ডিজিটেল ডেস্ক : তেজপুৰৰ জনপ্রিয় নৃত্যশিল্পীয়ে কালি শ্রীলংকাৰ ৰাজধানী কলম্বোত গ্রহণ কৰিলে এক ৰাষ্ট্ৰীয় বঁটা। আনহাতে সেই একেটা অনুষ্ঠানতে বঁটা প্ৰাপকৰ একমাত্ৰ দুহিতা তথা পাৰদৰ্শী সত্ৰীয়া নৃত্যৰ শিল্পীয়ে সত্ৰীয়া নৃত্য পৰিৱেশন কৰি শ্রীলংকাবাসীক আকৃষ্ট কৰি তুলিলে। উল্লেখযোগ্য যে শ্রীলংকাৰ কলম্বোস্থিত ইণ্ডিয়ান আর্ট এণ্ড কালচাৰেল ছ'চাইটিৰ উদ্যোগত শুকুৰবাৰে এটা গাম্ভীর্যপূর্ণ সাংস্কৃতিক অনুষ্ঠানত তেজপুৰৰ প্ৰয়াত জনপ্রিয় কণ্ঠশিল্পী পংকজ বৰদলৈৰ সহধর্মিণী ৰুবী বৰা বৰদলৈক ছ'চাইটিয়ে 'গ্লবেল আর্টছ এৱাৰ্ড' প্ৰদান কৰে।
উক্ত অনুষ্ঠানটোত ৰুবী বৰা বৰদলৈৰ একমাত্ৰ দুহিতা ভায়লিনা বৰদলৈয়ে সত্ৰীয়া নৃত্য প্রদর্শন কৰি অসম তথা তেজপুৰলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয়। বিশিষ্ট নৃত্যশিল্পী ৰুবী বৰা বৰদলৈয়ে তেজপুৰত গঢ়ি তোলা নৃত্যানুষ্ঠান 'নূপুৰ নৃত্যাংগনা'ৰ জৰিয়তে ধাৰাবাহিকভাৱে একাংশ নতুন প্ৰজন্মৰ শিক্ষাৰ্থীক সত্ৰীয়া নৃত্যৰ লগতে বিভিন্ন নৃত্য শৈলীৰে পাৰদৰ্শী কৰি তোলাৰ লগতে বিগত সময়ছোৱাত ১৫খনকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠানৰ লগতে গ্ৰীছ, ডুবাই, ছিংগাপুৰ, বালী, থাইলেণ্ড, কলম্বো, নেপাল, ভুটান আদি ৰাষ্ট্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ শিক্ষাৰ্থীসকলক বিহুনাচ আৰু সত্ৰীয়া নৃত্যৰ প্ৰতিযোগিতাত অংশ গ্রহণ কৰোৱাই পুৰস্কাৰ প্ৰাপ্তিৰে অসমলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱাৰ স্বীকৃতি স্বৰূপেই শ্রীলংকাৰ কলম্বোস্থিত ইণ্ডিয়ান আর্ট এণ্ড কালচাৰেল ছ'চাইটিয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই 'গ্লবেল আর্টিষ্ট এৱাৰ্ড' প্রদান কৰে।
প্রণিধানযোগ্য যে যোৱা ২৯ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ অনুষ্ঠিত হোৱা 'শ্রীলংকা কনক্লেভ' শীর্ষক বৃহৎ অনুষ্ঠানটিত উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত একমাত্র শিল্পী হিচাপে এই ৰাষ্ট্ৰীয় বঁটাৰে ৰুবী বৰা বৰদলৈক এই উল্লেখযোগ্য বঁটাৰে বিভূষিত কৰাৰ খবৰে স্বাভাৱিকতে তেজপুৰবাসীক আহ্লাদিত কৰি তুলিছে। মন কৰিবলগীয়া যে ৰুবী বৰা বৰদলৈৰ একমাত্র দুহিতা ভায়লিনা বৰদলৈয়েও ইতিপূর্বে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় পর্যায়ত সত্রীয়া নৃত্য প্রদর্শন কৰি তেজপুৰলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱাৰ পাছত শুকুৰবাৰে সেই একেটা অনুষ্ঠানতে তেওঁ সত্রীয়া নৃত্য প্ৰদৰ্শন কৰি তেজপুৰ তথা ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।