মা কামাখ্যাক লৈ অশ্লীল মন্তব্য কৰা ৱাজাহাদ খানৰ সন্ধানত পশ্চিম বংগলৈ ৰাওনা অসম আৰক্ষী

Kakali Deka June 04, 2025

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীৰ নীলাচল পাহাৰত অৱস্থিত হিন্দু ধৰ্মৰ এক প্ৰাচীন মন্দিৰ হৈছে কামাখ্যা মন্দিৰ। দেশৰ মুঠ ৫১খন দেৱীপীঠৰ মাজৰ অন্যতম গুৰুত্বপূৰ্ণ পীঠ এই কামাখ্যা মন্দিৰ । কামাখ্যা দেৱীৰ এই মন্দিৰ অসমৰ সবাতোকৈ প্ৰসিদ্ধ আৰু জাগ্ৰত মন্দিৰ । অতি প্ৰাচীন কালৰে পৰাই অসমৰ ইতিহাসত কামাখ্যা মন্দিৰে অতিশয় গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰি আহিছে ।

মা কামাখ্যাৰ আশীৰ্বাদ ল'বলৈ বহু দূৰ-দূৰণিৰ পৰা ভক্ত আহে। দেশৰ ভিন্ন ক্ষেত্ৰৰ তাৰকাৰ লগতে বিদেশৰ পৰাও মা কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ আহে ভক্তগণ।

মা কামাখ্যা মন্দিৰ অসমৰ গৌৰৱ, অসমৰ ঐতিহ্য। এই মা কামাখ্যাক লৈ অশ্লীল মন্তব্য কৰিবলৈ মৰসাহ কৰিলে পশ্চিম বংগৰ এজন লোকে। লোকজনৰ নাম ৱাজাহাদ খান।

ৱাজাহাদ খানৰ সন্ধানত পশ্চিম বংগলৈ ৰাওনা অসম আৰক্ষীৰ দল।

মা কামাখ্যাক লৈ অশালীন মন্তব্য কৰা পশ্চিম বংগৰ ৱাজাহাদ খানৰ সন্ধানত পশ্চিম বংগলৈ গৈছে অসম আৰক্ষীৰ তিনিজনীয়া দলটো।

বিতৰ্কিত ব্যক্তিগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ অসম আৰক্ষীক নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

 

উৎস প্ৰাগ নিউজ ডিজিটেল

Share This