ডিজিটেল ডেস্ক : ছাত্র জীৱনত অধ্যয়নেই তপস্যা, অধ্যয়নেই ধ্যান। অসমীয়াত এষাৰ পুৰণি প্রবাদ আছে-পঢ়াই, পড়ে, ৰোৱে পাণ, এই তিনি নিচিন্তে আন। শিশু এটিৰ শিক্ষা জীৱন আৰম্ভ হোৱাৰ পাছত অধ্যয়ন যিদৰে প্ৰধান কৰ্ম হৈ পৰে, সেইদৰে গুৰুজনৰ প্রতি, শিক্ষকৰ প্ৰতি শ্ৰদ্ধাও শিক্ষা জীৱনৰ এৰাব নোৱৰা অংশ হৈ পৰে। শিক্ষা জীৱন শেষ হোৱাৰ পাছতো বাটে-ঘাটে গুৰুজনক দেখা পালে অতি সৌজন্যতাৰে মাত এষাৰ দিয়াটো নৈতিকতা আৰু দায়িত্ববোধৰ শিক্ষাৰ ফলত লাভ কৰা সামাজিক আচৰণ। শিক্ষাগুৰু বা জ্যেষ্ঠজন সকলোৰে ক্ষেত্ৰত উঠি অহা প্ৰজন্মৰ এনে আচৰণেই সাধাৰণতে আমি দেখি আহিছোঁ। কিন্তু কথাবোৰ শেহতীয়াকৈ দ্রুতগতিত সলনি হ'বলৈ ধৰিছে। 'অধ্যয়নকেন্দ্ৰিক হ'ব লগা ছাত্র সমাজ', 'নৈতিক আদৰ্শৰে সামাজিক দায়িত্ববোধৰ গুৰি ধৰিবলৈ আগবাঢ়িব লগা ছাত্র সমাজ' ধাৰণাৰ ক'ৰবাত কেৰোণ লাগিছে। সামাজিক অৱক্ষয়ৰ চূড়ান্ত নিদর্শনেৰে গুৰু-শিষ্যৰ মাজত চলা অসংখ্য সংঘাতৰ বাতৰিয়ে শিৰোনাম দখল কৰিছে। 'চেকনীৰ আগত বিদ্যা' প্রবাদফাকিক মিছা প্রমাণ কৰি, এতিয়া চেকনী হাতত লোৱা শিক্ষকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে স্বয়ং অভিভাৱক। কেৱল এয়াই নহয়, নৈতিক স্খলনৰ জ্বলন্ত উদাৰহণেৰে, ছাত্ৰৰ শাৰীৰিক আক্ৰমণৰ বলি হ'ব লগা হৈছে স্বয়ং শিক্ষাগুৰু। আজিৰ পৰা প্ৰায় দুবছৰ পূৰ্বে, এজন শিক্ষকক সামান্য কাৰণতে এজন ছাত্রই ছুৰীৰে হানি হত্যা কৰাৰ ভয়ংকৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছিল। তাৰ পাছতো শিক্ষকক অপমান, গঞ্জনাৰ ঘটনা অনেক ঘটিছে। শেহতীয়াকৈ গুৱাহাটীৰ দুখন অভিজাত বিদ্যালয়ত সংঘটিত এক ঘটনাই উঠি অহা একাংশ শিশু-কিশোৰৰ নৈতিক অৱক্ষয়ক স্পষ্ট কৰাৰ বিপৰীতে সামাজিক প্ৰমূল্যবোধৰ ওপৰতো প্রশ্ন তুলিছে। উল্লেখযোগ্য যে, এই অৱক্ষয়ত মূল অৰিহণা যোগাইছে ডিজিটেল আসক্তিয়ে। এক অর্থত হাতৰ টিপতে লৈ ফুৰা ম'বাইল ফ'নটো হৈ পৰিছে নতুন প্ৰজন্মৰ বাবে ভয়াৱহ ৰোগৰ বাহক। এই ৰোগ মানসিক।
