ডিজিটেল ডেস্ক: বিগত বৰ্ষৰ ছেপ্টেম্বৰৰ পাছৰ পৰা অসমৰ ৯০ শতাংশ অঞ্চলতে নাই বৰষুণ। বৰষুণৰ অভাৱত বহুতো গছ-গছনিৰ মৰি গৈছে। ঘাঁহৰ অভাৱত তৃণভোজী প্রাণীবোৰৰ বাবে হাবিৰ মাজতো খাদ্যৰ অভাৱ হৈছে। বনজুইত পোৰা গৈছে বননি। নদী, বিলৰ পানী শুকাই দহ শতাংশহে ৰৈছেগৈ।
অসমৰ প্ৰাকৃতিক পৰিৱেশত বৰষুণৰ অভাৱ পৰ্যবেক্ষণ কৰি উদ্বিগ্ন হৈ পৰিছে প্রকৃতি সংগঠন অৰণ্য সুৰক্ষা সমিতি অসম। অৰণ্য সুৰক্ষা সমিতি অসমৰ সচিব প্রধান ড° হৰিচৰণ দাসে কয় যে বিগত বছৰসমূহত মাঘ মাহৰ সময়ৰে পৰা বৰষুণ আহিবলৈ ধৰিছিল। কৃষক ৰাইজে মিচিংসকলৰ আলি-আয়ে-লৃগাং উৎসৱৰ সময়ৰে পৰা ধান খেতিৰ বাবে সাজু হৈছিল। ফাগুন মাহত পালন কৰা আলি-আয়ে-নৃগাং শইচৰ গুটি সিঁচা উৎসৱ। এই উৎসৱ পালনৰ এমাহ পাছতো বৰষুণৰ অভাৱে অসমৰ প্ৰকৃতি, অর্থনীতি আৰু জৈৱ-বৈচিত্র্যলৈ দুর্যোগ অহাৰ সম্ভাৱনাৰ সৃষ্টি কৰিছে।
বনাঞ্চল সংকুচিত হৈ অহা আৰু গছ-গছনিৰ ধ্বংসৰ ফলতেই এনে পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি অৰণ্য সুৰক্ষা সমিতি অসমে মত প্রকাশ কৰিছে।