ব্যৱসায়ী উত্তম গগৈৰ হত্যাকাণ্ড, হত্যাকাৰী পত্নী, কন্যাৰ প্ৰেমিকক চাৰি দিনৰ আৰক্ষীৰ জিম্মালৈ

dainik janambhumi August 05, 2025

ডিজিটেল ডেস্কঃ ডিব্ৰুগড়ৰ বৰবৰুৱাৰ আগামী ভাঙৰ বাৰে লোমহর্ষক হত্যাকাণ্ডত অভিযুক্ত পত্নী ববী সোণোৱাল গগৈ আৰু ছুপাৰি কিলাৰ দ্বীপজ্যোতি বুঢ়াগোহাঁইক সোমবাৰে চাৰি দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ অনা হৈছে।

 ইতিমধ্যে, বৰবৰুৱা লাহন গাঁৱৰ ব্যৱসায়ী উত্তম গগৈৰ নৃশংস হত্যাকাণ্ডত জড়িত বুলি অভিযুক্ত হোৱা পত্নী-কন্যাসহ দুই ছুপাৰি কিলাৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। অভিযুক্ত হোৱা নাবালিকা কন্যা নৱমল্লিকা গগৈ আৰু নাবালক ছুপাৰি কিলাৰ গৌৰাংগ পাত্ৰক যোৰহাটৰ শিশু সংশোধন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে।

 সোমবাৰে আটাইকেইজন অভিযুক্তক ডিব্ৰুগড় পি আই এল ক'ৰ্টত হাজিৰ কৰোৱা হৈছিল। সম্পত্তি, ধনৰ লালসা তথা পৰকীয়া প্ৰেমৰ বাবেই শুই থকা অৱস্থাত মাজনিশা ব্যৱসায়ীজনক ছুপাৰি কিলাৰৰ হতুৱাই নৃশংসভাবে হত্যা কৰোৱাইছিল পত্নী-কন্যাই। 

জানিব পৰা মতে, উত্তম গগৈক চাৰিবাৰকৈ হত্যাৰ পৰিকল্পনা কৰা হৈছিল। পূর্বে ডিব্ৰুগড়ৰ গদাপাণি উৰণীয়া সেতুৰ সমীপত গাড়ীৰে খুন্দিয়াই হত্যাৰ চেষ্টা চলোৱা হৈছিল যদিও কথমপি প্ৰাণৰক্ষা পৰিছিল। আনহাতে ২৪ জুলাইত নিশাৰ ভাগতো হত্যাৰ পৰিকল্পনা কৰা হৈছিল। অৱশেষত ২৫ জুলাইত সেই পৰিকল্পনাই সফল ৰূপ লাভ কৰে। 

প্ৰাপ্ত তথ্য অনুসৰি, উত্তম গগৈৰ হত্যাকাণ্ডত লোহাৰ ৰড ব্যৱহাৰ কৰা হৈছিল। ইতিমধ্যে লোহাৰ ৰডডাল ডি টি পি নলাত পেলাই দিছিল ছুপাৰি কিলাৰে। এছ ডি আৰ এফৰ ডুবাৰুৰ জৰিয়তে হত্যাকাণ্ডত ব্যৱহৃত অস্ত্র উদ্ধাৰৰ বাবে অভিযান চলাইছে বৰবৰুৱা আৰক্ষীয়ে। 

