MENU

আজিৰ সম্পাদকীয়, নিৰুদ্দেশ 

Digital desk July 25, 2024

ডিজিটেল ডেস্কঃ নাই বোলোঁতেই এদিন হঠাৎ নোহোৱা হৈছিল কবি অৱনী চক্ৰৱৰ্তী। অসমীয়া প্রগতিশীল কবি,ঔপন্যাসিক, প্রবন্ধকাৰগৰাকী এদিন সান্ধ্য ভ্রমণৰ বাবে ওলাই যোৱাৰ পাছৰে পৰা নিৰুদ্দেশ হৈ পৰিছিল। সেয়া আছিল ১৯৯৪ চনৰ ১২ নৱেম্বৰ।প্রাত্যহিকৰ দৰেই ঘৰৰ পৰা ওলাই গৈছিল তেওঁ। সেই যি ওলাই গৈছিল সেয়াই যেন শেষ আছিল, উভতি আৰু নাহিল।

ক'লৈ গ'ল অসমীয়া সাহিত্যৰ সম্পদগৰাকী? বিংশ শতিকাৰ শেষাৰ্ধৰ মানৱদৰদী কবি তথা দুখন উপন্যাস, তৃতীয় বিশ্বৰ কবিতাৰ অনুবাদকে ধৰি একাধিক সাহিত্যকৰ্মৰে প্রোজ্জ্বল সাহিত্যকর্মীগৰাকীৰ খবৰ কিন্তু আজিও নোলাল। অনুগামীসকলে হয়তো আশা কৰিছিল- ক'ৰবাৰ পৰা উফৰি আহিব সেই খবৰ যে কবি চক্ৰৱৰ্তী জীয়াই আছে, যেন কৃত্রিম বেশ-ভূষা পিন্ধি পৰিচয় সলনি কৰি হ'লেও জনতাৰ হকে-সাহিত্যৰ হকে কৰ্ম কৰি আছে...। কিন্তু নাহিল তেনে কোনো বতৰা। এৰি যোৱা ঘৰখন-সমাজখন, লগ-বন্ধু-সতীর্থগণক চাবলৈও তেওঁ ঘূৰি নাহিল। 

অবিভক্ত কামৰূপজিলাৰ (এতিয়া নলবাৰী জিলা) বৰনদীত ১৯৪১ চনৰ ৩ জানুৱাৰীত জন্ম হৈছিল চক্ৰৱৰ্তীৰ। ১৯৬০ৰ দশকৰ পৰা অসমীয়া সাহিত্যলৈ তেওঁৰ অৱদান উল্লেখনীয় হৈ পৰিছিল। আনকি তেওঁ নিৰুদ্দেশ হোৱাৰ দিনটোলৈকে নিৰৱিচ্ছিন্নভাৱে কাব্যৰ সাধনাত ব্রতী আছিল। গুৱাহাটীস্থিত ভাৰতীয় জীৱন বীমা নিগমৰ কৰ্মচাৰী, সদৌ অসম কবি সম্মিলনৰ প্ৰতিষ্ঠাপক উপ-সভাপতি হিচাপেও কার্যনিৰ্বাহ কৰা অৱনী চক্ৰৱৰ্তীৰ কবিতা আছিল যথেষ্ট প্রভাৱশালী। এনে এগৰাকী কবিৰ সন্ধানহীনতা এক কথাত আজিও ৰহস্য হৈয়ে থাকিল। 

অনুৰূপ ধৰণে যোৱা সোমবাৰৰ পৰা নিৰুদ্দিষ্ট হৈ আছে অসমীয়া সংগীত জগতৰ খ্যাতনামা ব্যক্তি ৰমেন বৰুৱা।৩৩খনৰো অধিক অসমীয়া চলচ্চিত্রত সংগীত পৰিচালনা কৰা, অসমীয়া চলচ্চিত্ৰৰ আটাইতকৈ সফল সংগীত পৰিচালকগৰাকীয়ে ঠিক চক্ৰৱৰ্তীৰ দৰেই সন্ধিয়া উজান বজাৰ ঘাটৰ ফালে যোৱাৰ পৰা তিনিদিনে নিৰুদ্দেশ হৈ আছে। অৱনী চক্ৰৱৰ্তী আৰু ৰমেন বৰুৱাৰ ঘটনাৰ সাদৃশ্য এইখিনিতেই যে দুয়ো উজান বজাৰ ঘাটৰ পৰাই সন্ধানহীন হৈছে আৰু দুয়ো কাকো একো নোকোৱাকৈ স্বেচ্ছাই ওলাই গৈছে। এইখিনিতে প্রখ্যাত সংগীত শিল্পীগৰাকীৰ বিষয়ে কিছু কথা কৈ লোৱা যাওক। গুৱাহাটীৰ লতাশিলত, ১৯৪০ চনৰ ৬ জুনত জন্ম হোৱা বৰুৱাই ঊনৈশ বছৰ বয়সতে অসমীয়া চলচ্চিত্রত সংগীত পৰিচালনাৰ কামত জড়িত হৈছিল। ১৯৫৯ চনত মুক্তি পোৱা নিপ বৰুৱা পৰিচালিত ছবি 'আমাৰ ঘৰ'ত তেওঁ জ্যেষ্ঠ ভাতৃ ব্ৰজেন বৰুৱাৰ সৈতে যুটীয়াভাৱে সংগীত পৰিচালনা কৰিছিল।

