে? কেতিয়া ইমান সুন্দৰ পৃথিৱীখনে তেওঁৰ বাবে হতাশা কঢ়িয়াই আনিছিল? –এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰিবই লাগিব৷ সম্প্ৰতি মানুহ গঢ়াৰ একমাত্ৰ কমাৰশাল হিচাপে নামি-দামী বিদ্যালয় তথা শিক্ষানুষ্ঠানসমূহকে বহুতে স্বীকৃতি দিব খোজে৷ শাসনত থকাসকলেও সভাই-সমিতিয়ে এনেকুৱা বিদ্যালয়েহে ডাক্তৰ, ইঞ্জিনীয়াৰৰ জন্ম দিব পাৰে বুলি কৈ আহিছে৷ আনকি মন্ত্ৰীয়েও গৌৰৱেৰে তেওঁৰ সন্তানক এনেকুৱা শিক্ষানুষ্ঠানত পঢ়ুৱাইছে বুলি কয়৷ কাৰণ এই বিদ্যালয়ে এজন শিশুক সফল কৰি তুলিব পাৰে হেনো! এওঁলোকৰ বাবে এই সফলতাৰ সংজ্ঞা এজন চিকিৎসক বা অভিযন্তা হোৱা৷
জীৱনত কেৱল ডাক্তৰ, ইঞ্জিনীয়াৰ হোৱাটোৱে কোনো শিশুৰ উদ্দেশ্য হ’ব লাগে নেকি? আচলতে শিশুমনত ডাক্তৰ, ইঞ্জিনীয়াৰ সম্পৰ্কত কোনো ধাৰণাই নাথাকে৷ অভিভাৱকৰ নিজৰ এই সপোন বলপূৰ্বকভাৱে সন্তানৰ মন আৰু মগজুত ৰোপণ কৰা হয়৷ সন্তানক ডাক্তৰ, ইঞ্জিনীয়াৰ কৰি সমাজসেৱা কৰাৰ মানসিকতা গৰিষ্ঠসংখ্যক অভিভাৱকৰে নাই বা নাথাকে৷ ডাক্তৰ, ইঞ্জিনীয়াৰক এই অভিভাৱকে টকা উপাৰ্জন কৰাৰ যন্ত্ৰ হিচাপে গণ্য কৰে৷ ইয়াৰ বাবে কিন্তু অভিভাৱকৰ দোষ নাই৷ আমাৰ শিক্ষা ব্যৱস্থা ইমানেই দুৰ্বল যে গণিত, ৰসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞান আদিৰ দৰে অতি জটিল বিষয়ত প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰা বহু যুৱক-যুৱতী আজীৱন নিবনুৱা হৈ পাৰ কৰিবলগীয়া হৈছে৷ সংস্থাপনৰ কোনো ধৰণৰ বাট এওঁলোকক চৰকাৰে দিব পৰা নাই৷ এনেকুৱা শিক্ষিত দুই-একে টিউচন কৰিছে, কিছুসংখ্যকে প্ৰাথমিক, মাধ্যমিক বিদ্যালয়ৰ শিক্ষকৰ চাকৰিৰ বাবে টেট পৰীক্ষা দিছে৷ শিক্ষিত নিবনুৱাৰ এই অসহায় অৱস্থা দেখা কোন অভিভাৱকে বাৰু সন্তানক ডাক্তৰ, ইঞ্জিনীয়াৰৰ পৰিৱৰ্তে অংক, ৰসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লৈ নিবনুৱা হৈ বহি থকাটো বিচাৰিব?
