উপাৰ্জনৰ পথ বিচাৰি গৈ ক’ত হেৰাল নজৰুল?

Kakali Deka April 09, 2025

ডিজিটেল ডেস্কঃ পিতৃৰ দুচকুত চকুপানী, পুত্ৰৰ দুখত ম্ৰিয়মাণ, দুখত মুখেৰে ক'ব নোৱাৰে একো, মাতৃয়েও পুত্ৰৰ ছবি বুকুত লৈ যন্ত্ৰণাত জৰ্জৰিত, পুত্ৰ মোৰ ক'লৈ গল। পিতৃ-মাতৃৰ এই দুখৰ যন্ত্ৰণাত সমভাগী হ'বলৈ একত্ৰিত হ'ল গাঁৱৰ লোক।

উল্লেখ্য যে মায়ঙৰ মুৰীসুঁতি টুপ গাঁৱৰ এটি দৰিদ্ৰ পৰিয়ালৰ সন্তান ২০ বছৰীয়া নজৰুল ইছলামে ঘৰখন চলাবলৈ উপাৰ্জনৰ পথ বিচাৰি গৈছিল এজন বন্ধুৰ লগত৷ সেই বন্ধুজন পিতৃ-মাতৃৰ অচিনাকি আছিল৷ 

নজৰুল ঘৰৰ পৰা ওলাই যোৱা আজি ৮ দিন পাৰ হৈ গ'ল। সদায় যোৱাৰ দৰে সিদিনাও ঘৰৰ পৰা উলাই গৈছিল উপাৰ্জনৰ পথ বিচাৰি।

কিন্তু ৮ দিন উকলি গ'ল তথাপি ঘৰ আহি নাপালে পুত্ৰ নজৰুল ইছলাম। এদিন দুদিনকৈ ৮ দিন উকলি গ'ল পিছে এতিয়াও পৰিয়ালৰ লোকে কোনো শুংসূত্ৰ পোৱা নাই নজৰুলৰ। পুত্ৰ নজৰুল ইছলাম সন্ধানহীন হোৱাক লৈ এতিয়া পিতৃ-মাতৃ, পৰিয়াল আৰু গাঁওবাসীৰ মাজত লাগিছে হাহাকাৰ।

পিতৃ-মাতৃ আৰু গাঁওবাসীয়ে নজৰুলক বিচাৰি ভাগৰি পৰিছে।

ইতিমধ্যে ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে আৰক্ষীকো এখন এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়েও নজৰুলৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে যদিও কোনো শুংসূত্ৰ উলিয়াব পৰা নাই।যদি কোনো লোকে এই যুৱকজনৰ কিবা সম্ভেদ পায় তেন্তে এই নম্বৰত 6003299281 অথবা 8011995352 নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।

Share This