সুযোগ সন্ধানী
Digital desk
July 16, 2024
ডিজিটেল ডেস্কঃ এৰিষ্টটলৰ এষাৰী বিখ্যাত উক্তি আছে– ‘Excellence is never an accident, it is always the result of high intention, Sincere effort and intelligent executions; it represents the wise choice of many alternatives-choice, not chance, determines your destiny;প্ৰত্যেকৰ জীৱনত,জীৱনৰ প্ৰতিটো স্তৰত এই উক্তিয়ে সামৰা কথাখিনিৰ প্ৰভাৱ উপলব্ধি কৰিব পৰা যায়,যদি সূক্ষ্মভাৱে জীৱনৰ উত্তৰণ,পতনৰ দিশবোৰ বিশ্লেষণ কৰা হয়৷ কোনো সাফল্যই ভাগ্য নিৰ্ভৰ নহয়;সেই সাফল্যৰ পাছত দৌৰিব লাগিব৷ সেই সাফল্য লভাৰ একনিষ্ঠ প্ৰচেষ্টা লাগিব আৰু বুদ্ধিমত্তাৰ সঠিক ব্যৱহাৰেৰে তাক কাৰ্যত ৰূপায়ণৰ নিৰালস্য প্ৰচেষ্টা লাগিব৷ সেইবাবেই বোধ হয় বিশ্বৰ সৰ্বকালৰ শ্ৰেষ্ঠ দাৰ্শনিকগৰাকীয়ে কৈ গৈছে যে 'choice, not chance, determines your destiny',
আমাৰ চৌদিশে উত্থান-পতনৰ ঘটি থকা প্ৰত্যেকটো ঘটনাৰ কাৰণ ভাগ্য নহয়৷ এটা সুনিৰ্দিষ্ট পথেৰে বিচৰা সন্ধানৰহে ফল৷ সাম্প্ৰতিক দেশৰ ৰাজনৈতিক ঘটনাপ্ৰৱাহলৈ লক্ষ্য কৰিলেও এই সত্যক অনুধাৱন কৰিব পাৰি৷ দেশৰ ৰাজনৈতিক ইতিহাসৰ এটা অতি জটিল নিৰ্বাচন সম্পন্ন হৈ গ'ল৷ ক্ষমতা বিজেপি নেতৃত্বাধীন নেশ্যনেল ডেমক্ৰেটিক এলায়েন্সে পালে ঠিকেই,কিন্তু বিজেপি-বিৰোধী শক্তিবোৰৰ এনে এটা স্তৰলৈ উত্তৰণ ঘটিল যে এতিয়া শাসকীয় পক্ষটোৱে পদে পদে সচেষ্ট হৈ আগবাঢ়িব লগা হৈছে৷ এই নিৰ্বাচনৰ পাছত বহা সংসদৰ প্ৰথমখন অধিৱেশনতে প্ৰকট হৈ উঠে শাসকীয় দলৰ এই পৰিস্থিতিৰ ছবিখন৷ যোৱা ১০টা বছৰে সম্ভৱ নোহোৱা এটা পৰিৱেশ ৰচনা হৈছে সংসদত৷ বিৰোধী সদস্যসকলে সাহসেৰে,গভীৰ প্ৰত্যয়েৰে সংসদৰ মজিয়াত উত্থাপন কৰিবলৈ সক্ষম হৈছে নিজৰ বক্তব্য৷ যিবোৰ বিষয়ৰ কোনো আলোচনা নোহোৱাকৈ সংসদত বিধেয়ক গৃহীত হৈ আইন প্ৰণয়ন হৈছিল,সেই বিষয়বোৰ নতুন ৰূপত উত্থাপিত হ'বলৈ ধৰিছে সংসদৰ মজিয়াত৷ গণতান্ত্ৰিক শাসন প্ৰক্ৰিয়াৰ প্ৰকৃত বাঞ্ছিত ছবিখন সংসদত প্ৰতিফলিত হ'বলৈ ধৰিছে৷ এয়া জানো ভাগ্যই অনা পৰিৱৰ্তন?