ডিজিটেল ডেস্ক: 'আমাৰ পৃথিৱীখন আমিয়েই ধ্বংস কৰিছোঁ। বোপা ককাই ৰোৱা গছ আমি কাটিছোঁ, কিন্তু তাৰ বিপৰীতে আমি কিমান গছ ৰুইছোঁ সেই হিচাপ আমি কৰি চাইছোঁনে। আমাৰ ভুলৰ বাবেই প্রাকৃতিক ভাৰসাম্য হেৰাইছে। পৃথিৱীৰ প্ৰতিজন মানুহে একোটাকৈ গছপুলি ৰোপণ কৰিলেই পৃথিৱীৰ ভাৰসাম্য ঘূৰি আহিব আৰু অনাগত দিনত আমি জীয়াই থকাটো সম্ভৱ হ'ব।' এই মন্তব্য শুকুৰবাৰে ৰহাত অসমীয়া গহনাৰ প্ৰতিষ্ঠান 'ডুগডুগীৰ ত্ৰয়োদশ বর্ষপূর্তি আৰু ডুগডুগী ফাউণ্ডেশ্যনৰ' দ্বিতীয় বার্ষিক প্রতিষ্ঠা দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত 'ডুগডুগী অসম ২০২৫ বঁটা' গ্রহণ কৰি নিজৰ শ্ৰম আৰু কষ্টৰ মাজেৰে মৰুভূমিক হাবিলৈ পৰিৱৰ্তন কৰি বিশ্ববাসীক চমকেৰে সজাগ কৰা অৰণ্য মানৱ, মুলাই কাঠনিৰ স্ৰষ্টা পদ্মশ্রী বঁটাপ্ৰাপক যাদৱ পায়েঙৰ।
বঁটা গ্ৰহণ কৰি অৰণ্য মানৱ খ্যাত যাদৱ পায়েঙে আমাৰ চিৰসেউজ অসমখনক আমি নিজেই ধ্বংস কৰিছোঁ বুলি মন্তব্য কৰি অসমখনক চিৰসেউজ কৰি ৰাখিবৰ বাবে আমি প্রাথমিক বিদ্যালয়ৰ পৰাই শিশুসকলক প্ৰকৃতিৰ বিষয়ে জ্ঞান দি গছপুলি ৰোপণৰ শিক্ষা দিয়াৰ লগতে এতিয়াৰ পৰাই নৱপ্ৰজন্মক সজাগ কৰি তোলাৰ প্ৰয়োজন বুলি কয়। পৃথিৱীখন এখনেই আৰু আমি একেটা পৰিয়ালৰেই বুলি উল্লেখ কৰি আমিহে ভাগ ভাগ কৰি আছোঁ বুলি উল্লেখ কৰি পায়েঙে প্রকৃতিক ভাল পাব পাৰিলেই আমাৰ সকলো সমস্যা দূৰ হৈ যাব বুলি কয়। আমাৰ দেশত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। এই দিৱসত প্ৰতি বছৰে এটা গাঁততে পালন কৰা হয় বুলিও আক্ষেপ কৰি অৰণ্য মানৱগৰাকীয়ে গছপুলি ৰোপণ কৰিব নোৱাৰিলে অন্ততঃ আমি কোনো কাৰণতে গছ নাকাটিলেই গছ নিজে নিজেই হ'ব বুলি কয়। ইপিনে জুবিন গাৰ্গৰ স্মৃতি সোঁৱৰণ কৰি পায়েঙে জুবিনক অমৰ কৰি ৰখাৰ বাবে জুবিনৰ নামত অসমত ব্ৰহ্মপুত্ৰৰ যিমান দলং আছে, তাৰ উত্তৰে-দক্ষিণে একোখনকৈ সৰু সৰু ফৰেষ্ট নিৰ্মাণ কৰি সেই ফৰেষ্টবোৰ জুবিনৰ নামত নামকৰণ কৰি অসমৰ প্ৰতিগৰাকী লোকৰ লগতে চৰকাৰক পদক্ষেপ গ্রহণ কৰিবলৈকো তেওঁ আহ্বান জনায়। তেওঁ কয়, জুবিন মৰিও অমৰ বুলি ক'লে নহ'ব, তেওঁক অমৰ কৰিবলৈ সৰু-বৰ ফৰেষ্ট সৃষ্টি কৰি তাৰ দায়িত্ব চৰকাৰ আৰু ৰাইজৰ সহযোগত গছপুলি ৰোপণ কৰি সেইবোৰ জুবিনৰ নামত নামকৰণ কৰি সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগিব তাত জুবিনৰ গীত বজাই জুবিনৰ ভালপোৱাবোৰ ৰাখি প্ৰকৃতিৰ ভাৰসাম্য বৃদ্ধিৰ চেষ্টাৰ লগতে জুবিনক অমৰ কৰিব লাগিব।'
