ডিজিটেল ডেস্ক : ৰাজ্যৰ চৌদিশে এতিয়া পঞ্চায়ত নিৰ্বাচনৰ ঢৌ। প্ৰতিগৰাকী পঞ্চায়ত প্রতিনিধিয়ে ভোট ভিক্ষাৰ উদ্দেশ্যৰে ভোটাৰ ৰাইজৰ কাষ চাপিছে যদিও এক নীৰৱ-নিতাল পৰিৱেশ বিৰাজ কৰিছে নৱ গঠিত নদুৱাৰ সমষ্টিত। কিয়নো এইবেলি নির্বাচন অনুষ্ঠিত নহয় নদুৱাৰ সমষ্টিত। ইতিমধ্যে সমষ্টিটোৰ চাৰিওখন জিলা পৰিষদৰ লগতে ১৯খন আঞ্চলিক পঞ্চায়তৰ পদত বিনা প্রতিদ্বন্দ্বিতাৰে বিজেপি দলৰ সমর্থিত প্রার্থীসকল নির্বাচিত হয়।
আনফালে ১৯০ টা ৱাৰ্ডৰ ভিতৰৰে ১৮৮টা বার্ডত বিজেপি মনোনীত প্রার্থীসকল বিনাপ্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয় যদিও দুটা ৱার্ডত নির্বাচন অনুষ্ঠিত হ'ব। সেই অনুসৰি দক্ষিণ মূঢ়াদল গাঁও পঞ্চায়তৰ অন্তৰ্গত এক নং বৰপথাৰ ৱাৰ্ডত বিজেপিৰ সমর্থিত দুগৰাকী প্রার্থী তথা অনিমা বৰুৱা আৰু পিংকি শইকীয়া বৰাই বন্ধুত্বপূৰ্ণভাৱে নির্বাচনত অৱতীর্ণ হ'ব যদিও পশ্চিম মূঢ়াদল গাঁও পঞ্চায়তৰ এক নং খ্রীষ্টান বস্তি ৱাৰ্ডত কংগ্ৰেছ আৰু বিজেপি সমর্থিত প্রার্থী দুগৰাকীৰ মাজত নিৰ্বাচন অনুষ্ঠিত হোৱাটো নিশ্চিত হৈ পৰিছে। জানিব পৰামতে এক নং বাটমাৰী ৱাৰ্ডৰ কংগ্ৰেছ সমর্থিত প্রার্থী জর্জ গোড়ীয়া আৰু বিজেপিৰ চমৰা মুণ্ডাৰ মাজত এই নির্বাচন অনুষ্ঠিত হ'ব যদিও কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে এই মুহূৰ্তলৈকে নির্বাচনী প্ৰচাৰ চলোৱা দেখা নগ'ল। বেনাৰ, প'ষ্টাৰ কাৰ্যালয় দূৰৰে কথা এই মুহূর্তলৈকে কংগ্রেছ প্রার্থী গৰাকীৰ মুখ দেখা নাই সাধাৰণ ভোটাৰ ৰাইজে।
কংগ্রেছ প্রার্থী জর্জ গোড়ীয়াই নিশ্চিত পৰাজয়ৰ কথা জানিয়েই নির্বাচনী যুঁজৰ পৰা আঁতৰি থকা অভিযোগ আনিছে উত্তৰ নদুৱাৰ মণ্ডল বিজেপিৰ কর্মকর্তাসকলে। আনহাতে ৰাজনৈতিক ইতিহাসত প্ৰথমবাৰলৈ নদুৱাৰ সমষ্টিত নির্বাচন অনুষ্ঠিত নহ'ল আৰু ৰাজ্যৰ ৰাজনীতিত এই কথা সোণোৱালী আখৰৰে লিখা থাকিব বুলি মন্তব্য কৰে বিজেপিৰ শোণিতপুৰ জিলাৰ উপসভাপতি নিতুমণি বৰাই। সমষ্টিটোৰ বিধায়ক পদ্ম হাজৰিকাৰ সুসংগঠিত সাংগঠনিক ভেটি আৰু কৰ্ম দক্ষতাৰ বাবেই নদুৱাৰ সমষ্টিত এশ শতাংশ বিজেপি সমর্থিত প্রার্থী বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱা বুলিও মন্তব্য কৰে শোণিতপুৰ জিলাৰ বিজেপিৰ উপ-সভাপতি নিতুমণি বৰাই।