ডিজিটেল ডেস্ক : 'মোৰ ল'ৰাটোক যিসকলে লাঠীৰে খেদি খেদি মাৰিছিল, সেইসকলক চৰকাৰ-প্রশাসনে কঠোৰ শাস্তি দিয়ক। মোৰ ল'ৰাটোৱে এনেকুৱা কি দোষ কৰিছিল? মোৰ ল'ৰাটো চোৰ আছিল নে ডকাইত আছিল, তাক লাঠী লৈ খেদিবলৈ। মই অতি কষ্টৰে জীয়াই আছোঁ। মোৰ একমাত্ৰ ল'ৰা সি। মই তিলক দলে আৰু মিন্টু দলে, এই ল'ৰাকেইটাৰ নাম আছে বুলি শুনিছোঁ।
আচলতে তিলক দলে এটা ল'ৰা নহয়, সি প্রাপ্তবয়স্ক লোক। সি কিয় লাঠী লৈ মাৰিবলৈ উচটনি দিলে। তাৰ নিজৰ ল'ৰা-ছোৱালী নাই নেকি? সি ভাবিছিল নে নাই যে মাধুৰ্যৰো মাক আছে। মাধুৰ্যৰ মাক-বাপেকে কিমান কষ্ট পাব। সিহঁতে ভাবিছিল নে? তিলক দলেক মই অভিশাপ দিছোঁ।' এই মন্তব্য নিগৃহীত সাংবাদিক মাধুর্য শইকীয়াৰ মাতৃ ডালিমী শইকীয়াৰ। মাধুর্য শইকীয়াৰ আক্ৰমণৰ ঘটনা আৰু ৰাজ্যত সাংবাদিক নিগ্ৰহৰ ঘটনাৰ বিৰুদ্ধে আজি ধেমাজি সদৰত প্রাগ সতীর্থ সহায় ন্যাসৰ উদ্যোগত আৰু জাতীয়-জনগোষ্ঠীয় দল-সংগঠনৰ সহযোগত প্রতিবাদী অৱস্থান কাৰ্যসূচীত অংশগ্ৰহণ কৰি এইদৰে মাধুৰ্যৰ মাতৃয়ে আৱেগিক মন্তব্য কৰে।