ম'বাইল ফ'ন এতিয়া মনোৰঞ্জনৰ আধাৰ, জীৱিকাৰ আহিলা। এনে ম'বাইল বা স্মার্ট ফ'নসর্বস্ব জীৱনত ফ'নৰ বাবে কটা-মৰা হোৱা, আত্মহত্যা কৰা ইত্যাদি ঘটনা তেনেই সুলভ এতিয়া। ম'বাইল ফ'নৰ আসক্তিৰ প্ৰভাৱ সকলোতকৈ বেছিকৈ পৰিছে শিশুৰ ওপৰত। জেনেৰেশ্যন আলফা যুগৰ প্ৰতিটো শিশুৱেই জন্ম হৈয়েই সন্মুখত স্মার্ট ফ'ন দেখিছে। কিন্তু এ আই অর্থাৎ Artificial Intelligence-ব দ্রুত প্ৰসাৰৰ সময়ত, এতিয়া সহজলভ্য ইণ্টাৰনেট সেৱা আৰু ম'বাইল ফ'নেৰে এ আইক হাথিয়াৰ হিচাপে লৈয়েই এচাম নামি পৰিছে অপৰাধত। এই অপৰাধী মানসিকতাৰ পৰা বাদ পৰা নাই স্বয়ং হাইস্কুলৰ শিক্ষার্থীও। অলপতে দুখন অভিজাত বিদ্যালয়ৰ দুজন ছাত্রই শিক্ষয়িত্ৰী আৰু সহপাঠীসহ মুঠ ৭৫গৰাকীৰ এ আই জেনেৰেটেড ডীপফেক অশ্লীল ফটো টেলিগ্রাম এপত মুকলিকৈ বিক্ৰী কৰাৰ গুৰুতৰ ঘটনা সংঘটিত হৈছে। বিদ্যালয়ৰ প্ৰাথমিক তদন্তৰ পাছত ছাত্ৰকেইজনক বিদ্যালয়ৰ পৰা বৰ্খাস্ত কৰাৰ লগতে এই ঘটনা সন্দর্ভত অসম আৰক্ষীৰ ক্রাইম ব্রাঞ্চে তদন্ত আৰম্ভ কৰিছে। স্বাভাৱিকতে বিষয়টোৱে তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে এ আইৰ অপব্যৱহাৰৰ উপৰি শিশু-কিশোৰৰ মাজত ডিজিটেল আসক্তিয়ে লোৱা মাৰাত্মক ৰূপো প্রকাশ কৰিছে। আনকি এই ঘটনাই বৰ্তমানৰ শিক্ষানুষ্ঠান আৰু ছাত্ৰ-ছাত্ৰীৰ সামগ্রিক পৰিৱশটোকো উদঙাই দিয়ে।
উল্লেখযোগ্য যে, শিক্ষা গ্রহণ আৰু শিক্ষা প্রদান এই দুয়োটাৰ বাবে অনুকূল পৰিৱেশ জৰুৰী। উদাহৰণস্বৰূপে, যোৱা মেট্ৰিক পৰীক্ষাৰ প্ৰথম দিনটোৰ পৰীক্ষা দি ওলাই অহা দুজনমান পৰীক্ষাৰ্থীৰ আচৰণেও সেই সময়ত বিতৰ্কৰ সৃষ্টি কৰিছিল। মুখত গুটখা চোবাই সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত পৰীক্ষাৰ্থীকেইগৰাকীয়ে 'পৰীক্ষা ফালি দিছোঁ', 'পঢ়াই নহ'ল', 'একো লিখাই নহ'ল' জাতীয় বেপৰোৱা প্ৰত্যুত্তৰসমূহে স্বাভাৱিকতে সচেতন অভিভাৱকক