প্ৰধানমন্ত্ৰীৰূপে মোদীৰ ৩৫ বাৰ অসম ভ্রমণ

dainik janambhumi December 20, 2025

ডিজিটেল ডেস্ক: দেশৰ প্রধানমন্ত্রী হিচাপে নৰেন্দ্ৰ মোদীয়ে বিগত সময়ছোৱাত ৭৫ বাৰ উত্তৰ-পূব ভ্ৰমণ কৰিছে। ইয়াৰে ভিতৰত তেওঁ অসমলৈ আহিছে ৩৫ বাৰৰো অধিক। যোৱা এঘাৰ বছৰত প্রধানমন্ত্রী মোদীয়ে যিমানবাৰ অসমলৈ আহিছে , সিমানবাৰ কোনো পূৰ্বৰ প্ৰধানমন্ত্ৰী অসমলৈ অহা নাছিল। 

ইয়াৰ বিপৰীতে জৱাহৰলাল নেহৰু প্ৰধানমন্ত্ৰী হৈ থকা সময়ত তেওঁ মাত্ৰ তিনিবাৰ অসম ভ্ৰমণ কৰিছিল। অথচ প্রধানমন্ত্রী হিচাপে নেহৰুৱে কাৰ্যনিৰ্বাহ কৰিছিল ১৬ বছৰ ২৮৬ দিন। আনহাতে, ১৫ বছৰ ৩৫০ দিন প্ৰধানমন্ত্ৰী হৈ থকাৰ পাছতো ইন্দিৰা গান্ধীয়ে মাত্ৰ দুবাৰ, ৫ বছৰ ৩২ দিন দেশৰ প্ৰধানমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰা ৰাজীৱ গান্ধীয়ে মাত্ৰ এবাৰ আৰু ১০ বছৰ ৪ দিন প্রধানমন্ত্রী হিচাপে কাৰ্যনিৰ্বাহ কৰা মনমোহন সিঙে আঠবাৰ অসম ভ্ৰমণ কৰিছিল। 

দেশৰ প্ৰধানমন্ত্ৰীসকলৰ অসম ভ্ৰমণৰ এই তথ্য প্রকাশ কৰি ৰাজ্যিক বিজেপিয়ে কয়- 'কংগ্ৰেছৰ শাসনকালত উত্তৰ-পূৰ্বাঞ্চল সদায়েই উপেক্ষিত আৰু বঞ্চিত হৈ আছিল। উত্তৰ-পূৰ্বাঞ্চলক অৱজ্ঞা কৰাই আছিল কংগ্ৰেছৰ নীতি। কংগ্ৰেছৰ প্ৰায় প্ৰতিগৰাকী প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ সংখ্যা আছিল তেনেই দুঃখজনক। কিন্তু কেন্দ্রত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপি চৰকাৰ শাসনাধিষ্ঠ হোৱাৰ পাছত সেই ধাৰণা সলনি হ'ল। প্রধানমন্ত্রী মোদীয়ে উত্তৰ-পূৰ্বাঞ্চলক 'অষ্টলক্ষ্মী' হিচাপে গণ্য কৰি দেশৰ ভিতৰতে অন্যতম বিকাশশীল অঞ্চল হিচাপে গঢ়ি তুলিবলৈ নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।' প্ৰধানমন্ত্ৰীগৰাকীৰ সদিচ্ছাৰ ফলতে এতিয়া উত্তৰ-পূৰ্বাঞ্চলত শান্তি, প্রগতি আৰু বিকাশ সম্ভৱ হৈ উঠিছে বুলিও কয় ৰাজ্যিক বিজেপিয়ে।

Share This