আত্মনিৰ্ভৰ
dainikjanambhumi
October 01, 2024
ডিজিটেল ডেস্কঃ মহাত্মা গান্ধীয়ে কৈছিল, ‘আমাৰ প্ৰথম কৰ্তব্য হৈছে আমি সমাজৰ বোজা হ’ব নালাগিব, অৰ্থাৎ আমি আত্মনিৰ্ভৰশীল হ’ব লাগিব [on first duty is that we should not be a burden on society, i.ঙ্গ, we should be self dependent]৷’ আজি পদে পদে বিকাশৰ চৰ্চা চলি আছে৷ দেশক বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ধনী দেশ তিনিখনৰ এখন কৰিবলৈ বিচৰা হৈছে, অসমক দেশৰ প্ৰথম পাঁচখন ৰাজ্যৰ ভিতৰত স্থান দিয়াৰ সপোন দেখুৱাইছে আমাৰ চৰকাৰে৷ নিঃসন্দেহে এই ইতিবাচক সপোনবোৰ দেশবাসীক আশাবাদী কৰি ৰখাৰ বাবে, আগবাঢ়ি যোৱাৰ প্ৰেৰণা যোগোৱাৰ বাবে মূল্যৱান ইন্ধন৷ কিন্তু এইটোও ঠিক যে তথাকথিত জি ডি পিৰ হাৰেই উন্নয়নৰ শেষ কথা নহয়৷ বিকাশ শব্দটোৰ সাৰ্থকতা তেতিয়াহে উপলব্ধি কৰিব পৰা যাব যেতিয়া অধিকাংশ মানুহকে সমাজৰ বোজা বুলি গণ্য কৰিব লগা এটা পৰিৱেশ নাথাকিব৷ সোমবাৰে [৩০ ছেপ্টেম্বৰ ২০২৪] মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত এখন অভিলাষী আঁচনিৰ শুভাৰম্ভ কৰিছে– নাম ‘মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনি’৷
এই আঁচনিখনৰ লক্ষ্য হৈছে ৰাজ্যৰ একাংশ শিক্ষিত যুৱক-যুৱতীক আত্মসংস্থাপনৰ জৰিয়তে আত্মনিৰ্ভৰ হ’বৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰা৷ ইয়াৰ বাবে প্ৰথম পৰ্যায়ত ৰাজ্যৰ ২৫ হাজাৰ ২৩৮গৰাকী যুৱক-যুৱতীক বাছনি কৰা হৈছে, যি সকলে প্ৰথম কিস্তিত ৭৫ হাজাৰকৈ টকা পাব আৰু আত্মসংস্থাপনৰ সংশ্লিষ্ট ক্ষেত্ৰত নিৰ্দিষ্ট সময়ৰ বাবে প্ৰশিক্ষণ গ্ৰহণ কৰাৰ পিছত বাকী ৰ লাখ ২৫ হাজাৰ টকাকে ধৰি মুঠ ২ লাখ টকাৰ অৰ্থ সাহায্য দিয়া হ’ব৷ এই আঁচনিত অন্তৰ্ভুক্ত হ’ব খোজা বিশেষ অৰ্হতাসম্পন্ন একাংশ প্ৰাৰ্থীক প্ৰথম পৰ্যায়ত আঢ়ৈ লাখ টকাসহ মুঠ পাঁচ লাখ টকা দিয়াৰো ব্যৱস্থা আছে৷ এই আঁচনিৰে উপকৃত কৰিব খোজা যুৱক-যুৱতীসকলৰ নূ্যনতম শিক্ষাগত অৰ্হতা দশম শ্ৰেণী ধাৰ্য কৰা হ’লেও আই টি আই, পলিটেকনিক বা অন্যান্য কাৰিকৰী পাঠ্যক্ৰমৰ ডিপ্লমা, স্নাতকোত্তৰ ইঞ্জিনিয়াৰিং, এম বি বি এছ, বি ডি এছ, পশু চিকিৎসা, মীন, কৃষি, চি এ ইত্যাদি ডিগ্ৰীধাৰীসকলক বিশেষ গুৰুত্ব দিব খোজা হৈছে৷ এই আঁচনিখন এনে এক সময়ত শুভাৰম্ভ কৰা হৈছে, যি সময়ত ৰাজ্য চৰকাৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে চলাই থকা নিযুক্তি পৰীক্ষাৰ বাবে ৩২ লাখৰো অধিক শিক্ষিত যুৱক-যুৱতীয়ে আৱেদন কৰি ইতিমধ্যে তাৰে এটা অংশ লিখিত পৰীক্ষাত অৱতীৰ্ণ হৈছে৷ এই অৱস্থাটোৰ পৰাই ধাৰণা কৰিব পাৰি যে মুখ্যমন্ত্ৰীয়ে ‘আত্মনিৰ্ভৰ অসম’ আঁচনিখন আৰম্ভ কৰাৰ ক্ষণটোত কিমান নিবনুৱাই এটা নিযুক্তি বা অন্য সংস্থাপনৰ আশাত বিনিদ্ৰ ৰজনী কটাব লগা হৈছে৷ এই নিবনুৱা চামটোৰ সামাজিক পৰিচয়টো হ’ল তেওঁলোক ঘৰখন বা সমাজখনৰ বাবে একো একোটা বোজা৷ দেশত সংস্থাপনহীনতাৰ হাৰ পূৰ্বৰ দুটা বৰ্ষতকৈ কমিছে যদিও ২০১৯ চনৰ আগৰ অৱস্থাতকৈ যথেষ্ট বেছি৷
