ডিজিটেল ডেস্কঃ নগাঁৱৰ মেট্ৰ' হস্পিটেলত নিশা এটি শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ব্যক্তিগত চিকিৎসালয়খনৰ আই চি ইউত মৃত্যু হৈছিল এটি ৭ বছৰীয়া শিশুৰ।
বহুমূত্ৰ ৰোগত আক্ৰান্ত হৈছিল শিশুটি। পৰিয়ালৰ মতে, দিনৰ ১১ বজাতে মৃত্যু হৈছিল শিশুটিৰ।
পিছে ধনৰ আশাত নিশালৈকে শিশুটিৰ মৃত্যুৰ খবৰ পৰিয়ালক দিয়া নাছিল। নিশা পৰিয়ালে তৰ্ক-বিতৰ্ক কৰাত চিকিৎসকে মৃত ঘোষণা কৰে শিশুটিক।
ইয়াৰ পাছতে চিকিৎসালয়খনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। নিশাই চিকিৎসালয়খনত উপস্থিত হয় জিলা প্ৰশাসন আৰু নগাঁও আৰক্ষী।
ঘটনাক গুৰুত্বসহকাৰে লৈছে নগাঁও জিলা আয়ুক্ত দেৱাশিস শৰ্মাই। নগাঁও আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে আৰক্ষীক।
উৎস : প্ৰাগ নিউজ ডিজিটেল