আনহাতে ঘটনাস্থলীত অভিযুক্তৰ জৰিয়তে সংঘটিত অপৰাধ পুনৰ প্ৰদৰ্শনৰো যো-জা চলাইছে আৰক্ষীয়ে। ইতিমধ্যে অভিযুক্তৰ বিৰুদ্ধে বৰবৰুৱা থানাৰ ৬৪/২০২৫ নম্বৰৰ গোচৰৰ ভিত্তিত ভাৰতীয় ন্যায় সংহিতাৰ আইন ১০৩ (২)/৩০৯(২) ধাৰাৰ অধীনত তদন্ত প্রক্রিয়া অব্যাহত ৰাখিছে আৰক্ষীয়ে। একেদৰে আৰক্ষীৰ জিন্মাত থকা পত্নী ববী গগৈ আৰু কন্যাৰ প্ৰেমিক দ্বীপজ্যোতি বুঢ়াগোহাঁইক আৰক্ষীয়ে মাৰাথন জেৰা চলাইছে। এই জেৰাত হত্যাকাণ্ডৰ সন্দৰ্ভত বহু ন ন তথ্য লাভ কৰিছে। হত্যাকাণ্ডটোত জড়িত বহু ব্যক্তি জালত পৰাৰ সম্ভাৱনা আছে। এই সম্পৰ্কত খোৱাং সমজিলা আৰক্ষী অধীক্ষক অমৃত ৰঞ্জন বৰ্মনে সোমবাৰে সংবাদ মাধ্যমৰ আগত বহুকেইজন ব্যক্তিক তদন্তৰ আওতালৈ অনাৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰিছিল। 

উল্লেখযোগ্য যে উত্তম গগৈ ওৰফে চেংকাই সমগ্র বৰবৰুৱা অঞ্চলটোৰ এজন উদ্যমী ব্যৱসায়ীৰূপে পৰিচিত হোৱাৰ লগতে এজন সমাজকর্মীও। পত্নী ববী সোণোৱাল গগৈয়ে নিজৰ পৰকীয়া প্রেম সফল নোহোৱাৰ বাবে আৰু নৱম শ্ৰেণীত অধ্যয়নৰত কন্যাৰ প্ৰেমত বাধা হৈ থিয় দিয়াত চেংকাইক হত্যাৰ পৰিকল্পনা কৰিছিল। অৱশেষত কন্যাৰ প্ৰেমিক দ্বীপজ্যোতি বুঢ়াগোহাঁইৰ জৰিয়তে ছুপাৰি কিলাৰ লগাই চাৰিওজনে নৃশংসভাবে হত্যা কৰে চেংকাইক। হত্যাকাৰীয়ে উত্তম গগৈৰ বাসগৃহৰ পৰা যোৱা ২২ জুলাইত বৃহৎ সংখ্যক সোণৰ গহনা তথা আ-অলংকাৰ লৈ গৈছিল আৰু নগদ দহ লাখ টকা বিচাৰিছিল ছুপাৰি কিলাৰে। ১০ লাখ টকাৰ ভিতৰত ৩ লাখ আগধন হিচাপে তিনিদিন পূর্বে লৈছিল দ্বীপজ্যোতি আৰু গৌৰাংগই। স্বামী আৰু পত্নীৰ লগতে পিতৃ-কন্যাৰ মধুৰ সম্পৰ্কৰ মাজত বিশ্বাসঘাতকতা কৰা ঘটনাটোৰ ধন আৰু প্ৰেমৰ বাবেই সংঘটিত হোৱাৰ সন্দেহ প্রকাশ কৰিছে স্থানীয় লোকে। বিশেষকৈ উত্তম গগৈ হত্যাৰ বলি হোৱাৰ পূৰ্বে বিভিন্ন সূত্ৰৰ পৰা প্ৰায় ১ কোটি ৮২ লাখ টকা পাব লগা ধনৰ হিচাপ দিছিল পত্নীক। বি চি পি এলত কৰ্মৰত এজন ব্যক্তিৰ উপৰি আন দুজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকাৰ কথা স্থানীয় লোকৰ সূত্ৰত প্রকাশ। 

অৱশ্যে ববীৰ পৰকীয়া প্রেমিকসকলক তদন্তৰ আওতালৈ অনা হৈছে নে নাই সেই সম্পর্কত এতিয়াও নিশ্চিত তথ্য লাভকৰিব পৰা হোৱা নাই। ইতিমধ্যে আৰক্ষীয়ে বৃহৎ পৰিমাণৰ সোণৰ আ-অলংকাৰৰ লগতে এখন গাড়ী আৰু স্কুটী জব্দ কৰিছে। আজি উত্তম গগৈৰ লাহন গাঁৱৰ বাসগৃহত এক শোকস্তব্ধ পৰিৱেশৰ মাজত দহদিনীয়া আদ্যশ্রাদ্ধ সম্পন্ন কৰা হয়।

Share This