মেট্ৰিকত স্থানপ্ৰাপ্তসকলক যেতিয়া সাংবাদিকে ভৱিষ্যতৰ লক্ষ্য সম্পৰ্কে প্ৰশ্ন কৰে, তেতিয়া ৯০ শতাংশৰ অধিকে চিকিৎসক নতুবা অভিযন্তা হোৱাৰ কথাই কয়৷ আমাক চিকিৎসকো লাগিব, অভিযন্তাও লাগিব৷ কিন্তু আমাক ততোধিক প্ৰয়োজন এজন যাদৱ পায়েঙৰ৷ যি কাম বন বিভাগৰ উচ্ছ ডিগ্ৰী লৈ কৰ্মৰত চৰকাৰী কৰ্মচাৰীয়ে স্বাধীনতাৰ পৰৱৰ্তী ৭৭ বছৰত কৰি দেখুৱাব নোৱাৰিলে, সেই অসাধাৰণ কাম সমাজৰ প্ৰতি দায়িত্বশীল এজন সাধাৰণ মানুহে কৰি দেখুৱালে৷
পৃথিৱীত বাচি থাকিবলৈ বৃক্ষৰ প্ৰয়োজন, পৃথিৱীৰ জীৱ-জগতৰ বাবে প্ৰয়োজন অক্সিজেনৰ৷ কিছু পৰিমাণে এই অক্সিজেনৰ ভাণ্ডাৰ সৃষ্টি কৰিছে এজন তেনেই সাধাৰণ মানুহে৷ যিজন মানুহে ইয়াৰ বাবে বিশ্বৰ নামি-দামী কোনো বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিবলগা হোৱা নাছিল৷ সেই মানুহজনৰ সামাজিক দায়বদ্ধতাত এখন অভয়াৰণ্য সৃষ্টি হ’ল৷ যিখন অভয়াৰণ্য এতিয়া বাঘ, হাতী, গঁড়, পহু, বিভিন্ন প্ৰজাতিৰ সৰীসৃপ, পক্ষী, পখিলাৰ আৱাসস্থল৷ কিন্তু মেট্ৰিক উত্তীৰ্ণ কোনো ছাত্ৰ-ছাত্ৰীয়ে ভৱিষ্যতে এজন যাদৱ পায়েং হোৱাৰ সপোন আছে বুলি এইপৰ্যন্ত কোৱা শুনা নাই৷ অথচ ভৱিষ্যতৰ মানুহ আৰু পৃথিৱীক প্ৰয়োজন হ’ব একাধিক যাদৱ পায়েঙৰ৷ যাদৱ পায়েং আন্তৰ্জাতিকভাৱে সমাদৃত হোৱাৰ পাছতো আমাৰ নতুন প্ৰজন্মৰ বাবে আদৰ্শ হৈ উঠিব পৰা নাই নেকি? ময়ূৰ গোস্বামীৰ দৰে মেধা প্ৰজন্মৰ সন্মুখত আমি যাদৱ পায়েঙক এক আদৰ্শ হিচাপে তুলি ধৰিব নোৱৰাটো আমাৰ সমাজ ব্যৱস্থাৰে কেৰোণ৷ ময়ূৰ গোস্বামীৰ দৰে মেধাৰ সন্মুখত কেৱল চিকিৎসক, অভিযন্তা বা সেই ধৰণৰ সপোন দেখুৱাই থকাটো সমাজৰে এটা ৰূপ৷
জীৱনৰ বাস্তৱতাক বুজিবলৈ শিশু অৱস্থাৰ পৰাই অভিভাৱক সজাগ হ’ব লাগে৷ জীৱনৰ বিভিন্ন সংগ্ৰাম কিদৰে মোকাবিলা কৰিব, কিদৰে জীৱনৰ পৰীক্ষাত উত্তীৰ্ণ হ’ব পাৰি, সেই পাঠ অভিভাৱকেই সন্তানক দিব লাগিব৷ এই ক্ষেত্ৰত প্ৰতিযোগিতাৰ দৌৰত নমোৱা শিক্ষানুষ্ঠানবোৰে ছাত্ৰ-ছাত্ৰীক প্ৰচুৰ মানসিক শক্তিৰ অধিকাৰী কিদৰে হ’ব পাৰি, তাৰ পাঠ নিয়মীয়াকৈ দিয়াটো বাধ্যতামূলক হ’ব লাগে৷ জীৱনটো অকল ধন ঘটাৰ এটা যন্ত্ৰ নহয়৷ জীয়াই থাকিবলৈ ধনৰ প্ৰয়োজন আছে৷ কিন্তু সমাজত আমি দেখি থকা বহু