জন্মাষ্টমীৰ দিনাই মাৰ্ঘেৰিটাত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু মহিলাৰ

Kakali Deka September 15, 2025

ডিজিটেল ডেস্কঃ মাৰ্ঘেৰিটাত বিদ্যুৎস্পৃষ্ট হৈ মহিলাৰ মৃত্যু। মাৰ্ঘেৰিটাৰ ইনথেমত বিদ্যুতৰ তাঁৰত লাগি এগৰাকী মহিলাৰ মৃত্যু।

পুৱতি নিশা ৩-৩০ মান বজাত সংঘটিত হয় এই কৰুণ ঘটনা। নামঘৰত জন্মাষ্টমী পালন কৰি ঘূৰি আহি পদুলিমুখত ছিঙি পৰি থকা তাঁৰত বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাবটি লয় মহিলাগৰাকীয়ে।

মৃত মহিলাগৰাকী নগাপথাৰ নিৱাসী নিতুল গগৈৰ পত্নী পল্লৱী গগৈ (৩৮)।

বিদ্যুৎ বিভাগৰ গাফিলতিতে এই ঘটনা সংঘটিত হোৱা অভিযোগ স্থানীয় ৰাইজ তথা দল সংগঠনৰ। পৰিয়ালৰ লোকে বিদ্যুৎ বিভাগক বাৰাম্বাৰ অভিযোগ দিয়া পিছতো বিদ্যুৎ বিভাগে বিদ্যুৎ পৰিবাহী তাঁৰডাল মেৰামতি নকৰাৰ অভিযোগ উত্থাপিত কৰিছে পৰিয়ালৰ লোকে।

আছুৰ বৰডুমচা-পেঙেৰী আঞ্চলিক সমিতিয়ে বিদ্যুৎ বিভাগক নিহত মহিলাগৰাকীৰ পৰিয়ালক উচিত ক্ষতিপূৰণৰ দাবী উত্থাপিত কৰাৰ লগতে দুগৰাকী কন্যা আৰু এটি সন্তানৰ সম্পূৰ্ণ শিক্ষা দায়িত্ব ল'বৰ বাবে দাবী জনাইছে। অন্যথা বৰডুমচা-পেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ হুংকাৰ দিছে।

এই ঘটনাই অঞ্চলজুৰি তীব্ৰ শোকৰ ছাঁ পেলাইছে।

Share This