নামাজ, অন্যান্য...
Dainik Janambhumi
September 02, 2024
ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত পৰস্পৰ-বিৰোধী কিছুমান কথা আৰু ঘটনাই মাজে মাজে সাধাৰণ মানুহক উদ্বিগ্ন কৰিলেও সামাজিক সন্তুলন বৰ্তাই ৰখাতো যথেষ্ট অৰিহণা যোগাইছে৷ উদাহৰণস্বৰূপে অসম বিধানসভাত নামাজৰ বাবে বিশেষ বিৰতিৰ সময় প্ৰত্যাহাৰ, কাজীৰ জৰিয়তে মুছলমানৰ বিবাহ প্ৰথাৰ অৱসানৰ বিপৰীতে মৰিগাঁৱৰ লাহৰীঘাটৰ মছজিদ কমিটী আৰু গাঁৱৰ ৰাইজৰ সিদ্ধান্তৰ বিষয়কেইটালৈ আঙুলিয়াব পাৰি৷ বিধানসভাই ১৯৩৭ চনৰ ব্ৰিটিছ আমোলৰ মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ সম্পৰ্কীয় আইনখনৰ সংশোধনী গৃহীত কৰিছিল, তাৰ এসপ্তাহৰ পূৰ্বে লাহৰীঘাটৰ মুছলমান সমাজে গৃহীত কৰিছিল ড্ৰাগ্ছৰ বিৰুদ্ধে এক ঐতিহাসিক সিদ্ধান্ত৷
আনহাতে তাৰ পৰৱৰ্তী দিনা বিধানসভাত গৃহীত হৈছিল নামাজ সম্পৰ্কীয় সিদ্ধান্তটো৷ অন্য কিছুমান গুৰুত্বপূৰ্ণ দিশ থাকিলেও নামাজ আৰু মুছলমান বিবাহ সম্পৰ্কীয় বিধানসভাৰ সিদ্ধান্ত দুটাক সাম্প্ৰদায়িক দৃষ্টিৰে বেছিভাগ মানুহে চৰ্চা কৰা দেখিবলৈ পোৱা গৈছে৷
কিন্তু ব্যাপক হাৰত চৰ্চা নহ’লেও লাহৰীঘাটৰ গাঁওবাসীৰ সিদ্ধান্তটোত নিহিত হৈ আছে সামগ্ৰিকভাৱে সমাজখনক সংস্কাৰৰ লক্ষ্য৷ সেয়েহে সেই বিষয়টোকে প্ৰথমতে পৰ্যালোচনা কৰিলে দেখা যায় যে উত্তৰ-পূবত সম্প্ৰতি ড্ৰাগ্ছৰ যিখন ভয়ংকৰ জাল মেলি দিয়া হৈছে, সেই মাৰাত্মক ড্ৰাগ্ছৰ কবলত পৰি বৰ্তমানৰ যুৱ প্ৰজন্মটোৰ বুজন অংশ এটা ধবংস হৈ যোৱাৰ উপক্ৰম ঘটিছে, সেই সময়ত লাহৰীঘাটৰ মুছলমান সমাজে ড্ৰাগ্ছ ব্যৱসায়ৰ সৈতে জড়িত সেই অঞ্চলৰ মুছলমান লোকসকলক সামাজিকভাৱে এঘৰীয়া কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷
