ডিজিটেল ডেস্কঃ পশ্চিম গুৱাহাটীৰ অসম-মেঘালয় সীমান্তৱৰ্তী ৰাণীৰ শুকুৰবৰীয়াৰ পৰা কিছু নিলগৰ জাতি-জনগোষ্ঠীৰ মিলনভূমিস্বৰূপ মেঘালয়ৰ ৰিভয় জিলাৰ জিৰাং সমষ্টিৰ অন্তৰ্গত উমচাও আৰু বাৰেগাঁৱৰ ৰাভা জনগোষ্ঠীৰ লোকসকলে সুঁৱৰি উৱস পালন কৰে। ১৯১০ চনৰ পৰা বাৰেগাঁৱত পালন কৰি অহা এই সুঁৱৰি উৎসৱে অঞ্চলটোত বাস কৰি অহা সকলো জাতি-জনগোষ্ঠীৰ লোকৰ মাজত সম্প্ৰীতিৰ এনাজৰীদাল অধিক সুদৃঢ় কৰি আহিছে। দুয়োখন গাঁৱৰ মাজভাগত আছে কলীয়া ঠাকুৰ নামঘৰ। নামঘৰৰ মূল তোৰণৰ সন্মুখত থকা মুকলি পথাৰত বিগত বছৰৰ দৰে এইবেলিও ২২ এপ্ৰিলত ৰাভা জনগোষ্ঠীৰ লোকসকলে বাৰেগাঁৱৰ পৰম্পৰাগতভাৱে এদিনীয়া কাৰ্যসূচীৰে সুঁৱৰি উৎসৱ পালন কৰে। পৰম্পৰা অনুসৰি প্ৰথম বিহুৰ দিনা (গৰু বিহু) গোসাঁইঘৰৰ পৰা গোসাঁই উলিয়াই ঘৰে ঘৰে ফুৰায়।
উমচাও বাৰেগাঁৱৰ ৰাইজ গয়ৰহৰ সভাপতি সুৰেন ৰাভা আৰু সম্পাদক ভদ্রেশ্বৰ ৰাভাই জানিবলৈ দিয়া মতে, উৎসৱৰ লগত সংগতি ৰাখি আন কাৰ্যসূচীৰ লগতে ৰাভা জনগোষ্ঠীৰ বগেজাৰী নৃত্য আৰু বিহু নৃত্য প্ৰদৰ্শন কৰা হয়। ইয়াৰ উপৰি অঞ্চলটোৰ নামঘৰৰ পৰা এক আকৰ্ষণীয় শোভাযাত্ৰাৰে গোসাঁই লৈ আহি সুঁৱৰি উৎসৱত স্থাপন কৰা হয়। বিয়লি সুঁৱৰি উৎসৱৰ অন্তত নামঘৰত উপস্থিত সকলোৰে মাজত প্ৰসাদ আৰু লাৰু বিতৰণ কৰা হয়। সন্ধিয়া বন্তি প্রজ্বলনেৰে এইবেলিৰ সুঁৱৰি উৎসৱৰ কাৰ্যসূচীৰ সামৰণি মৰা হয়।