ডিজিটেল ডেস্ক : নগাঁও জিলাৰ শিলঘাটত অৱস্থিত দেশৰ সমবায় ভিত্তিত গঢ় লৈ উঠা অসম সমবায় কলত অচলাৱস্থাৰ সৃষ্টি হোৱাত কলিয়াবৰৰ সচেতন ৰাইজ উদ্বিগ্ন হৈ পৰিছে। বিভিন্ন ঘাত-প্রতিঘাতক নেওচি লাভজনক উদ্যোগ হিচাপে প্রতিষ্ঠা লাভ কৰা উদ্যোগটো বৰ্তমান মৰাপাট কল কর্তৃপক্ষ আৰু পৰিচালনা মণ্ডলীৰ অদূৰদৰ্শী কাম-কাজৰ বাবে এই অৱস্থাৰ সৃষ্টি হৈছে বুলি সচেতন মহলে মন্তব্য কৰিছে। অসম চৰকাৰৰ অৰ্থ-সাহায্যত অধিক উৎপাদনৰ লক্ষ্যৰে আৰম্ভ কৰা হৈছিল দ্বিতীয় ইউনিট। দুবছৰৰ পূৰ্বে আৰম্ভ হোৱা দ্বিতীয় ইউনিট মৰাপাট কল কর্তৃপক্ষই অতি সংগোপনে কলকাতাৰ চনু এণ্টাৰপ্ৰাইজ নামৰ এটা প্রতিষ্ঠানক লীজত দিছিল। আৰম্ভণিতে সকলো ঠিকেই আছিল যদিও অসম চৰকাৰ, মৰাপাট কল কর্তৃপক্ষ আৰু পৰিচালনা সঞ্চালক মণ্ডলীৰ ভুল নীতিৰ পৰিণতিত বন্ধ হৈ পৰিল কলিয়াবৰৰ শিলঘাটৰ অসম সমবায় মৰাপাট কলৰ দ্বিতীয় ইউনিট।
উল্লেখযোগ্য যে দ্বিতীয় ইউনিটৰ দায়িত্বত থকা কলকাতাৰ প্ৰতিষ্ঠানটোৱে মৰাপাট যোগান ধৰা ব্যৱসায়ীক প্রায় ৮ কোটি টকা দিবলৈ বাকী আছে। মৰাপাট যোগান ধৰা ব্যৱসায়ীসকলে প্রাপ্য ধন বিচাৰি প্রতিষ্ঠানটোৰ বিষয়াক বাৰম্বাৰ অনুৰোধ জনোৱাৰ পাছতো কোনো গুৰুত্ব দিয়া নাছিল। যাৰবাবে এজন ব্যৱসায়ীয়ে আত্মহত্যাৰ প্ৰচেষ্টা চলাইছিল। ইয়াকে কেন্দ্র কৰি মৰাপাট কলত ব্যৱসায়ী আৰু প্ৰতিষ্ঠানটোৰ বিষয়া শশী প্রসাদ পুৰোহিতৰ মাজত সংঘাতৰ সৃষ্টি হয়। ইয়াৰ মাজতে যোৱা নিশা কলকাতাৰ প্ৰতিষ্ঠানটোৰ বিষয়া- কৰ্মচাৰীয়ে পলায়ন কৰে। ফলত মৰাপাট কলটোৰ দ্বিতীয়টো ইউনিটৰ তিনি শতাধিক কৰ্মচাৰীৰ ভৱিষ্যৎ অন্ধকাৰ হৈ পৰে। এতিয়া তলা ওলমি আছে মৰাপাট কলটোৰৰ উপ-সঞ্চালকৰ দায়িত্ব লৈ নতুন ইউনিটটোৰ কাম পৰিচালনা কৰা কলকতীয়া প্রতিষ্ঠান চনু এণ্টাৰপ্ৰাইজৰ বিষয়া শশী প্রকাশ পুৰোহিতৰ কাৰ্যালয়। মৰাপাট যোগনীয়াৰক অনাদায়ী ধন আদায় দিব নোৱাৰি নিশাৰ ভিতৰতে পলায়ন কৰে কলকতীয়া শশী প্রকাশ পুৰোহিত এণ্ড কোম্পানীয়ে। উল্লেখযোগ্য যে দুবছৰৰ পূৰ্বে ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগম আৰু মুখ্যমন্ত্ৰীৰ আৰ্থিক অনুদানেৰে স্থাপন কৰা হৈছিল মৰাপাট কলটোৰ দ্বিতীয়টো ইউনিট। কলৰ উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে নতুন ইউনিটটো ঠিকাভিত্তিকভাৱে অর্পণ কৰা হৈছিল কলকাতাৰ চনু এণ্টাৰপ্ৰাইজ নামৰ ব্যক্তিগত প্রতিষ্ঠানটোক। বহিৰাগত বণিয়াৰ স্বাৰ্থতে কলত নতুন পদ সৃষ্টি কৰি চনু এণ্টাৰপ্ৰাইজৰ নথিভুক্ত স্বত্বাধিকাৰী এইজন শশী প্রকাশ পুৰোহিতক আনকি বহুওৱা হৈছিল কলৰ উপ-পৰিচালন সঞ্চালকৰ পদত। কিছুদিন কলৰ নতুন গোটটো কোনোমতে চলোৱাৰ পাছতে মৰাপাট যোগনীয়াৰক দিবলৈ থকা প্রায় ৮ কোটি টকাক লৈ নতুন গোটটোত সৃষ্টি হয় আহুকাল।