নিশ্চয় নহয়৷ ২০১৪ চনত কংগ্ৰেছৰ দুৰ্নীতি-ভ্ৰষ্টাচাৰ-অপশাসনৰ বিৰুদ্ধে এটা নিষ্ঠাৱান প্ৰতিবাদী পৰিৱেশ সচেতনভাৱে সৃষ্টি হোৱাৰ পৰিপ্ৰেক্ষিতত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপিৰ সপক্ষে যি ছুনামিৰ সৃষ্টি হৈ ৰাজনৈতিক পৰিৱৰ্তন সম্ভৱ হৈছিল,সেই একেই গণ অসন্তুষ্টিৰ পৰিণতিত সম্ভৱ হৈ উঠিছে বৰ্তমানৰ পৰিৱৰ্তনৰ পৰিৱেশটোও৷
ইয়াৰ কোনোটোতে ভাগ্যৰ বা সুযোগৰ কথা নাই৷ তেতিয়াও সচেতনভাৱে সৃষ্টি হৈছিল সেই পৰিৱেশ আৰু এতিয়াও এই পৰিৱৰ্তনৰ পৰিৱেশ আকস্মিকভাৱে আকাশৰ পৰা নামি পৰা নাই৷ আগৰ পৰিৱেশটো নৰেন্দ্ৰ মোদীয়ে তথা সেই সময়ৰ বিজেপি নেতাসকলে 'High intentio' অৰ্থাৎ প্ৰচণ্ড স্পৃহা'Sincere effor' অথাৰ্ৎ নিষ্ঠাপূৰ্ণ চেষ্টা আৰু 'intelligent executio' অৰ্থাৎ বুদ্ধিদীপ্তভাৱে ৰূপায়ণ কৰি সেই কংগ্ৰেছ-বিৰোধী ছুনামিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল৷ তেনেদৰে এতিয়াৰ পৰিৱৰ্তনখিনিও সম্ভৱ হৈ উঠিছে কংগ্ৰেছকে ধৰি বিৰোধী নেতাসকলৰ পৰিৱৰ্তনৰ গভীৰ আশা, চেষ্টাক বুদ্ধিদীপ্তভাৱে কৰ্মক্ষেত্ৰত প্ৰয়োগৰ বাবে কৰা নিষ্ঠাপূৰ্ণ চেষ্টাৰ পৰিপ্ৰেক্ষিতত৷ এতিয়া কথা হৈছে সময়ৰ যিটো আহ্বান সেইটো হৃদয়ংগম কৰিবলৈ সক্ষম হ'ব লাগিব বিৰোধী পক্ষ৷ তেওঁলোক এটা সুবিধাজনক স্তৰলৈ আগবাঢ়ি যাবলৈ সক্ষম হ'ল ঠিকেই, এতিয়া পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে তেওঁলোকৰ লক্ষ্য স্থিৰ কৰি ল'ব পাৰিব লাগিব, সেই মতে নিষ্ঠাৰে, বুদ্ধিদীপ্ততাৰে আগুৱাব পাৰিলে তেওঁলোকৰ সপোন বাস্তৱ হোৱাৰ সম্ভাৱনা থাকিব৷ ভাগ্যই তেওঁলোকলৈ ক্ষমতা উৰুৱাই লৈ নাহে৷ তেনেদৰে বিজেপিয়েও অনুধাৱন কৰিব লাগিব দহ বছৰৰ প্ৰত্যাশী ৰাজত্বৰ পাছত তেওঁলোকৰ প্ৰতি জনসাধাৰণৰ বৃহৎ অংশ এটাৰ বিতুষ্টিৰ কাৰণ কি? তেওঁলোকে ভাৰতীয় ধাৰণাৰ বিপৰীতে কাম কৰা বাবে এনে অৱস্থাৰ সন্মুখীন হ'ব লগা হৈছে নেকি সেইটোও পৰ্যালোচনা কৰা উচিত৷ অসমত বিজেপি নেতৃত্বাধীন এন ডি এই এইবাৰ অভিলেখ ৰচি ১১টা সমষ্টি লাভ কৰিলে ঠিকেই, কিন্তু এইবাৰৰ নিৰ্বাচনৰ বিজেপিৰ নিজা ভোটৰ অংশ ৩৭.