ডিজিটেল ডেস্ক : বন বিভাগে ভুৱা তথ্য প্রদান কৰি দিহিং-পাটকাই হস্তী সংৰক্ষিত বনাঞ্চলত তেল অন্বেষণ আৰু খননৰ বাবে দুটা ব্যক্তিগত অইল প্রতিষ্ঠানক ৩.৯২ হেক্টৰ পৰিমাণৰ ভূমি আবণ্টন দিছে। বন বিভাগৰ এই মিথ্যাচাৰ শেহতীয়াকৈ ওলোৱা এক ভিডিঅ'ই প্রমাণ কৰিছে। উল্লেখযোগ্য যে আপাৰ দিহিং সংৰক্ষিত বনাঞ্চল (ইষ্ট ব্লক) দুৱাৰমৰা ব্লকত ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ে অইলমেক্স এনার্জী আৰু এন্টেল'পাছ এনার্জীক অনুমতি প্রদান কৰিছে। যি সময়ত অসমত হাতী-মানুহৰ সংঘাত বৃদ্ধি পাই আহিছে সেই সময়ত হাতীৰ বিচৰণস্থলীতে হাতীৰ অহা-যোৱা কৰা পথ ৰুদ্ধ কৰি বনাঞ্চলৰ মাজত পৰিৱেশ প্ৰদূষণকাৰী তেল খনন কৰিবলৈ অনুমতি দিয়াটো কিমান গ্রহণযোগ্য হৈছে তাক লৈ প্রশ্ন উত্থাপন হৈছে।
কেন্দ্রীয় চৰকাৰে দিয়া অনুমতি-পত্রত অতি আশ্চর্যজনকভাৱে উল্লেখ কৰিছে যে অইল কোম্পানী দুটাক আবণ্টন দিয়া ভূমিখণ্ডৰ পৰা ১০ কিল'মিটাৰ দূৰত্বলৈকে কোনো ৰাষ্ট্ৰীয় উদ্যান নাই। কোনো বন্যপ্রাণী অভয়াৰণ্য নাই, জৈৱ-বৈচিত্র্য সংৰক্ষিত অঞ্চল, বাঘ/হাতী সংৰক্ষিত অঞ্চল, বন্যপ্ৰাণীৰ অহা-যোৱা কৰা বাট নাই। কিন্তু এই মিথ্যাচাৰ উদং খোৱালে স্বয়ং হাতীয়ে। কিছুদিন পূর্বে নিশা অইল কোম্পানীকেইটাৰ খনন স্থলীত এপাল হাতীয়ে বিচৰণ কৰে। আনহাতে, হাতীৰ পৰা ৰক্ষা পাবলৈ অইল কোম্পানীয়ে খননস্থলীৰ চাৰিওফালে বৈদ্যুতিক ফেন্সিং লগাই ৰাখিছে। উক্ত নিশা হাতীৰ পালটো বৈদ্যুতিক ফেন্সিঙৰ কাষত ৰৈ থকা পৰিলক্ষিত হয়। যিটো ভিডিঅ' ইতিমধ্যে বিভিন্ন সামাজিক মাধ্যমত দেখা গৈছে। যদি এই আবণ্টিত বনাঞ্চলত হাতীৰ কোনো অস্তিত্বই নাই তেন্তে হাতীৰ পৰা ৰক্ষা পাবলৈ বৈদ্যুতিক ফেন্সিং কিয় লগাব লগা হৈছে। অভিযোগ মতে, ৰাজ্যখনৰ বন বিভাগে কেন্দ্ৰীয় মন্ত্র্যালয়ক ভুৱা তথ্য প্রদান কৰি অনুমতি দিয়াবলৈ পতিয়ন নিয়াইছে। এইখিনিতে উল্লেখ কৰিব পাৰি যে ২০২৪ চনৰ হাতীৰ লোকপিয়ল অনুসৰি দিহিং পাটকাই হাতী সংৰক্ষিত বনাঞ্চলত হাতীৰ ঘনত্ব অতি বেছি আৰু জনসংখ্যা ৫০০ৰো অধিক। ব্যক্তিগত অইল কোম্পানীকেইটাই সংৰক্ষিত বনাঞ্চলৰ ভিতৰত য'তে-ত'তে সৌৰশক্তিচালিত বৈদ্যুতিক বেৰ লগাইছে। যাৰ বাবে বনৰীয়া হাতীয়ে মুকলি মনেৰে ইঠাইৰ পৰা সিঠাইলৈ যাব নোৱৰা হৈছে। হাতীৰ অহা-যোৱা কৰা বাটবোৰ বন্ধ কৰি দিয়া হৈছে। হাতীৰ বাসস্থান আৰু হাতীদণ্ডীসমূহক বিশেষকৈ বাণিজ্যিক আৰু ঔদ্যোগিক বা যিকোনোধৰণৰ বাধাৰ পৰা মুক্ত কৰি ৰখাত গুৰুত্ব আৰোপ কৰি উচ্চতম ন্যায়ালয়ে কেইবাটাও নীতি-নির্দেশনা দিছে। কিন্তু ইয়াৰ পাছতো বন বিভাগে কিহৰ স্বাৰ্থত বন্যপ্ৰাণীৰ ক্ষতি হোৱাকৈ কাম কৰিছে সেইটো ৰহস্যজনক।
জানিব পৰা মতে, এই অইল কোম্পানীকেইটাই বনাঞ্চলৰ ভিতৰত মুঠ ৯টা তেল খাদ স্থাপন কৰিব। তাৰ বাবে তেওঁলোকক প্রয়োজন হ'ব উচ্চ বিভৱৰ বিদ্যুৎ যিটো তেওঁলোকে জেনেৰেটৰযোগে আহৰণ কৰিব। এনে উচ্চ বিভৱৰ বিদ্যুৎ সৰবৰাহ হোৱা পৰিবাহী তাঁৰ যিকোনো মুহূৰ্তত হাতীৰ সংস্পৰ্শলৈ অহাৰ সম্ভাৱনা আছে। কাৰণ বনাঞ্চলৰ মাজত নিজ বাটেৰে যোৱা হাতীয়ে বাধাপ্রাপ্ত হ'লে বাধা নেওচি যাব বিচাৰে। তেনে হ'লে অঘটন হোৱাটো স্বাভাৱিক। এনেয়ে দুৱাৰমৰা বনাঞ্চলত অস্বাভাৱিক হাৰত হোৱা বেদখলে হাতীৰ বিচৰণস্থলী হ্রাস কৰি পেলাইছে। যাৰ বাবে হাতীয়ে খাদ্যৰ বাবে প্রায়ে জনবসতি থকা অঞ্চললৈ ওলাই আহে। এই কথা সকলোৱে জানে যে হাতীৰ খাদ্য আৰু বিচৰণৰ বাবে বৃহৎ এলেকাৰ প্ৰয়োজন। কিন্তু ইয়াৰ পৰিৱৰ্তে ক্ৰমাৎ সংকুচিত হ'বলৈ ধৰিছে বিচৰণস্থলী। প্রণিধানযোগ্য যে অইল কোম্পানী দুটাই ইতিমধ্যে পৰিৱেশগত অনুমোদনো লাভ কৰিছে। চুক্তি মতে প্রায় ২০ বছৰলৈকে অইল কোম্পানীকেইটাই আবণ্টন লাভ কৰিছে। সম্প্রতি খনন আৰম্ভ হোৱা নাই যদিও খননৰ বাবে প্রস্তুতি প্রায় সম্পূৰ্ণ কৰি তুলিছে।