ধনৱান মানুহৰ মানসিক সুখ নাই৷ তেওঁলোকে মুখ খুলি হাঁহিবলৈ পাহৰি গৈছে৷ ধন খৰচ কৰিবলৈ তেওঁলোকে অজুহাত বিচাৰে৷ কিন্তু সমস্ত ধন ব্যয় কৰিও তেওঁলোকে সুখৰ এখন ৰামধেনু আঁকিব নোৱাৰে৷ আঁকিবলৈ লৈয়ো বাৰে বাৰে ব্যৰ্থ হৈছে বহু ধনৱান মানুহ৷ এনেকুৱা মানুহৰেই ভৰি পৰিছে এতিয়া বহু ঘৰ৷ য’ত মানুহ আছে, ধন আছে, সম্পদ আছে, নাই মন খোলা এটা হাঁহি৷ নাই ঈশ্বৰক বিনা স্বাৰ্থত স্মৰণ কৰা মুহূৰ্ত৷
দেশ-বিদেশৰ এই পৰিৱেশে এতিয়া গুৱাহাটী তথা অসম চুইছে৷ অকল যে ময়ূৰ গোস্বামীৰে জীৱন আৰু ভৱিষ্যতক লৈ তিক্ততা আহিছিল, এনে নহয়৷ বহু প্ৰাপ্ত বয়স্ক পুৰুষ-মহিলাৰ জীৱনলৈকো তিক্ততা আহিছে, যি তিক্ততাই সন্মুখৰ জগতখন অন্ধকাৰ কৰি পেলায়৷ জীৱনক লৈ বিতৃষ্ণা ওপজে৷ খোজ দিবলৈ বাট বিচাৰি নাপায়৷ ডিঙি চেপি ধৰাৰ দৰে এক অসহায় পৰিস্থিতিৰ মুখামুখি হ’বলগীয়া হয়৷ সেই সময়তে প্ৰয়োজন এখন হাতৰ৷ যিখন হাতে তেওঁক মূৰত আলফুলে বুলাই দি বুকুলৈ টানি আনি ক’ব পাৰে– ‘মই আছো নহয়, চিন্তা কৰিবলগীয়া একো নাই৷ কি হয়, দেখা যাব৷’এই ধৰণে সাহস দিব পৰা কোনোবা এগৰাকী যদি ময়ূৰ গোস্বামীৰ ওচৰত থাকিলেহেঁতেন, তেনেহ’লে এজন মেধাৱী কিশোৰে নিজকে হত্যা কৰাৰ কথা কেতিয়াও মনলৈ নানিলেহেঁতেন! সেইকুৰা সাহজুই ময়ূৰৰ ককাক, আইতাক, অভিভাৱক, বন্ধু-বান্ধৱী যিকোনো হ’ব পাৰে৷ আকালৰ ভাত আৰু দুখৰ দিনৰ মাতৰ মূল্য একেই৷
চ্ছ ফেব্ৰুৱাৰী, ২০২৪ত অসম বিধানসভাৰ মজিয়াত চৰকাৰে দিয়া তথ্যই প্ৰতিগৰাকী সচেতন লোকক উদ্বিগ্ন কৰি তুলিব৷ সদনৰ মজিয়াত চৰকাৰৰ তথ্য অনুসৰি আৰ্থিক আৰু মানসিক উদ্বিগ্নতাত ভুগি ২০২৩ত অসমত ৯১২গৰাকী মানুহে আত্মহত্যা কৰিছে৷ এয়া সৰু কথা নহয়, অত্যন্ত চিন্তনীয়৷ এই যে ৯১২গৰাকীয়ে আত্মহত্যা কৰিছে, সেইসকলৰ ভিতৰত ৮৬০গৰাকীয়ে যুৱক-যুৱতী৷
৯৯ বছৰ বয়সত জীয়াই থকাৰ প্ৰৱল ইচ্ছা শক্তি জাগ্ৰত হোৱাৰ সমানে এখন নতুন গ্ৰন্থ লিখাৰ সপোন দেখা খুচৱন্ত সিঙৰ জীৱনমুখী মানসিকতাৰ বিপৰীতে অসমৰ দৰে এখন ৰাজ্যত এবছৰতে ৮৬০গৰাকী তৰুণ-তৰুণীয়ে জীৱনক বিদায় দি আত্মহত্যা কৰিলে৷ ইয়াৰ বাবে দায়ী কিন্তু অভিভাৱক আৰু সমাজখনেই৷ অভিভাৱক আৰু সমাজখনে এইসকল তৰুণ-তৰুণীৰ জীৱনলৈ অহা আৰ্থিক আৰু