ৰহা ক্রীড়া সন্থাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত গাম্ভীর্যপূর্ণ অনুষ্ঠানটোত অৰণ্য মানৱ, পদ্মশ্রী বঁটাপ্রাপক যাদৱ পায়েঙক এখন ফুলাম গামোচা, চেলেং, এখন শৰাই, জাপি, এটা স্মাৰক, প্রশস্তি পত্ৰ, ফুলৰ থোপা, গঁড়ৰ প্ৰতীকৰ লগতে ২৫ হাজাৰ টকাৰ চে'ক প্ৰদান কৰি 'ডুগডুগী অসম বঁটা ২০২৫'ৰে সন্মানিত কৰা হয়। নগাঁৱৰ এ এন আই সাংবাদিক জ্যোতিপ্ৰসাদ বৰাই আঁত ধৰা অনুষ্ঠানত উপস্থিত থাকি নগাঁও লোক সভাৰ সমষ্টিৰ সাংসদ প্রদ্যুৎ বৰদলৈয়ে প্ৰকৃতি আৰু পৰিৱেশ সংৰক্ষণৰ কাৰণে অৰণ্য মানৱ যাদৱ পায়েঙে আগবঢ়োৱা কৰ্মৰাজিক ভূয়সী প্রসংসা কৰি প্ৰকৃতিৰ বাবেই জীৱনৰ সৰ্বস্ব দিয়া এনে ব্যক্তি বিশ্বতে বিৰল বুলি কয়। সভাত ফুল ছিঙি সেই ফুলেৰে সভাত দিয়া উপহাৰ ভৱিষ্যতৰ দিনত গ্ৰহণ কৰাৰ পৰা বিৰত থাকিব বুলিও সভাত সদৰী কৰে।
উক্ত অনুষ্ঠানতে ডুগডুগীৰ স্বত্বাধিকাৰী কবি উৎপল বণিয়াৰ কবিতা পুথি 'অংশুমালা' উন্মোচন কৰে অসম সাহিত্য সভাৰ উপ-সভাপতি পদুম ৰাজখোৱাই। কবিতা পুথিখন উন্মোচন কৰি ৰাজখোৱাই অসমীয়া গহনাক এক উল্লেখযোগ্য স্থানত প্রতিষ্ঠা কৰা যুৱ উদ্যোগী বণিয়াই ব্যৱসায়ৰ লগতে সামাজিক আৰু সাহিত্য ক্ষেত্রত আগবঢ়োৱা বৰঙনিৰ প্ৰশংসা কৰি কয়, 'মই ৰাজনৈতিক দলৰ মানুহ নহয়। ৰাজনৈতিক দলৰ সভালৈ নাযাওঁ। কিন্তু, কম বয়সতে উৎপল বণিয়াই সমাজৰ হকে যি কাম কৰিছে সেয়া কিন্তু আমি শলাগ ল'বই লাগিব। ৰাজনীতি বাদ দি যিসকলে সমাজৰ হকে কাম কৰে সেইসকলক আমি আদৰণি জনাব লাগিব বুলি কয়। অনুষ্ঠানত উদ্বোধনী ভাষণ প্রদান কৰি ৰহাৰ এক ভিতৰুৱা অঞ্চলত জন্মগ্রহণ কৰি বৰ্তমানৰ লিপি বিশেষজ্ঞৰ কাম কৰি থকা ভাস্কৰ বৰদলৈয়ে ভাষণত পুৰণি অসমীয়া লিপিৰ বিচাৰ বিশ্লেষণ কৰিলে দক্ষিণ ভাৰতৰ বহু ভাষাৰ আখৰ আৰু বৰ্ণৰ মিল আছে বুলি মন্তব্য কৰি এই বিষয়টোত গৱেষণা চলি আছে। এই বিষয়টোৰ জৰিয়তেই অসমীয়া ভাষাযে পুৰণি সেই কথাৰ সম্ভেদ পোৱা যাব বুলি কয়। এই অনুষ্ঠানত নতুকৈ গঠিত ৰহা সমষ্টিৰ বিভিন্ন বিষয়ত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা শিক্ষাবিদ, নামঘৰীয়া, ভাস্কৰ শিল্পী, চিত্রশিল্পী, অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া, বিশিষ্ট সমাজকর্মী লগতে বাতৰিকাকতৰ হকাৰ আদিকে ধৰি এশগৰাকী বিশিষ্ট বয়োজ্যেষ্ঠ ব্যক্তিকো ডুগডুগীৰ তৰফৰ পৰা একোখনকৈ ফুলাম গামোচা, চেলেং, সম্বর্ধনা-পত্ৰ আৰু একোটাকৈ গছপুলিৰে বিশেষভাৱে সম্বর্ধনা জনোৱা হয়।
অনুষ্ঠানত শ্রীশ্রীবাসুদেৱ সত্ৰৰ অধিকাৰ গোলোক দেৱ গোস্বামী, শ্ৰীশ্ৰীশুকদল-শলগুৰি সত্ৰৰ অধিকাৰ নীৰেন চন্দ্ৰ মহন্ত, বিশিষ্ট সংগীত শিল্পী ৰঞ্জন বেজবৰুৱাৰ উপৰি ডুগডুগীৰ স্বত্বাধিকাৰী উৎপল বণিয়া আৰু পৰিয়ালবৰ্গৰ লগতে ৰহা অঞ্চলৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি আৰু বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে প্রথম বর্ষত এই ডুগডুগী অসম বঁটা অসমৰ ওজাপালি গুৰু শিল্পী পদ্মশ্রী দ্রোণ ভূঞাক প্ৰদান কৰা হৈছিল।