শেহতীয়াকৈ যিবোৰ অপৰাধক লৈ মুছলমান সমাজৰ একাংশৰ বিৰুদ্ধে কিছুমান পক্ষই গুৰুতৰ অভিযোগ আনি ইয়াক সাম্প্ৰদায়িকীকৰণ কৰিব খুজিছে, তাৰ ভিতৰত ড্ৰাগ্ছৰ সৰবৰাহো অন্যতম৷ নাৰী ধৰ্ষণ, চুৰি-ডকাইতিৰ লগতে ড্ৰাগ্ছৰ ব্যৱসায়ত জড়িত বহুসংখ্যক মুছলমান লোক গ্ৰেপ্তাৰ হোৱা তথা কুখ্যাত অপৰাধী বুলি চিন্তিত হোৱাৰ পৰিপ্ৰেক্ষিতত ইয়াক লৈ সাম্প্ৰদায়িক ৰাজনীতি কৰাসকলৰ ভেটি সবল কৰাত সুবিধা হৈছে৷ তেনে অৱস্থাত লাহৰীঘাটৰ মছজিদত মুছলমান সমাজে একত্ৰিত হৈ ড্ৰাগ্ছ ব্যৱসায়ীক এঘৰীয়া কৰাৰ সিদ্ধান্ত লোৱা তথা সেই পৰিয়ালৰ মৃত লোকৰ জানাজা সম্পন্ন কৰিবলৈ অনুমতি নিদিয়াৰ সৰ্বসন্মত প্ৰস্তাৱ গ্ৰহণ কৰি ৰাইজে সমাজলৈ এটা শুভবাৰ্তা প্ৰেৰণ কৰিছে৷
ইয়াৰ পূৰ্বে নগাঁও জিলাৰ ৰূপহী, জুৰীয়াতো মুছলমান সমাজে এনে সিদ্ধান্ত গ্ৰহণ কৰা কথাই ইয়াকো প্ৰতিপন্ন কৰিছে যে জঘন্য অপৰাধত লিপ্ত মুছলমান অপৰাধীসকলক মুছলমানৰ সমাজেও প্ৰশ্ৰয় দিব নিবিচাৰে৷ এতিয়া আহো বিধানসভাত গৃহীত সাম্প্ৰদায়িক যেন লগা সিদ্ধান্ত দুটালৈ৷ এই ক্ষেত্ৰত বিবাহ বিষয়ক বিধেয়কখনক লৈ চৰকাৰে আগবঢ়োৱা যুক্তি তথা ইয়াৰ অন্তৰ্নিহিত লক্ষ্যটোকো পোনছাটে অগ্ৰাহ্য কৰিব পৰা নাযায়৷ হিন্দু-মুছলমান, জনজাতীয়-অজনজাতীয় সকলো সমাজতে এটা সময়ত বাল্য বিবাহ আছিল৷ আনসকলে এই কু-ব্যৱস্থাটো কেতিয়াবাই পৰিহাৰ কৰিলে৷
কিন্তু বাংলাদেশী মূলৰ মুছলমান সমাজখন এই ব্যৱস্থাটোৰ পৰা মুক্ত হ’ব পৰা নাই একাংশ লোকে ধৰ্মান্ধ ব্যৱস্থাটোক বৰ্তাই ৰখাৰ বাবে ৰচনা কৰা পৰিৱেশৰ বাবে৷ কাজী ব্যৱস্থাটো নতুন আইনত নিষিদ্ধ কৰিব খোজা হৈছে৷ কাজী সমাজে ইয়াৰ বিৰুদ্ধে গুৱাহাটী উচ্ছ ন্যায়ালয়ত ইতিপূৰ্বে গোচৰ তৰি থৈছে৷ কিন্তু স্বাভাৱিকতে প্ৰশ্ন হয় এই কাজীসকলৰ ওপৰতে মুছলমান পৰিয়ালৰ বিবাহৰ দায়িত্ব ন্যস্ত হৈ থকা অৱস্থাত এওঁলোকে কিয় ফুলকুমলীয়া ছোৱালীবিলাকৰ বিবাহ ব্যৱস্থাটো বন্ধ কৰিব নোৱাৰিলেঞ্জ আইনীভাৱে পৈণত বুলি স্বীকৃত নোহোৱা ল’ৰা-ছোৱালীক বিবাহত বহিবলৈ দিয়া নহ’ব বুলি কিয় কাজী সমাজে এটা নীতি স্থিৰ কৰি ল’ব নোৱাৰিলেঞ্জ অধিক সন্তান জন্ম দি মুছলমানৰ সমাজখন বিস্তাৰ কৰি নিয়াৰ পৰিকল্পনা এটা কিছুমান মৌলবাদী চক্ৰৰ আছে৷
