ডিজিটেল ডেস্ক : তিনিচুকীয়া জিলাৰ লিডু আৰক্ষী চকীৰ অন্তৰ্গত বমগাৰা অঞ্চলত শনিবাৰে এটা সন্দেহজনক বোমা উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে। হঠাৎ বোমাসদৃশ বস্তু উদ্ধাৰ হোৱাত স্থানীয় ৰাইজৰ মাজত ভয়-ভীতিৰ পৰিৱেশৰ সৃষ্টি হয়। বহু লোকে ঘটনাস্থলীত ভিৰ কৰে। প্ৰাপ্ত তথ্য অনুসৰি, বমগাৰা অঞ্চলত এজন লোকে নিজৰ বাসগৃহৰ কাষত শৌচালয়ৰ গাঁত খান্দি থকা সময়তে মাটিৰ তলত এটা ধাতুৰ কঠিন বস্তু দেখা পায়। প্রথমে সেয়া সাধাৰণ লোহাৰ টুকুৰা বুলি ভবা হৈছিল যদিও পাছত লক্ষ্য কৰি সেয়া বোমাসদৃশ বস্তু হ'ব পাৰে বুলি সন্দেহ কৰে। ঘটনাটোৰ গুৰুত্ব বুজি স্থানীয় লোকসকলে তৎক্ষণাত লিডু আৰক্ষী চকীক অৱগত কৰে।
খবৰ পোৱাৰ লগে লগে আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ এলেকাটো সুৰক্ষিত কৰে আৰু কোনোধৰণৰ অপ্রত্যাশিত ঘটনা যাতে নঘটে তাৰ বাবে সাধাৰণ ৰাইজক দূৰত থাকিবলৈ নির্দেশ দিয়ে। আৰক্ষীয়ে সমগ্র স্থান ঘেৰাও কৰি ৰখাৰ লগতে পৰিস্থিতি সম্পূর্ণ নিয়ন্ত্ৰণত ৰাখিবলৈ ব্যৱস্থা গ্ৰহণ কৰে। পৰৱৰ্তী সময়ত ঘটনাটোৰ গুৰুত্ব বিবেচনা কৰি সেনা-বাহিনী আৰু বিস্ফোৰক নিষ্ক্রিয়কৰণ বিশেষজ্ঞ দলকো ঘটনাস্থলীলৈ ৰাওনা কৰা হয়। বিশেষজ্ঞৰ দল আহি বোমাটো পৰীক্ষা কৰাৰ পাছতহে ইয়াৰ প্রকৃত স্বৰূপ নিশ্চিত হ'ব বুলি আৰক্ষী সূত্রে জানিব পৰা গৈছে। বর্তমানলৈকে বোমাটো স্পর্শ নকৰাকৈ সুৰক্ষিতভাৱে ৰখা হৈছে। প্রাথমিকভাৱে অনুমান কৰা হৈছে যে উদ্ধাৰ হোৱা বোমাটো দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ হ'ব পাৰে। উল্লেখযোগ্য যে ১৯৩৯ পৰা ১৯৪৫ চনলৈ সংঘটিত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত উত্তৰ-পূব ভাৰত, বিশেষকৈ অসমৰ বিভিন্ন অঞ্চলত সামৰিক তৎপৰতা যথেষ্ট বৃদ্ধি পাইছিল। জাপান আৰু মিত্রবাহিনীৰ মাজত সংঘটিত সংঘৰ্ষৰ প্ৰভাৱ এই অঞ্চলতো পৰিলক্ষিত হৈছিল। তেতিয়া অসম তথা বৰ্তমানৰ অৰুণাচল আৰু নাগালেণ্ডৰ সীমান্তবর্তী অঞ্চলসমূহত সেনা শিবিৰ, যোগান ব্যৱস্থা, বিমান পথ আৰু ৰণনীতিৰ অংশ হিচাপে বহু বিস্ফোৰক সামগ্ৰী ব্যৱহাৰ কৰা হৈছিল। ইতিহাসবিদসকলৰ মতে, সেই সময়ত ব্যৱহাৰ কৰা বহু বোমা আৰু বিস্ফোৰক সামগ্রী সম্পূর্ণৰূপে নিষ্ক্রিয় নোহোৱাকৈ মাটিৰ তলত ৰৈ যোৱাৰ সম্ভাৱনা আছে। বমগাৰা অঞ্চলটোও সেই বৃহত্তৰ যুদ্ধভূমিৰ প্ৰভাৱত পৰিছিল বুলি অনুমান কৰা হৈছে।
এই ঘটনাৰ পাছত সমগ্ৰ অঞ্চলটোত আতংকৰ সৃষ্টি হয় যদিও আৰক্ষীয়ে ৰাইজক শান্ত থাকিবলৈ আহ্বান জনায়। লগতে সন্দেহজনক বস্তু দেখিলেই নিজে স্পর্শ নকৰাকৈ তৎক্ষণাত আৰক্ষীক অৱগত কৰিবলৈ অনুৰোধ জনোৱা হৈছে। স্থানীয় ৰাইজে জনোৱা মতে, এই অঞ্চলত পূর্বেও মাটিৰ তলত পুৰণি সামগ্ৰী উদ্ধাৰ হোৱা ঘটনা শুনা গৈছে যদিও এইদৰে বোমাসদৃশ বস্তু উদ্ধাৰ হোৱাটো প্ৰথমবাৰৰ বাবে দেখা গৈছে। ফলত ঘটনাটোৱে সকলোৰে দৃষ্টি আকর্ষণ কৰে। বৰ্তমানলৈকে বোমাটো নিষ্ক্রিয় কৰা হোৱা নাই যদিও সেনা-বিস্ফোৰক বিশেষজ্ঞ দল আহি পৰৱৰ্তী ব্যৱস্থা গ্রহণ কৰিব বুলি জানিব পৰা গৈছে।