ডিজিটেল ডেস্ক : ভূঁইকঁপত বিধ্বস্ত ভেনিজুৱেলাত এইবাৰ বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটিছে। দেশখনৰ জনতাৰ মাজত চৰ্মৰোগ, ডায়েৰিয়া, বিভিন্ন পুৰণি ৰোগ যেনে উচ্চ ৰক্ত চাপ, মধুমেহ আদি বৃদ্ধি পোৱা দেখা গৈছে। ভূঁইকঁপৰ পাছত আশ্রয় শিবিৰসমূহত জনতাৰ অত্যধিক ভিৰ, নিম্ন মানৰ পানী আৰু অনাময়ৰ দুৰৱস্থাই মানুহৰ মাজত চৰ্মৰোগ আৰু ডায়েৰিয়া বৃদ্ধি কৰা বুলি চিকিৎসকে প্ৰকাশ কৰিছে।
ইফালে, প্রাকৃতিক দুর্যোগত আক্রান্ত দেশখনলৈ প্রায় ৩০০ নিযুত মার্কিন ডলাৰৰ সহায়-সাহায্যৰ বাবে ৰাষ্ট্ৰসংঘই বিশ্বৰ দেশসমূহলৈ আহবান জনোৱাৰ পাছতে বিভিন্ন বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনে সাহায্য অভিযান আৰম্ভ কৰিছে। দেশখনৰ আটাইতকৈ ক্ষতিগ্রস্ত লা গুৱাইৰাত ভ্রাম্যমাণ ৰন্ধনশালা, চিকিৎসা ক্লিনিক আৰু ফিল্ড হস্পিটেল আদিও স্থাপন কৰা হৈছে।
উল্লেখযোগ্য যে দেশখনত যোৱা মাহত হোৱা দুটাকৈ উচ্চ প্রাবল্যৰ ভূঁইকঁপত প্রায় ৩,৮৮৯জন লোকৰ মৃত্যু হৈছিল। দেশখনৰ প্ৰায় ১৮ হাজাৰ লোক প্রাকৃতিক দুৰ্যোগৰ ফলত গৃহহীন হৈ পৰে।