তেলেংগানাত বিজেপিৰ সভাত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, সন্ত্রাসবাদৰ পৃষ্ঠপোষক পাকিস্তানক সিন্ধুৰ পানী দিয়া নহ'ব

dainik janambhumi June 14, 2026

ডিজিটেল ডেস্ক : সন্ত্রাসবাদৰ পৃষ্ঠপোষক ৰাষ্ট্ৰ, পাকিস্তানলৈ সিন্ধু নদীৰ পানী এৰি দিয়াত ভাৰতে কোনোপধ্যে অনুমতি দিব নোৱাৰে।- এই মন্তব্য প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ। 

তেলেংগানা বিজেপিয়ে হায়দৰাবাদত অনুষ্ঠিত কৰা এক 'বৌদ্ধিক সভা'ত ভাগ লৈ মন্ত্ৰীগৰাকীয়ে পৃষ্ঠপোষকতা কৰাৰ বাবে পাকিস্তানক কঠোৰ ভাষাৰে গৰিহণাও দিয়ে। তেওঁ কয় যে যিসকলে শান্তি আৰু সম্প্ৰীতিৰ ভাষা নুবুজে তেওঁলোকক ভাৰতে কেনেধৰণৰ ব্যৱহাৰ কৰে, সেয়া 'অপাৰেশ্যন সেন্দূৰ'ৰ জৰিয়তে বিশ্বক দেখুৱাই দিয়া হৈছে। 

সন্ত্রাসবাদৰ পহলগামৰ সন্ত্রাসবাদী আক্ৰমণৰ পাছতে ভাৰতে সিন্ধু জল চুক্তি বাতিল কৰা বুলি প্ৰকাশ কৰি সিঙে কয় যে যিসকলৰ চকুলো শুকাই গ'ল, সিহঁতে আমাৰ পৰা পানী পাম বুলি আশা কৰাটো মিছা।

Share This