প্ৰচণ্ড বেগত আহিব ধুমুহা! অসমৰ কেইবাখনো জিলাত Yellow Alert জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ

Rashmi March 14, 2026

ডিজিটেল ডেস্ক: ৰাজ্যত হঠাতে হল বতৰৰ পৰিৱৰ্তন। গৰমৰ আৰম্ভণি হওতেই আকৌ নামি আহিল ঠাণ্ডা। গুৱাহাটীকে ধৰি কোকৰাঝাৰ, কামৰূপ(গ্ৰাম্য)ত বৃহস্পতিবাৰৰ পৰা ধাৰাসাৰ বৰষুণ হৈ আছে। বৰষুণৰ ফলতেই ঠাণ্ডাৰ অনুভৱ কৰিছে জনসাধাৰণে। ঠায়ে ঠায়ে হৈছে ধুমুহা আৰু শিলাবৃষ্টি। 

ৰাজ্যৰ কেইবাখনো জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। দক্ষিণ শালমাৰা, ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, বাক্সা, তামুলপুৰ, ওদালগুৰি, বজালী, নলবাৰী, কামৰূপ(গ্ৰাম্য), কামৰূপ(মহানগৰ), শোণিতপুৰ, বিশ্বনাথ, মাজুলী, শিৱসাগৰ, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, চৰাইদেউ, তিনিচুকীয়া, ডিমা হাচাও, কাছাৰ, শ্ৰীভূমি, হাইলাকান্দিত জাৰি কৰা হ'ল Yellow Alert।

বঙাইগাঁও, শোণিতপুৰ আৰু ডিমা হাচাওত জিলাত বিজুলী ঢেৰেকনিৰ লগতে ঘণ্টাত ৩০ৰ পৰা ৪০ কিলোমিটাৰ বেগত ধুমুহা অহাৰ সম্ভাৱনা আছে।
লখিমপুৰ, ধেমাজি আৰু ডিব্ৰুগড় জিলাৰ দুই এঠাইত বৰষুণ হোৱাৰ সম্ভাৱনা।

দক্ষিণ শালমাৰা, ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, বাক্সা, তামুলপুৰ, ওদালগুৰি, বজালী, নলবাৰী, কামৰূপ(গ্ৰাম্য), কামৰূপ(মহানগৰ), শোণিতপুৰ, বিশ্বনাথ, মাজুলী, শিৱসাগৰ, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, চৰাইদেউ, তিনিচুকীয়া, ডিমা হাচাও, কাছাৰ, শ্ৰীভূমি, হাইলাকান্দি জিলাৰ দুই এঠাইত বিজুলী ঢেৰেকনিসহ বজ্ৰপাতৰ সম্ভাৱনা আছে।
ৰাইজক সাৱধান হৈ থকাৰ আহ্বান।




প্ৰাগ নিউজ ডিজিটেল

Share This