২৯ ডিচেম্বৰত কেন্দ্রীয় গৃহ মন্ত্রীয়ে উদ্বোধন কৰিছিল প্ৰকল্প, আজিৰ পৰা মুকলি শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্র

dainik janambhumi February 01, 2026

ডিজিটেল ডেস্ক: গুৰুজনাৰ পৱিত্ৰ জন্মস্থান বৰদোৱাৰ শ্ৰীশ্ৰী বটদ্ৰৱা থানৰ অভিলাষী প্রকল্প 'শ্রীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ' আজিৰ পৰা দৰ্শনাৰ্থীৰ বাবে মুকলি হ'ব। কালি নগাঁৱৰ জিলা আয়ুক্ত দেৱাশিস শৰ্মাই এখন জাননীযোগে এই কথা কথা ঘোষণা কৰে। 

উল্লেখযোগ্য যে যোৱা ২৯ ডিচেম্বৰত কেন্দ্ৰীয় গৃহ মন্ত্রী অমিত শ্বাহে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এই প্রকল্প আনুষ্ঠানিকভাৱে মুকলি কৰিছিল যদিও কিছু কাৰিকৰী অসুবিধাৰ বাবে দৰ্শনাৰ্থীৰ দৰ্শনৰ বাবে মুকলি কৰা হোৱা নাছিল। আজিৰ পৰা এই প্রকল্প দর্শনার্থীৰ বাবে মুকলি হ'ব। অৱশ্যে প্রকল্প দৰ্শনাৰ্থীৰ বাবে জিলা আয়ুক্তগৰাকীয়ে কেতবোৰ নীতি-নিয়ম মানি চলিবলৈ জাননী জাৰি কৰিছে। শ্ৰীশ্ৰী বটদ্ৰৱা থানলৈ অহা ভকত-বৈষ্ণৱ, বাপ-বান্ধৱ, আই-মাতৃ আৰু পৰিয়ালবৰ্গক শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ দৰ্শনৰ বাবে পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ সময় নির্ধাৰণ কৰা হৈছে। জাননীখনত উল্লেখ কৰা হৈছে যে সকলো ধৰণৰ বাহনৰ প্রৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ। কোনো ধৰণৰ খাদ্য সামগ্ৰী নিয়াৰ অনুমতি নাথাকিব। ধূমপান, মাদক দ্রব্য, তামোল-পাণ, পাণ মছলা, গুটখা আদি ব্যৱহাৰত সম্পূর্ণরূপে বাধা থাকিব। 

পৰম্পৰাগত সাজ-পাৰ পৰিধান কৰাসকলক প্ৰৱেশত অগ্রাধিকাৰ দিয়া হ'ব। লগতে দর্শনার্থীসকলে নিজৰ সামগ্ৰী নিজৰ দায়িত্বত ৰাখিব লাগিব। দৰ্শনাৰ্থীৰ সামগ্ৰী হেৰালে কর্তৃপক্ষ দায়ী নহ'ব। দর্শনার্থীসকলে নিয়ম-শৃংখলা বৰ্তাই ৰাখি নির্দিষ্ট কৰা প্ৰৱেশদ্বাৰেদি শাৰী পাতি প্ৰৱেশ কৰিব লাগিব। নিৰাপত্তাৰক্ষীৰ প্ৰতি সম্পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ দর্শনার্থীসকলক অনুৰোধ জনোৱা হৈছে। এই নীতি-নিয়ম উলংঘা কৰিলে জৰিমনা বিহাৰো ব্যৱস্থা কৰা হৈছে।

Share This