'ফে'চবুক লাইভ'ত মুখ্যমন্ত্রীয়ে ক'লে, ১০ মার্চ গুৰুত্বপূৰ্ণ দিন হ'ব অসমবাসীৰ বাবে

dainik janambhumi February 22, 2026

ডিজিটেল ডেস্ক: ১০ মাৰ্চৰ দিনটো অসমবাসীৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। সেইদিনা ৰাজ্যৰ ৪০ লাখ মহিলাই বেংক একাউণ্টযোগে অৰুণোদয় আঁচনিৰ ৯ হাজাৰ টকাকৈ লাভ কৰিব। আনহাতে, ১০ মাৰ্চৰ গধূলি চানমাৰি আৰু নুনমাটি-গুৱাহাটী ক্লাবৰ মাজৰ উৰণীয়া সেতুখন উদ্বোধন কৰা হ'ব। 

কালি ফে'চবুক লাইভযোগে এই কথা প্রকাশ কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই। অহা মাহত মুকলি কৰিব লগীয়া কেইবাটাও প্ৰকল্পৰ কথা ব্যক্ত কৰি তেওঁ কয়, '১১ মাৰ্চত ডিফু আৰু যোৰহাটত নিৰ্মাণ কৰা উৰণীয়া সেতু দুখন উদ্বোধন কৰা হ'ব। একেদিনাই যোৰহাট জে'লত নিৰ্মাণ কৰা উদ্যানখনো ৰাইজৰ বাবে মুকলি কৰা হ'ব। 

উল্লেখযোগ্য যে আজিৰ পৰা সাধাৰণ যাত্ৰীৰ বাবে মুকলি হ'ব গুৱাহাটী বিমান বন্দৰৰ নৱনিৰ্মিত টার্মিনেল। টার্মিনেল মুকলিৰ পূৰ্বে কালি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই ফে'চবুক লাইভযোগে ৰাইজক দেখুৱালে নতুন টার্মিনেলৰ ভিতৰচ'ৰা। ফে'চবুক লাইভত মুখ্যমন্ত্রীয়ে কয় যে কাইলৈ এখন বিমানেৰে বিমান বন্দৰটো আনুষ্ঠানিকভাৱে যাত্ৰীৰ বাবে মুকলি কৰা হ'ব। পর্যায়ক্রমে এখন এখনকৈ নতুন বিমান ইয়াত সংযোজিত হ'ব। এপ্রিল মাহৰ প্ৰথম সপ্তাহত পুৰণা টার্মিনেলটো বন্ধ হৈ যাব আৰু সম্পূৰ্ণৰূপে এই নতুন বিমান বন্দৰ কাৰ্যকৰী হ'ব। 

যোৱা ২০ ডিচেম্বৰত প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীৰ লোকপ্রিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ শুভ উদ্বোধন কৰিছিল আৰু আজিৰ পৰা ই শুভ কাৰ্যক্ষম হ'ব বুলি সদৰী কৰি মুখ্যমন্ত্রীয়ে লগতে বিমান বন্দৰৰ টার্মিনেলৰ প্ৰৱেশ স্থানৰ লগতে ভিতৰভাগ অসমৰ জাতীয় ফুল কপৌফুল আৰু স্থানীয় বাঁহেৰে নিৰ্মাণ কৰা দৃশ্য দেখুৱায়। ইয়াত স্থানীয়ভাৱে উপলব্ধ প্রায় ১৪০ মেট্রিকটন বাঁহ ব্যৱহাৰ কৰা হৈছে। আজি প্রথম আকাশা বিমান ইয়াৰ পৰা চলিব বুলি জানিবলৈ দি তেওঁ লগতে যাত্রীসকলে ক'ত, কেনেদৰে প্ৰৱেশ কৰিব, ক'ত অপেক্ষা কৰিব আৰু বিমান বন্দৰটো কিমান আহল-বহল সেই সামগ্রিক দৃশ্য দেখুৱায়। তেওঁ কয়, 'এই বিমান বন্দৰত বছৰত ১ কোটি ৩০ লাখ যাত্ৰী অহা-যোৱা কৰিব পৰাৰ ব্যৱস্থা আছে। যেতিয়া যাত্ৰীৰ সংখ্যাই ৯০ লাখ স্পৰ্শ কৰিব তেতিয়া বিমান বন্দৰটোৰ দুয়োফালে আৰু দুটা টার্মিনেল বনাবৰ বাবে ইতিমধ্যেই প্ৰাৰম্ভিক প্রস্তুতিও সম্পূর্ণ হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে ভিতৰত কিদৰে কটকটীয়া সুৰক্ষা ব্যৱস্থা কৰা হৈছে তাকো দেখুৱায়। চি আই এছ এফে নিৰাপত্তা ব্যৱস্থাৰ দায়িত্ব লৈছে বুলি কৈ যাত্রীসকলে ইয়াত কোনোধৰণৰ কষ্ট নাপাই বুলি কোৱাৰ লগতে গুৱাহাটীত প্ৰৱেশ কৰিয়েই সকলোৱে যাতে অসমক এখন প্রাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ৰাজ্য বুলি জানিব পাৰে, অনুভৱ কৰিব পাৰে সেইটো অনুভৱ দিবলৈ চেষ্টা কৰা হৈছে বুলি অৱগত কৰে। 

ইফালে তেওঁ কোকৰাঝাৰ আৰু বৰাক উপত্যকাৰ লোকৰ বাবেও দিলে ভাল খবৰ। সেই অনুসৰি ১৩ মাৰ্চৰ দিনা প্ৰধানমন্ত্ৰীগৰাকী কোকৰাঝাৰলৈ আহি কেইবাটাও প্ৰকল্পৰ আধাৰশিলা মুকলি কৰাৰ পাছত ১৪ মাৰ্চৰ দিনা শিলচৰলৈ যাব। শিলচৰ আৰু গুৱাহাটীৰ মাজত ২২ হাজাৰ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিব লগীয়া এক্সপ্ৰেছ হাইৱেৰ আধাৰশিলা স্থাপন কৰিব। এই এক্সপ্ৰেছ হাইৱেৰে শিলচৰৰ পৰা গুৱাহাটীলৈ ৪-৩০ ঘণ্টাৰ ভিতৰত আহিব পৰা যাব। আনহাতে, সেইদিনাই প্রধানমন্ত্ৰীয়ে শিলচৰ চহৰৰ বাবে নিৰ্মাণ কৰিব বিচৰা উৰণীয়া সেতুৰো আধাৰশিলা স্থাপন কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে।

Share This