মানসিক চাপৰ সামান্য অংশ এটা লোৱা হ’লে ইমানবোৰ আত্মহত্যা অসমত সংঘটিত নহ’লহেঁতেন! ২০২৩ বৰ্ষত অসমৰ এইসকল যুৱক-যুৱতীয়ে নিজৰ প্ৰতিয়ে বিতৃষ্ণা প্ৰকাশ কৰি জীৱনটোক ধিক্কাৰ দি নিজকে হত্যা কৰাৰ পূৰ্বে এবাৰো যদি চিন্তা কৰি চোৱাৰ অৱকাশ পালেহেঁতেন– জীৱন মানে সংগ্ৰাম আৰু সংঘৰ্ষৰ সমাহাৰ বুলি৷ পৃথিৱীৰ কোনো মানুহ সংঘৰ্ষ আৰু সংগ্ৰাম অবিহনে নিজৰ লক্ষ্যত উপনীত হ’ব পৰা নাই৷ মানুহৰ জীৱনলৈ অহা হতাশা, অন্ধকাৰ স্থায়ী নহয়৷ এই হতাশা, অন্ধকাৰে এটা সময়ত জীৱনক পোহৰাই তোলাটো নিশ্চিত৷ ইয়াৰ বাবে লাগিব কেৱল চেষ্টা৷ যি মুহূৰ্তত অসমৰ ৮৬০গৰাকী তৰুণ-তৰুণীয়ে আত্মহত্যাৰে সন্মুখৰ প্ৰত্যাহ৩ানৰ পৰা মুক্তি বিচাৰিছিল, সেই মুহূৰ্তত তেওঁলোকক সাহস দিয়া এখনো হাত নোপোৱাটো এক সামাজিক দুৰ্ভাগ্য৷ এই দুৰ্ভাগ্য আমিয়ে সৃষ্টি কৰিছোঁ৷ আমাৰ সমাজখনেও জীৱন আৰু সফলতাক লৈ এনেকুৱা এটা সংজ্ঞা সৃষ্টি কৰিছে, যি সংজ্ঞাই এইসকল তৰুণ-তৰুণীক জীয়াই থকাৰ বাট ৰুদ্ধ কৰিলে৷
বহু লোকে আত্মহত্যাৰ বাবে আধুনিকতা আৰু তৰুণ প্ৰজন্মকে দোষাৰোপ কৰে৷ কিন্তু আমিওটো এইখন সমাজৰে অংশীদাৰ৷ আমি কেতিয়াবা সন্তানক নিজৰ মতে অধ্যয়ন আৰু ভৱিষ্যৎ সম্পৰ্কত সিদ্ধান্ত ল’বলৈ এৰি দিওঁনে? আধুনিক প্ৰজন্মৰ বহু অভিভাৱকে যিদৰে সন্তানক যন্ত্ৰবৎ জীৱন উপহাৰ দিছে, সেইদৰে কিছুসংখ্যক অভিভাৱকে সন্তানক নিজৰ ৰুচিমতে ভৱিষ্যৎ গঢ়িবলৈকো এৰি দিছে৷ তাৰ মাজতো আধুনিকতা আৰু ম’বাইল ফোনৰ জগতখনে শিশুক পৰিয়াল, আত্মীয়স্বজন আৰু সমাজৰ পৰা বহু দূৰলৈ আঁতৰাই নিছে৷ ক’ব নোৱৰাকৈয়ে নিঃসংগতা আৰু একাকীত্বই গ্ৰাস কৰিছে এইসকলক৷ কোলাহলৰ পৰা আঁতৰি নিঃসংগতাক আঁকোৱালি লোৱা লেখক, কবি, শিল্পীয়ে কিন্তু জীৱনক ভালপায়৷ আত্মবিশ্বাস আৰু ধনাত্মক চিন্তা অবিহনে যিকোনো লোকক হতাশাই খুলি খুলি খায়৷ কোনো মুহূৰ্ততে নিজক ভাগি পৰিবলৈ নিদিয়াকৈ ৰাখিবলৈ হ’লে যিকোনো এটা ধনাত্মক কাম আৰু চিন্তাৰ সৈতে সংপৃক্ত হৈ থাকিব লাগিব৷ শিশু, কিশোৰ আৰু তৰুণ প্ৰজন্মক এই ক্ষেত্ৰত প্ৰতি মুহূৰ্তত অভিভাৱকে সাহস নিদিলে এই বৰ্ষত অসমত আত্মহত্যা কৰা তৰুণ-তৰুণীৰ সংখ্যাই হেজাৰৰ ঘৰ অতিক্ৰম কৰিলেও আচৰিত হ’বলগীয়া নাই৷
Share This