এবছৰত ২১ হাজাৰ কৰ্মচাৰীক ছাটাই অৰেকলৰ, কৃত্রিম বুদ্ধিমত্তাৰ প্ৰযুক্তি ব্যৱহাৰ বৃদ্ধিৰ প্ৰভাৱ

dainik janambhumi June 25, 2026

ডিজিটেল ডেস্ক : কৃত্রিম বুদ্ধিমত্তা (এ আই)ৰ দ্রুত উত্থানে হ্রাস কৰি আনিছে মানুহৰ কর্মসংস্থান। তাৰ শেহতীয়া উদাহৰণ হৈছে মার্কিন বহুজাতিক কোম্পানী অৰেকল কৰ্প'ৰেশ্যন। এই প্রতিষ্ঠানটোৱে যোৱা এটা বছৰত হ্ৰাস কৰিলে ২১ হাজাৰ কৰ্মচাৰী। 

এ আইৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ বাবেই এই কৰ্মচাৰীসকলক ছাটাই কৰা বুলি কোম্পানী কর্তৃপক্ষই প্রকাশ কৰিছে। অৰেকলৰ শীৰ্ষ সূত্রই প্রকাশ কৰিছে যে কোম্পানীটোৰ সকলো খণ্ডতে এ আই প্রযুক্তি ব্যৱহাৰ কৰি সফলতা লাভ কৰা হৈছে, যাৰ ফলত তেওঁলোকে কৰ্মচাৰীৰ সংখ্যা হ্রাস কৰিবলৈ বাধ্য হৈছে। 

এই ছাটাইৰ লগে লগে কোম্পানীটোৰ বিশ্বজুৰি থকা কৰ্মচাৰীৰ সংখ্যা ১,৬২,০০০ৰ পৰা ১.৪১ লাখলৈ হ্রাস পালে।

Share This