জুবিনৰ মৃত্যুৰ পাছত চৰ্চালৈ আহিছে ৰুদ্ৰসিংহ এথনিক ভিলেজ, উজনি অসম ভ্রমণত প্রায়ে নিশা কটাইছিল শিল্পীগৰাকীয়ে

dainik janambhumi September 22, 2025

ডিজিটেল ডেস্ক : অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ পাছৰে পৰা শিৱসাগৰত ব্যাপক চর্চালৈ আহিছে জয়সাগৰৰ ৰুদ্ৰসিংহ এথেনিক ভিলেজ নামৰ ৰিজ'ৰ্টখন। শিৱসাগৰ জিলাৰ ঐতিহাসিক জেৰেঙা পথাৰৰ বুকুত থকা ৰুদ্ৰসাগৰৰ ন-পুখুৰী পাৰত অৱস্থিত উক্ত ৰিজ'ৰ্টখন জনপ্রিয় শিল্পীগৰাকীৰ অতিশয় প্রিয় আছিল বুলি জানিব পৰা গৈছে। কিয়নো শিল্পীগৰাকীয়ে উজনি অসমৰ যিকোনো জিলালৈ অনুষ্ঠান কৰিবলৈ আহিলে নিশা উক্ত ৰিজ'ৰ্টখনতে থাকে । খোদ নিজৰ জন্মস্থান যোৰহাট জিলাত অনুষ্ঠিত যিকোনো অনুষ্ঠানত অংশ গ্রহণ কৰিবলৈ বুলি গুৱাহাটীৰ পৰা অনেক সময়ত বাহিৰে বাহিৰে আহি উক্ত ৰিজ'ৰ্টখনত বাহৰ পাতিছিলহি।

চাৰিওকাষে চেগুন আৰু ৰেইন ট্ৰীয়ে আৱৰি ৰখা, অতি নিৰিবিলি পৰিৱেশত অৱস্থিত উক্ত ৰিজ'ৰ্টখনৰ এনে পৰিৱেশৰ বাবে শিল্পীগৰাকীৰ অতিকে আপোন আছিল বুলি ৰিজ'ৰ্টৰ কৰ্মচাৰীসকলে ব্যক্ত কৰে। ২০১৭ চনত শিল্পীগৰাকীৰ দ্বাৰা প্রযোজিত 'মিছন চাইনা' নামৰ চিনেমাখনৰ শ্বুটিঙৰ সময়ত নিশা প্রায় বাৰ বজাত প্ৰথমবাৰৰ বাবে ৰিজ'ৰ্টখনলৈ আহিছিল। কিছু সময় ৰিজ'ৰ্টখনত কটাই গুচি যোৱা শিল্পীগৰাকীয়ে পৰৱৰ্তী পর্যায়ত 'কাঞ্চনজংঘা' নামৰ চিনেমাখনৰ শ্বুটিঙৰ সময়ছোৱাত নিয়মিতভাবে ৰিজ'ৰ্টখনলৈ অহা-যোৱা কৰিছিল। নিজৰ কৰ্মব্যস্ততাৰ মাজত ৰিজ'ৰ্টখনলৈ অহাৰ উপৰি অৱসৰ- বিনোদনৰ বাবে আহিও দহ-বাৰ দিনকৈ অতিবাহিত কৰিছিল। নপুখুৰীত বৰশী বাই, গছৰ লগত কথা পাতি সময় কটোৱা শিল্পীগৰাকীয়ে ২০২১ চনত দিব্যাংগ শিশুসকলক লৈ বিভিন্ন অনুষ্ঠানো কৰিছিল ৰিজ'ৰ্টখনত। গোটেই নিশা উজাগৰে থাকি গান গাই অথবা অনুৰাগীৰ সৈতে ৰিজ'ৰ্টখনত সময় কটোৱা শিল্পীগৰাকীৰ আলু ভূজিয়া আৰু পানী দিয়া আলু পিটিকা ভাত অতিশয় প্রিয় আছিল। ৰিজ'ৰ্টখনৰ প্ৰতিগৰাকী কৰ্মচাৰীৰ লগত অতি আপোন ভাব ৰখা শিল্পীগৰাকীয়ে নিজ হাতেৰে আলু ভুজিয়া বনাই নিজে খোৱাৰ উপৰি সকলোকে পৰিৱেশন কৰাইছিল। যিটো বর্তমান ৰিজ'ৰ্টখনত এক বিশেষ স্নেক্‌ হিচাপে প্রতিগৰাকী গ্ৰাহকৰ মাজত জনপ্ৰিয় হৈছে। ইয়াৰ উপৰি দিখৌ আৰু ব্ৰহ্মপুত্ৰ নদীৰ লোকেল মাছো শিল্পীগৰাকীৰ খুবেই প্রিয় আছিল। আনহাতে, ৰিজ'ৰ্টখনৰ স্বত্বাধিকাৰী বিশিষ্ট ব্যৱসায়ী তথা সমাজকৰ্মী হৰিপ্ৰসন্ন হাজৰিকাই নিজৰ জ্যেষ্ঠ ভাতৃ হিচাপে গণ্য কৰা শিল্পীগৰাকীৰ বাবে ৰিজ'টখনৰ ২০১ নম্বৰৰ কোঠাটো সদায় সজাই-পৰাই ৰখোৱাইছিল।

পুৱতি নিশা শুবলৈ যোৱা শিল্পীগৰাকীয়ে বিয়লি প্রায় চাৰি বজাতহে দিনৰ আহাৰ গ্রহণ কৰিছিল। ৰিজ'ৰ্টখনলৈ শিল্পীগৰাকীৰ আগমনৰ লগে লগে প্ৰতিগৰাকী কৰ্মচাৰী ব্যস্ত হৈ পৰা ৰিজ'ৰ্টখনত শনিবাৰৰ পৰা নিস্তব্ধতাই বিৰাজমান কৰিছে। প্রিয় শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্রজ্বলন কৰি ৰখা প্ৰতিগৰাকী কৰ্মচাৰীৰ চকুত চকুলো। শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই শনিবাৰৰ পৰা উক্ত ৰিজ'ৰ্টখনৰ লগতে ব্যৱসায়ীগৰাকীৰ আন আন প্রতিষ্ঠানসমূহ তিনিদিনলৈকে বন্ধ ৰাখি শোক পালন কৰিছে। চলিত বৰ্ষৰ ২৭-২৮ জানুৱাৰীত শিৱসাগৰত অনুষ্ঠিত আছুৰ কেন্দ্ৰীয় অধিৱেশনত গীত পৰিৱেশন কৰিবলৈ আহি শেষবাৰৰ বাবে আহি ৰিজ'ৰ্টখনত নিশা কটাই যোৱা শিল্পীগৰাকীৰ মৃত্যুত ৰিজ'ৰ্টখনৰ প্রতিজোপা বৃক্ষই যেন আজি উচুপি উঠিছে।

Share This