১৯৬৯ চনত মুক্তিপ্রাপ্ত ব্ৰজেন বৰুৱাৰ 'ডক্তৰ বেজবৰুৱা'ত তেওঁ প্রথম স্বতন্ত্রভাবে সংগীত পৰিচালনা কৰে। 'ডক্তৰ বেজবৰুৱা'ৰ অভূতপূর্ব সফলতাৰ আঁৰতো আছিল তেৱেঁই। অৰ্থাৎ ইয়াৰ সুৰীয়া গীতসমূহৰ বাবেই ছবিখন ব্যাৱসায়িকভাবে সফল হৈছিল। তেওঁ মুঠতে ২৭খন ছবিত স্বতন্ত্ৰৰূপত সংগীত পৰিচালনা কৰিছে। ইয়াৰে দুখন বাংলা অর্থাৎ দুখন অসমীয়া ছবিৰ বাংলা ৰূপান্তৰ। ৰমেন বৰুৱাই ৫খন অসমীয়া ছবিত কণ্ঠদানো কৰিছে। তেওঁ কণ্ঠদান কৰা প্ৰথম ছবিখন আছিল 'স্মৃতিৰ পৰশ'। ১৯৫৫ চনত মুক্তিপ্রাপ্ত ছবিখনৰ পৰিচালক আছিল নিপ বৰুৱা।তদুপৰি ৰমেন বৰুৱা আছিল গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ নিৰ্বাচিত কণ্ঠশিল্পী। পিছলৈ তেওঁ আকাশবাণীৰ মিউজিক কম্প'জাৰো আছিল। কেশৱ মহন্ত, অজিৎ বৰুৱা, নৱকান্ত বৰুৱা, সতীশ দাস, ভূপেন ডেকা আদি বহুতো নবীন প্রবীণ গীতিকাৰৰ গীতত তেওঁ সুৰ দিছিল। 

তেওঁ একাধিক শিল্পীৰ প্ৰতিষ্ঠাৰ বাটো মুকলি কৰিছিল। অনিমা চৌধুৰী, পাহাৰী দাস, যুথিকা চৌধুৰী, নীলিমা খাতুন, কবিতা বৰঠাকুৰ, ৰুণজুন ফুকন আদি ইয়াৰে উদাহৰণ, যিসকলক তেওঁ ছবিৰ নেপথ্য গায়িকা হোৱাৰ প্ৰথম সুযোগ দিছিল। সি যি নহওক এনে এগৰাকী সংগীত ক্ষেত্ৰৰ উজ্জ্বল নক্ষত্রই জীৱনৰ বিয়লি বেলা একাকীত্বত ভুগিছিল নেকি? স্বাৰ্থপৰ-ভোগবাদী-আত্মকেন্দ্রিক আজিৰ সমাজখনক লৈ অসন্তুষ্টি আছিল নেকি প্রবল? বৰুৱাৰ এগৰাকী ভাতৃ তথা প্রখ্যাত শিল্পী দ্বীপেন বৰুৱাই কৈছে- 'ৰমেনদাই মানসিকভাৱে অলপ আঘাত পাইছে। এই বিষয়ে পাছত ক'ম...।' এয়া অৱশ্যে একান্তই তেওঁলোকৰ ব্যক্তিগত পৰিয়ালকেন্দ্ৰিক বিষয়। কিন্তু এই ব্যক্তিগত বিষয়বোৰ আওকাণ কৰিও ক'ব পাৰি যে একালত ধনে-জনে খ্যাতিমন্ত ব্যক্তিসকলেও একালত অকলশৰীয়া হৈ পৰে, অসহায় অনুভৱ কৰে। 

নিজক লৈ ব্যস্ত আজিৰ সমাজ যেন তেওঁলোকক লৈ উদাসীন। যোৱা প্রায় ৩০-৪০ বছৰে ৰমেন বৰুৱা সংগীত ক্ষেত্ৰখনৰ পৰা এঘৰীয়া হৈ আছে। সেইদৰে এঘৰীয়া হৈ আছে দ্বীপেন বৰুৱা, জে পি দাস, বিজয় ভূঞা, নমিতা ভট্টাচার্য, অনিমা চৌধুৰী, মনীষা হাজৰিকা, নীলিমা খাতুন, ডলী ঘোষ, সন্ধ্যা মেনন, পুলক বেনাৰ্জী আদি শিল্পী। নগৰে-চহৰে পাৰ্ক, হোটেল-ৰেস্তোৰাঁ বাঢ়িছে, শ্বপিং মল-ফ্লাই অ'ভাৰ বাঢ়িছে। কিন্তু বঢ়া নাই পুৰণি প্রতিভাসকলক সামৰি কিবা এটা কৰাৰ মানসিকতা। কি চৰকাৰী, কি বে-চৰকাৰী সকলো পক্ষ যেন ব্যস্ত স্বার্থক লৈ, লাভালাভৰ অংকক লৈ। বয়সস্থ লোকসকলৰ বাবে কোনো ঠাইতে গঢ় লৈ উঠা নাই কমিউনিটী হল, আড্ডাস্থলী। গাঁও অঞ্চলত নামঘৰ, মন্দিৰ-মছজিদে সময় কটাব পৰা কিছু অৱকাশ আছে যদিও নগৰ অঞ্চলত সেয়াও সীমিত। তদুপৰি ঘৰে ঘৰে (অপ্রিয় হ'লেও সত্য) কম-বেছি পৰিমাণে পুত্ৰ-বোৱাৰী, জী-জোঁৱাইৰ আব্দাৰ-অত্যাচাৰবোৰ আছেই। এনেক্ষেত্রত স্বাভিমানী লোকসকল ঢেঁটুচেপা খাই জীয়াই থকাটো কঠিন হৈ পৰে। কঠিন হৈ পৰে পংকিলতাৰ অৱগুণ্ঠনৰ পৰা নিজকে মুক্ত কৰাটোও। যাৰ বাবে তেওঁলোক আত্মদ্রোহত ভোগে, যি আত্মদ্ৰোহৰ বাবেই এদিন ওলাই গৈছিল অৱনী চক্ৰৱৰ্তী, ওলাই গৈছে ৰমেন বৰুৱা। 

অৱশ্যে সংগীত শিল্পীগৰাকীৰ ক্ষেত্ৰত আমি অমূলক ধাৰণা নকৰোঁ। তেওঁ সুস্থ হৈ থাকক আৰু সোঁশৰীৰে ঘূৰি আহক- এয়া আমাৰ কামনা। কিন্তু আমি ক'ব পাৰোঁ- চৰকাৰী পক্ষৰ হাতত এইধৰণৰ ব্যাধি প্ৰতিৰোধ কৰাৰ সুযোগ আৰু সুবিধা দুয়োটাই আছে। চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয় নামৰ বিয়াগোম বিভাগটোৱে আনৰ নহ'লেও সংগীত শিল্পীসকলৰ হকে কৰোঁ বুলিলে বহুখিনিয়েই কৰিব পাৰে। সেইদৰে মৃতপ্রায় জ্যেষ্ঠ নাগৰিক, লেখক-সাহিত্যিকৰ হকেও চৰকাৰী পদক্ষেপৰ প্ৰয়োজন আছে। অন্ততঃ একাকীত্বই মহামাৰীৰ ৰূপ লোৱাৰ পূৰ্বেই চহৰে-নগৰে কমিউনিটী হল, মুকলি আড্ডাস্থলী আদিৰ দৰে ব্যৱস্থাবোৰ গঢ়িব পাৰে। জনতায়ো এনেবোৰ বিষয়ত হাত উজান দিব লাগে। এখন সুস্থিৰ সমাজ গঢ়াত চৰকাৰ আৰু জনতা উভয়ৰে দায়িত্ব আৰু কৰ্তব্য নিশ্চয়কৈ আছে।

Share This