মধুমিতাৰ একলম,ছালখনৰ যত্ন কেনেকৈ ল'ব....?

DainikJanambhumi September 22, 2024

ডিজিটেল ডেস্কঃ ড০ মধুমিতা শইকীয়া, সৌন্দৰ্য শিক্ষাবিদ

 

 

আজিকালি কিয় ছালখন বেছি সোনকালেই বেয়া হৈ যায়। ভাল খোৱা যায়, ভাল লগোৱা যায় সকলো ঠিকেই থাকে, তথাপি ছালখনে যেন ভাল হোৱাৰ নাম নলয় । দিনে দিনে ম্লান পৰা ছাল, চকুৰ তলৰ ক'লা, কপালত ক'লা চামনি পৰি আহিছে। বয়সতো সিমান হোৱা নাই যিমান দেখায়। ফেচিয়েল কৰাৰ পিছত দুদিনমান অলপ ফৰকাল হৈ আকৌ এন্ধাৰে যেন ছানি ধৰে। বহুতে এই সময়তে give up কৰে, 'বুঢ়া হ’লোঁ আৰু' বুলি নিজৰ যত্ন ল’ব এৰি দিয়ে। 

দৰাচলতে এই ক্ষেত্ৰত আপোনাৰ দোষ নাই। দোষ প্লাষ্টিকেৰে গ্ৰাস হ’ব ধৰা পৃথিৱীৰ বাতাৱৰণ। কেতিয়াবা ভাবোঁ, বৈজ্ঞানিকসকলে প্লাষ্টিক নামৰ এই ৰাক্ষসটোক কে’লৈ জন্ম দিলে? নহ'লেও নহয়, হ'লেও এই অবস্থা যে জল- বায়ু - মাটি - আকাশ সকলো নষ্ট হ’ব ধৰিছে। যাৰ বাবে অক্সিজেনভাগ ধ্বংস হ’ব ধৰিছে। বিশুদ্ধ বতাহ নেপাই ছালখনত অক্সিজেনৰ অভাৱ ঘটে যাৰ বাবে ছালৰ কোষবোৰ শুকাই মৰহি যায়। অক্সিজেনৰ অভাৱত নতুন কোষৰ জন্ম নহয় , ফলত ছালখন শুকান , ৰুক্ষ, খহতা হৈ পৰে। মিহি মিহি কৈ বলি ৰেখা বা fine lines, wrinkles পৰিব ধৰে। চকুৰ তল ক'লা পৰি যায় । লাহে লাহে গালত দাগ পৰিব ধৰে। ৰাতিপুৱাৰ সতেজ মুখৰ ছালখন আবেলিলৈ থৰ মৰুভূমি যেন হয়। এই সময়ত ভাল অনুষ্ঠান এটা আহিলে মনত দুখ লাগি যায়। যিয়ে যি কয় তাকে লগাই চেষ্টা চলাই কিন্তু সেই একেই। 

যিকোনো সমস্যা সমাধান কৰিবলৈ সমস্যাৰ মূল কাৰণ জানিব লাগে। আমি যিহেতু বুজিলোঁ যে অক্সিজেনৰ অভাৱত এনে হৈছে সেয়ে প্ৰতিকাৰো তেনে হব লাগে। ইয়াৰ বাবে অক্সিজেন থেৰাপী কৰাব লাগে। ফেচিয়েল কীটেৰে কৰা অক্সিজেন ফেচিয়েলৰ কথা নাই কোৱা। Full fledged Oxygen Therapy.. এই থেৰাপী কৰি ছালৰ ওপৰ ভাগত অক্সিজেনৰ প্ৰবাহ বঢ়াই দিয়া হয়। তেজৰ সঞ্চালন বাঢ়ে। তেতিয়া টিছুবোৰ জাগ্ৰত হৈ পৰে। কলাজেনৰ উৎপাদন আৰম্ভ হয়। কোষবোৰ সক্ৰিয় হৈ পুনৰ regenerate হ’ব ধৰে। ছালখনে যেন পুনৰ প্ৰাণ পাই উঠিছে, তেনেদৰে উজ্জ্বল, কোমল মসৃণ হৈ পৰে। কেইবাৰমান কৰিলে ছালৰ দাগবোৰ আঁতৰি গাভৰুৰ ছাল যেন হয়। বিয়াৰ আগতে, বিয়াৰ সময়ত আৰু কোনো পাৰ্টি আদিৰ আগতে কৰিলে ছালখন উজলি উঠে। মেকআপৰ প্ৰয়োজন নহ

য়। 

 

Share This