মৰাপাট যোগানৰ বিনিময়ত প্রাপ্য ধন আদায় নোপোৱাত যোৱা ২ ডিচেম্বৰত কলটোৰ চৌহদতে বিহপান কৰি আত্মহত্যাৰ চেষ্টা চলাইছিল হাৰাধন চক্ৰৱৰ্তী নামৰ ব্যৱসায়ীজনে। ইয়াৰ পাছতে যোৱা নিশাৰ ভিতৰতে ১৫জন কলকতীয়া কৰ্মচাৰীক লগত লৈ পলায়ন কৰে চনু এণ্টাৰপ্ৰাইজৰ বিষয়া তথা কলটোৰ উপ-সঞ্চালক শশী প্রকাশ পুৰোহিত। ইয়াৰ পাছতে এতিয়া হাহাকাৰ লাগিছে মৰাপাট যোগনীয়াৰসকলৰ মাজত। প্রাপ্য ধন আদায় নোপোৱা পর্যন্ত নতুনকৈ মৰাপাট যোগান ধৰিবলৈ অপাৰগতা প্রকাশ কৰি কল কর্তৃপক্ষক অনাদায়ী ধন আদায় দিয়াৰ দাবী কৰিছে মৰাপাট যোগনীয়াৰসকলে। ইয়াৰ বিপৰীতে মৰাপাট যোগনীয়াৰৰ অনাদায়ী ধন আদায় দিয়াৰ ক্ষেত্ৰত কল কর্তৃপক্ষ দায়বদ্ধ নহয় বুলি স্পষ্ট কৰি দিছে কলটোৰ পৰিচালন সঞ্চালক গুণমণি গগৈয়ে। নতুন ইউনিটটোৰ মৰাপাট ক্ৰয়ৰ পৰা উৎপাদন তথা বিক্রীলৈকে সকলো কর্তৃত্ব কলকতীয়া প্ৰতিষ্ঠানৰ এইজন শশী প্ৰকাশৰ হাততে ন্যস্ত আছিল বুলি স্পষ্ট কৰি দিছে পৰিচালন সঞ্চালকগৰাকীয়ে। ইফালে, কলকতীয়া প্রতিষ্ঠান চনু এণ্টাৰপ্ৰাইজৰ সমূহ বিষয়াই মৰাপাট কল এৰি পলায়ন কৰাৰ পাছত বন্ধ হৈ আছে অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট। ফলত হঠাতে কাম হেৰুৱাই হাহাকাৰ কৰিব লগা হৈছে নতুন ইউনিটটোৰ প্ৰায় তিনিশ শ্রমিক-কর্মচাৰী।
তাৰ ভিতৰতে এতিয়া উপায়হীন হৈ পৰিছে ইউনিটটোত কৰ্মৰত দুই শতাধিক মহিলা শ্রমিকো। উল্লেখযোগ্য যে ২০২০ চনৰ শেষভাগত ব্যাপক লোকচানৰ সন্মুখীন হৈ প্রায় ৩ মাহ ধৰি বন্ধ হৈ পৰিছিল প্রায় ৯৮ শতাংশ ৰাজ্য চৰকাৰৰ শ্বেয়াৰ থকা মৰাপাট কলটো। ইয়াৰ পাছতে কল পৰিচালনা মণ্ডলীৰ অধ্যক্ষ তথা কেশৱ মহন্তৰ তৎপৰতাত ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগম আৰু মুখ্যমন্ত্ৰীৰ আৰ্থিক অনুদানেৰে পুনৰ আৰম্ভ হৈছিল কলটোৰ কাম-কাজ। কিন্তু কল পৰিচালনা মণ্ডলীৰ ভুল আৰু অদূৰদৰ্শী সিদ্ধান্তৰ পৰিণতিতে কলকাতাৰ চনু এণ্টাৰপ্ৰাইজৰ হাতলৈ গৈছিল কলটোৰ নতুনকৈ স্থাপিত ইউনিটটো। কিন্তু কলটোৰ প্ৰতি অমানিশা নমাই নিশাটোৰ ভিতৰতে কলকতীয়া প্রতিষ্ঠানটোরে পলায়ন কৰাত এতিয়া হাহাকাৰ কৰিব লগা হৈছে তিনি শতাধিক শ্রকিক-কর্মচাৰীৰ লগতে মৰাপাট যোগনীয়াৰসকলেও। লাভজনক এই উদ্যোগটো কিয় কলকাতাৰ প্রতিষ্ঠানক লীজত দিব লগা হ'ল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত।