লামডিং ৰে'লৱে জংছনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি জব্দ

Kakali Deka September 02, 2025

ডিজিটেল ডেস্কঃ লামডিং ৰে'লৱে জংছনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি জব্দ কৰা হৈছে।

সোমবাৰে সন্ধিয়া গোপন সূত্ৰৰ পম খেদি ৰে’ল আৰক্ষীয়ে অভিযান চলায়। এই অভিযানত ১৫৯০৯ Down অৱধ অসম এক্সপ্ৰেছৰ পাৰ্চেল দবাৰ পৰা প্ৰায় ১৪০০ কিল'গ্ৰাম বাৰ্মিজ চুপাৰি জব্দ কৰে আৰক্ষীয়ে।

২০টা বেগত পেক কৰা এই চুপাৰিখিনি ডিমাপুৰৰ পৰা গুৱাহাটী অভিমুখী আছিল।

জব্দ কৰা চুপাৰিৰ বজাৰ মূল্য প্ৰায় তিনি লাখ টকাৰো অধিক হ’ব বুলি অনুমান কৰা হৈছে।

যদিও এই ঘটনাত কোনো ব্যক্তিক আটক কৰিবলৈ সক্ষম হোৱা নাই, ৰে’ল আৰক্ষীয়ে ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে।

Share This