দুলীয়াজানত সক্রিয় অইলৰ পাইপ চুৰি চক্র

dainik janambhumi March 16, 2026

ডিজিটেল ডেস্ক : ৰক্ষকেই ভক্ষকৰ ৰূপ ধাৰণ কৰি নিৰাপত্তাৰক্ষী, প্রভাৱশালী ঠিকাদাৰ আৰু একাংশ চতুৰ বিষয়াৰ নেতৃত্বত ৰাজহুৱা খণ্ডৰ লাভজনক উদ্যোগ প্রতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডত এতিয়া চলিছে লুণ্ঠনৰাজ। প্রতিষ্ঠানটোত খাৰুৱা তেল, কণ্ডেন্স, লোহা অথবা পাইপ চুৰিকাৰ্য নতুন কথা নহয় যদিও ইয়াক প্ৰতিৰোধৰ বাবে সময়ে সময়ে অইলে প্রশাসনৰ সহযোগত ব্যৱস্থা গ্রহণ কৰি আহিছে। কিন্তু প্রশাসন অথবা অইলৰ দায়িত্বশীল নিৰাপত্তা বিষয়াৰ শেন দৃষ্টিক ভেঙুচালি কৰি বিগত কিছুদিনৰ পৰা অতি কৌশলেৰে প্ৰতিষ্ঠানটোৰ পৰা সৰকাই নিছে কোটি কোটি টকাৰ লোহাৰ পাইপ। দুলীয়াজানৰে বিভিন্ন স্থানত দলং, ৰাজহুৱা অনুষ্ঠান নির্মাণ কৰাৰ নামতো এই চক্রটোৱে পাইপ উলিয়াই নি উদৰস্থ কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে। মনকৰিবলগীয়া যে যিসমূহ কোম্পানীয়ে অইল ইণ্ডিয়াত লোহাৰ পাইপসমূহ যোগান ধৰে তাতো থাকে কমিছনৰ অংক। এক সূত্ৰৰ পৰা জানিব পৰা মতে, প্রতিষ্ঠানটোৰ একাংশ বিষয়াৰে মিলি প্রয়োজনতকৈ অধিক পাইপ ক্ৰয় কৰি বিভিন্ন স্থানত মজুত ৰাখে। উক্ত স্থানসমূহৰ পৰাই অইলৰ বিভিন্ন তৈলক্ষেত্ৰলৈ নতুন পাইপসমূহ সৰবৰাহ হয় আৰু বহুসংখ্যক পাইপ গুদামতে পুৰণি হয়।

উক্ত পুৰণি পাইপসমূহ পুনৰ নিলামত বিক্ৰী কৰে। অভিযোগ অনুসৰি একাংশ ব্যৱসায়ীয়ে এই পাইপসমূহ কৌশলেৰে পৰিষ্কাৰ কৰি পুনৰ অইলকে নতুন দৰত বিক্ৰী কৰি লুটপাত চলাই আহিছে। ইফালে অইলক লুটিপুটি খোৱাৰ এক তথ্য পোহৰলৈ আহে যোৱা ১ মাৰ্চত। প্রাপ্ত তথ্য অনুসৰি, উক্ত দিনা অইলৰ নিৰাপত্তা বাহিনীয়ে অতর্কিতে চলোৱা এক অভিযানত বি এক্স কলনী পাম্পত বৃহৎ পৰিমাণৰ অইলৰ মূল্যৱান চুৰি পাইপ জব্দ হৈছিল। মনকৰিবলগীয়া যে নিশা পাম্পত নিৰাপত্তাৰক্ষীয়ে পহৰা দি থকাৰ পাছতো এ এছ-২৩ বি চি-৬৭৩৬ নম্বৰৰ এখন ট্ৰেইলাৰত পাইপ উঠাই থকাৰ সময়তে নিৰাপত্তা বাহিনীয়ে পাইপখিনি জব্দ কৰিছিল। নিৰাপত্তাৰক্ষীয়ে পাইপসমূহৰ কোনোধৰণৰ বৈধ নথি-পত্ৰ নোহোৱাকৈ এটা প্রভাৱশালী চক্ৰৰ নিৰ্দেশত এখন ক্রেনেৰ ট্ৰেইলাৰখনত উঠাই থকা বুলি জানিবলৈ দিছিল। ইফালে এই ঘটনাত ট্ৰেইলাৰখনৰ চালক আৰু পাম্পটোত নিৰাপত্তাৰ দায়িত্বত থকা অইল নিৰাপত্তা বাহিনীৰ সৈতে আঠজন লোকক আটক কৰি দুলীয়াজান আৰক্ষী চমজাই দিয়ে। জব্দ কৰা পাইপখিনিৰ মূল্য প্রায় দহ লক্ষাধিক টকাৰ অধিক হ'ব বুলি অইলৰ নিৰাপত্তা বিভাগৰ এক সূত্ৰত প্ৰকাশ। ইয়াৰ পাছতে অইলৰ নিৰাপত্তা বাহিনীয়ে আৰক্ষীক দিয়া এজাহাৰৰ ভিত্তিত দুলীয়াজান আৰক্ষীয়ে অইল ইণ্ডিয়া নিৰাপত্তাৰক্ষী বিভাগৰ কৰ্মচাৰী ক্ৰমে যতীন বড়া, হেমন্ত দাসসহ পাইপ চুৰিকাৰ্যত জড়িত থকাৰ অপৰাধত ট্ৰেইলাৰ আৰু ক্রেনখনৰ চালক আৰু সহায়ক ক্রমে চন্দন সোণোৱালে, বাণেশ্বৰ বড়ো, কেদাৰ নাথ চেত্ৰী, দুলাল গগৈ, সমীৰ ৰঞ্জন গগৈ আৰু প্ৰবাল গগৈকে ধৰি মুঠ আঠজনক জে'ল হাজোতলৈ প্ৰেৰণ কৰিছিল। জানিব পৰা মতে, ট্ৰেইলাৰখনৰ গৰাকী এগৰাকী বিধায়কৰ অতি ঘনিষ্ঠ বুলি পৰিচিত মিণ্টু শইকীয়া।

ইফালে একাংশ আৰক্ষী বিষয়াৰে সু-সম্পর্ক থকা এইগৰাকী মিণ্টু শইকীয়া ঘটনাৰ পাছৰে পৰা চহৰখনৰ পৰা আঁতৰি থকা বুলি জানিব পৰা গৈছে। ঘটনাত কেৱল পুঠি-খলিহনাক ধৰি ৰৌ-বৰালি সাৰি যোৱাৰ পৰিস্থিতি উদ্ভৱ হওতেই বিভিন্ন দল-সংগঠনৰ হেঁচাত কেইদিনমানৰ পূৰ্বে অইলৰ নিৰাপত্তাৰক্ষী আৰু আৰক্ষীয়ে মিণ্টু শইকীয়াৰ বাসগৃহত অভিযান চলাই চৌহদৰ পৰা পুনৰ বুজন পৰিমাণৰ পাইপ জব্দ কৰিবলৈ সক্ষম হয়। কিন্তু ইয়াৰ পাছতো অইলৰ নিৰাপত্তা বিভাগেই হওক, অপৰাধ অনুসন্ধান শাখাই হওক অথবা প্রশাসনে ঘটনাত জড়িত প্রকৃত দোষীক বিচাৰি উলিয়াবলৈ সক্ষম হ'বনে, সেয়াহে হ'ব লক্ষণীয়।

Share This