হতাশ কৰি তুলিছিল। এখন দেশৰ যুৱ সম্পদৰ অৰ্হতা, দক্ষতা আৰু আচৰণৰ পৰাই সেই দেশখনৰ, সমাজখনৰ সামগ্রিক উন্নয়ন নিৰ্ণয় কৰা হয়। নির্মাণ হয় দেশৰ পৰিকাঠামোৰ। কিন্তু সমাজৰ এই গুৰুত্বপূৰ্ণ অংগটোৱেই যদি প্ৰাৰম্ভিক পৰ্যায়ত ঘুণীয়া, ৰোগগ্রস্ত হয়, স্বাভাৱিকতে ইয়াৰ বিৰূপ প্ৰভাৱ সকলোতেই পৰিব।
শিক্ষাৰ ক্ষেত্ৰত কথাবোৰ বৰ জটিল। মুখ্যতঃ ছ'চিয়েল মিডিয়াৰ বিৰূপ প্ৰভাৱে ছাত্র সমাজক একপ্ৰকাৰ ধ্বংসৰ গৰাহলৈ ঠেলি দিছে। ম'বাইল ফ'নৰ অত্যধিক ব্যৱহাৰ, আৰু ৰীল, শ্বচ্ছ নিৰ্মাণৰ মানসিকতাই নতুন প্রজন্মটোক সমাজখনৰ প্ৰতি নির্বিকাৰ কৰি পেলাইছে। জেন জি প্রজন্মটোক লৈ সততে চর্চা হয় যদিও, এই জেন জিৰ অধিকাংশই ব্যক্তি স্বাধীনতাক প্রয়োজনতকৈ বেছি গুৰুত্ব দিয়া প্রসংগও কিছু ক্ষেত্ৰত চিন্তনীয়। নিজৰ পৃথিৱীখনতেই আবদ্ধ এই প্রজন্মই Textationship, breadcrumbing, bae, friend with benifits, catfishig, bench-ing, she her ইত্যাদি কেতবোৰ শব্দৰ মাজেৰে সম্পৰ্কবোৰ নিৰ্ধাৰণ কৰি পেলাইছে। নক'লেও হ'ব ম'বাইলৰ স্ক্ৰীনত আবদ্ধ এনে একাংশৰ বাবে প্রেমজনিত সম্পর্ক benching, catfishing জাতীয় শব্দৰ মাজতেই আবদ্ধ। ডিজিটেল পৃথিৱীক সর্বস্ব বুলি ভাবিবলৈ লোৱা এইসকলে নিজতকৈ ডাঙৰৰ বাবেও প্রয়োজনীয় সম্মানখিনিৰ সলনি অভিধানবহির্ভূত এনে কেতবোৰ শব্দৰেহে পৰিচয় দিবলৈ বিচাৰে। ব্যক্তিস্বাধীনতাক গুৰুত্ব দিব খোজা মানসিকতা উচ্চক্তৰৰ যদিও, ঘৰ আৰু সমাজ এখনৰ পৰা আহৰণ কৰা নৈতিকতাৰ অবিহনে সমাজবহির্ভূত আচৰণ স্খলিত অথবা অপৰাধপ্ৰৱণ হ'বলৈও বেছি পৰ নালাগে। উঠি অহা প্ৰজন্মৰ এনে স্খলন প্রতিনিয়ত দেখিবলৈ পাই থকাটো এখন সুস্থ সমাজ ব্যৱস্থাৰ বাবেই দুর্ভাগ্যজনক। নীতিহীন, শিষ্টাচাৰহীন এখন সমাজত ওভতগোৰে নাচিব খোজা শিশু-কিশোৰক লেকাম লগাবলৈ আনকি ব্যর্থ হৈছে খোদ অভিভাৱকো। এই ক্ষেত্রত প্রাথমিক পর্যায়তে নৈতিক শিক্ষাক গুৰুত্ব দিয়াটো জৰুৰী হৈ পৰিছে।