৪৩ শতাংশতকৈ কংগ্ৰেছৰ ভোটৰ অংশ বেছি-৩৭.৪৮ শতাংশ৷ মন কৰিব লগীয়া কথাটো হ'ল কংগ্ৰেছে এই ভোট এনে এটা সময়ত লাভ কৰিছে, যি সময়ত দলটোৰ সাংগঠনিক অৱস্থাই চৰম শোচনীয় ৰূপ ধাৰণ কৰিছিল৷ বহু 'শক্তিশালী' বিধায়ক-নেতাই নিৰ্বাচনৰ আগমুহূৰ্তত দল ত্যাগ কৰি বিজেপিৰ শৰণাপন্ন হৈছিল৷ বহু ভোট কেন্দ্ৰত কংগ্ৰেছৰ প্ৰাৰ্থীৰ এজেণ্ট হ'বলৈ কৰ্মীৰ অভাৱ ঘটিছিল৷ সেই সময়ত অৱশিষ্ট দলীয় নেতৃত্বই আঞ্চলিক আৰু বাওঁ দলবোৰক লৈ যি বিৰোধী ঐক্যমঞ্চ গঢ়াৰ 'choice' বা পথ গ্ৰহণ কৰিছিল সেয়াই মৃতপ্ৰায় দলটোৰ বাবে যে মকৰধবজৰ কাম কৰিলে সেয়া অনস্বীকাৰ্য৷ ক্ষমতাৰ পৰা শতযোজন দূৰৈত থকা অৱস্থাত এই বিৰোধী ঐক্য গঢ়ি বুদ্ধিদীপ্তভাৱে সেই সময়ৰ জনসাধাৰণৰ আস্থা অৰ্জনৰপথ গ্ৰহণ কৰিবলৈ সক্ষম হোৱাৰ বাবেই আজি বিৰোধীয়ে ভৰিৰ তলৰ পৰা হেৰাই যোৱা বহুখিনি মাটি পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ এতিয়া 'পাৰ পালে যমুনাৰ ভূৰত মাৰে লাঠী'ৰ দৰে যদি সেই সন্মিলিত শক্তিটোক কংগ্ৰেছে আঁতৰাৰ খোজে তেনেহ'লে পৰিণাম কি হ'ব পাৰে সেয়া সহজেই অনুমেয়৷ কিন্তু প্ৰৱণতাবোৰ তেনেকুৱাই দেখা গৈছে৷ ২০২৬ৰ লক্ষ্যৰে ইতিপূৰ্বে প্ৰতিষ্ঠা হোৱা বিৰোধী ঐক্যক অধিক শক্তিশালী কৰিবলৈ চেষ্টা কৰাৰ বিপৰীতে কংগ্ৰেছৰ নেতৃত্ব এইকেইদিন ব্যস্ত হোৱা দেখা গৈছে দলত্যাগী নেতাসকলক পুনৰ দললৈ ওভতাই অনাৰ 'ৰণকৌশল'ত৷ সেই সুযোগ সন্ধানীসকলৰ ৰাজনৈতিক গুৰুত্ব নাই, সেইটো প্ৰমাণ হৈছে৷
এতিয়া তেওঁলোকক প্ৰাধান্য দিবলৈ চেষ্টা কৰাটো অৰ্থহীন৷ ইয়াৰ পৰিৱৰ্তে যিসকলে এটা অতি জটিল সময়ত নিষ্ঠাৰে কাম কৰি দলটোক এটা সন্মানজনক অৱস্থালৈ আনিলে তেওঁলোকক গুৰুত্ব দি ভৱিষ্যতৰ ৰণনীতি যুগুত কৰিবলৈ চেষ্টা কৰা উচিত৷ এইটোৱেই সত্য যে 'choice' সঠিক হ'ব লাগিব৷ ভুল পথেৰে আগবাঢ়িলে কষ্ট কৰিলেও আকাংক্ষিত ফল নাপাব পাৰে৷
Share This