এশগৰাকী ১০০ বছৰীয়া, ৩,৬২২গৰাকী ৮৫ৰ ঊর্ধ্বৰ ভোটাৰ অন্তৰ্ভুক্ত, ধেমাজিৰ তিনিটা সমষ্টিৰ ভোটাৰ তালিকা প্রকাশ

dainik janambhumi February 11, 2026

ডিজিটেল ডেস্ক : ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশনামর্মে আগন্তুক বিধানসভাৰ নিৰ্বাচন ২০২৬-ৰ বাবে চূড়ান্ত ফটোযুক্ত ভোটাৰ তালিকা কালি প্রকাশ কৰা হয়। এই উপলক্ষে ধেমাজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা আয়ুক্তই এখন সংবাদমেল সম্বোধন কৰে। ধেমাজি জিলাখনৰ তিনিটা বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ৫,৮১,৮৪৮গৰাকী। 

ইয়াৰে ভিতৰত পুৰুষ ভোটাৰ ২,৯১,৩৮০ গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা ২,৯২,৪৯৬গৰাকী বুলি উল্লেখ কৰি জিলা আয়ুক্ত সুৰেশ ৰাহুল জাৱিৰে কয় যে এই চূড়ান্ত ফটোযুক্ত ভোটাৰ তালিকা অনুসৰি ৭৮নং ধেমাজি বিধানসভা সমষ্টিত ১,৭৮,৩১৯গৰাকী, ৭৯নং চিচিবৰগাঁও বিধানসভা সমষ্টিত ১,৮১,৪৮৩গৰাকী আৰু ৮০নং জোনাই বিধানসভা সমষ্টিত ২,২২,০৪৬গৰাকী ভোটাৰ থকাৰ কথা অৱগত কৰে। ধেমাজি জিলাখনৰ তিনিটা বিধানসভা সমষ্টিত ৭৩৮টা ভোট কেন্দ্ৰ আছে। ইয়াৰ ভিতৰত ৭৮নং ধেমাজি বিধানসভা সমষ্টিত ২২৬টা, ৭৯নং চিচিবৰগাঁও বিধানসভা সমষ্টিত ২৩০ টা আৰু ৮০নং জোনাই বিধানসভা সমষ্টিত ২৮২টা ভোট কেন্দ্ৰ থকাৰ কথা উল্লেখ কৰে। জিলাখনত তিনিটা বিধানসভা সমষ্টিত এশগৰাকী ১০০ বছৰীয়া ভোটাৰৰ বিপৰীতে ৩,৬২২গৰাকী ৮৫ ঊর্ধ্বৰ ভোটাৰ আছে বুলি সংবাদমেলত জিলা আয়ুক্তগৰাকীয়ে উল্লেখ কৰে। 

ইপিনে, এইবাৰ ৭৮নং ধেমাজি বিধানসভা সমষ্টিত ২,৫৮৭গৰাকী, ৭৯নং চিচিবৰগাঁও বিধানসভা সমষ্টিত ২,১৬৮গৰাকী আৰু ৮০নং জোনাই বিধানসভা সমষ্টিত ৪৯৫গৰাকী ভোটাৰ সংশোধনীৰ জৰিয়তে বৃদ্ধি হয়। জিলাখনৰ তিনিটা বিধানসভা সমষ্টিত সৰ্বমুঠ ৫,২৫০ গৰাকী ভোটাৰ বৃদ্ধি হোৱা বুলি উল্লেখ কৰে।

Share This