ডিজিটেল ডেস্কঃ দেশৰ সংকটৰ সময়ত দেশবিৰোধী মন্তব্য কৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ'ল মৰিগাঁৱৰ মৈৰাবাৰীৰ মাজাহাৰ মিঞা নামৰ এজন ব্যক্তি।
উল্লেখ্য যে জম্মু কাশ্মীৰৰ পেহেলগামৰ ঘটনাই দেশ জুৰি শোক আৰু চাঞ্চল্যৰ সৃষ্টি কৰি থকাৰ সময়তে মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ মাজাহাৰ মিঞা নামৰ লোকজনে ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা এটা বিতৰ্কিত ভিডিঅ'ত পাকিস্তানী সন্ত্ৰাসবাদীক সমৰ্থন কৰি গুড জব(Good job) বুলি মন্তব্য কৰিছিল।
এই ঘটনাক লৈ সৰ্বত্ৰ ব্যাপক চাঞ্চল্য আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ইয়াৰ পাছতে আৰক্ষীয়ে মৈৰাবাৰী আৰক্ষী থানাত নং ৭৪/২০২৫, ভাৰতীয় ন্যায় সংহিতাৰ ১৫২/১৯৬/১৯৭(১)/১১৩(৩)/৩৫২/৩৫৩ ধাৰাত এটা গোচৰ ৰুজু কৰি মাজাহাৰ মিঞাক গ্ৰেপ্তাৰ কৰি সোধা-পোছা আৰু তদন্ত অব্যাহত ৰাখিছে।