কিন্তু কম বয়সীয়া মুছলমান ছোৱালীবোৰক এনেকুৱা অভিসন্ধিৰ বলিৰ পঠা সজোৱাটোক বিজ্ঞ মুছলমান সমাজখনেও ভাল নাপায়৷ বৰ্তমানৰ চৰকাৰখনৰ মুছলমান বিদ্বেষ থাকিলেও এই আইনখনৰ পৰা ফুলকুমলীয়া মুছলমান কন্যাসকলে আইনী সুৰক্ষা লাভ কৰাটো তাৎপৰ্যপূৰ্ণ কথা৷ আনহাতে নামাজৰ ক্ষেত্ৰত বিধানসভাই যিটো সিদ্ধান্ত গ্ৰহণ কৰিলে, সেইটোৰ কোনো সামাজিক মূল্য নাই৷ কেইগৰাকীমান বিধায়কৰ কথাহে ইয়াত জড়িত হৈ আছে৷
৮৯ বছৰৰ আগতে অসম বিধানসভাই যেতিয়া শুকুৰবৰীয়া নামাজৰ বাবে মুছলমান বিধায়কসকলৰ স্বাৰ্থত দুঘণ্টাৰ বিৰতিৰ নিয়ম কৰিছিল, তেতিয়া ইয়াত সাম্প্ৰদায়িক দিশতকৈও সদিচ্ছাৰ ভাব এটাহে নিহিত হৈ থকা যেন লাগে৷ পৰৱৰ্তী ৯ দশকত বিভিন্ন ঘটনাৰ প্ৰভাৱত সামাজিক পৰিৱেশটো সলনি হৈ পৰিছে৷ এতিয়াৰ হিন্দুত্ববাদী চৰকাৰে মুছলমান বিধায়কসকলৰ প্ৰতি সেই সদিচ্ছা প্ৰদৰ্শন কৰিবলৈ ইচ্ছা নকৰা বাবেই এনেকুৱা এটা সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ইয়াত সমাজৰ অন্য অংশৰ লোকৰ লাভালাভৰ প্ৰশ্ন যিহেতুকে নাই, গতিকে ইয়াক ৰাজনীতি কৰাসকলৰ মানসিকতাৰ এক পৰিচয় বুলি ধৰি লৈ বিষয়টোৰ আলোচনা সমাপ্ত কৰিব পাৰি৷ কিন্তু লক্ষণীয় কথাটো হৈছে সাধাৰণ মানুহৰ মাজত এনেবিলাক সাম্প্ৰদায়িক গোন্ধ থকা বিষয়ক লৈ বিশেষ প্ৰতিক্ৰিয়া পৰিলক্ষিত হোৱা নাই৷
উপৰ্যুপৰি বহুকেইটা বিষয়ে ৰাজ্যখনৰ পৰিৱেশ উত্তপ্ত কৰি ৰাখিলেও সাধাৰণ মুছলমান সমাজখনত ইয়াৰ কোনো প্ৰভাৱ পৰিলক্ষিত হোৱা নাই৷ অসম আন্দোলনত, ভাষা আন্দোলনত, বাবৰি মছজিদ ভঙাৰ সময়ত আমাৰ ৰাজ্যত সংঘাতে কেনে পৰ্যায় পাইছিলগৈ সেয়া বহুতৰে মনত এতিয়াও সজীৱ হৈ আছে৷ কিন্তু তাৰ তুলনাত এতিয়া সামাজিক পৰিৱেশ লক্ষণীয়ভাৱে শান্ত৷
হয়তো এনেকুৱাও হ’ব পাৰে যে সংঘাতৰ পৰিণতি কি পূৰ্বৰ অভিজ্ঞতাবিলাকে তাৰ শিক্ষা মানুহক দিছে৷ লগতে সাধাৰণ মানুহে এইটোও উপলব্ধি কৰিবলৈ লৈছে যে সাধাৰণ মানুহৰ জীৱন-যুদ্ধখনত এনেবোৰ বিষয়ৰ মূল্য নাই৷ হিন্দু-মুছলমান সকলোৱে একেখিনি বায়ু-পানী সেৱন কৰি, একেখন পথাৰৰ ভাত খায়ে বসবাস কৰি থাকিব লাগিব৷
Share This