২০১৯ চনত দেশত নিবনুৱাৰ হাৰ আছিল প্ত.২৭ণ আৰু এতিয়া ৬.৭০ণ৷ কভিডৰ সময়ছোৱাত এই হাৰ জ্জ্বণ লৈ বৃদ্ধি পাইছিল৷ আমাৰ ৰাজ্যৰ নিবনুৱাৰ ছবিখনো একে ধৰণৰ৷ এতিয়া প্ৰশ্ন হৈছে– ইমান বিশালসংখ্যক শিক্ষিত নিবনুৱা ৰাজ্যখনত থকা অৱস্থাত ইয়াৰ মাজৰে ২৫ হাজাৰগৰাকীক চৰকাৰে ২ লাখকৈ টকা যি সাহায্য দিবলৈ লৈছে, তাৰ পৰা তেওঁলোক কিদৰে সংস্থাপিত হ’ব? মুখ্যমন্ত্ৰীয়ে এই যুৱক-যুৱতীসকলক লৈ এটা সপোন দেখিছে, তেওঁলোকক আত্মসংস্থাপনৰ দিশত কিছু সহায় কৰাৰ ব্যৱস্থা কৰিছে, ভাল কথা; কিন্তু আজিৰ বজাৰৰ পৰিপ্ৰেক্ষিতত ২ লাখ টকাৰ বাস্তৱ মূল্য কিমান সেইটোও চাব লাগিব৷ কাৰিকৰী অৰ্হতাসম্পন্ন যুৱক বা যুৱতী এগৰাকীয়ে ক্ষুদ্ৰ উদ্যোগ এটা এই ধনেৰে আৰম্ভ কৰিব পাৰিবনে, অথবা এম বি বি এছ বা বি ডি এছ ডিগ্ৰীধাৰীজনে পাঁচ লাখ টকাৰে আৰম্ভ কৰিব পাৰিবনে নিজাকৈ এখন ক্লিনিক?
১৫য২০ লাখ টকা নহ’লে এতিয়া ফাৰ্মাচী এখন আৰম্ভ কৰাটোও জটিল৷ সেয়েহে কিদৰে এই যুৱক-যুৱতীসকলক ‘আত্মনিৰ্ভৰ’ কৰি তুলিবলৈ বিচৰা হৈছে, চৰকাৰৰ পৰিকল্পনা কি, সেইটো স্পষ্ট হোৱা উচিত৷ অন্যহাতে এতিয়া ‘অনলাইন মাৰ্কেট’ৰ এটা নতুন যুগ আৰম্ভ হৈছে; আৰম্ভ হৈছে ‘বিশেষজ্ঞ’ৰ ওপৰত নিৰ্ভৰ কৰাৰ যুগ৷ সাধাৰণ এম বি বি এছ এজনৰ আজিৰ চিকিৎসাৰ বজাৰত দাম কিমান, সেয়া সকলোৱে জানে৷ সাধাৰণ থলুৱা ক্ষুদ্ৰ উদ্যোগত উৎপাদিত সামগ্ৰীয়ে বজাৰ পোৱাটো এতিয়া কিমান জটিল সেয়াও ভুক্তভোগীসকলে জানে৷ যোৱা জুলাই মাহত লোক সভাত কেন্দ্ৰীয় মন্ত্ৰী জিতনৰাম মাঝিয়ে দিয়া তথ্য অনুসৰি যোৱা ১০ বছৰত দেশৰ অতিক্ষুদ্ৰ [micro], ক্ষুদ্ৰ [small] আৰু মধ্যমীয়া [medium] ৫০ হাজাৰ উদ্যোগ বন্ধ হৈ গৈছে, যাৰ ফলত ৩,১৭,৬৪১গৰাকীয়ে সংস্থাপন হেৰুৱাব লগা হৈছে৷ দেশত এনেকুৱা এক পৰিস্থিতি বিৰাজ কৰি থকা অৱস্থাত এজন নিবনুৱা আত্মনিৰ্ভৰ হোৱাটো কিমান জটিল কথা সেইটো ধাৰণা কৰাটো কঠিন নহয়৷
তেনে অৱস্থাত ‘আত্মনিৰ্ভৰ’ শব্দটোৰ সাৰ্থকতা ৰক্ষা কৰিবলৈ হ’লে কেৱল নিবনুৱা একোজনক সামান্য আৰ্থিক সাহায্য দিলেই নহ’ব, চৰকাৰে নিজস্বভাৱে এখন পৰিক্ষেত্ৰও সৃষ্টি কৰি দিব লাগিব, য’ত নিবনুৱাজনে জড়িত হ’বলৈ গৈ নিৰাপত্তা অনুভৱ কৰিব পাৰিব লাগিব৷ আমাৰ ৰাজ্যত আচলতে যুৱ প্ৰজন্মৰ বাবে আত্মনিৰ্ভৰ হ’ব পৰাকৈ উন্মুক্ত হৈ থকা ক্ষেত্ৰখন হৈছে কৃষি, পশু আৰু মৎসপালনৰ ক্ষেত্ৰখন৷ মহাত্মা গান্ধীয়েও তেনে এখন আত্মনিৰ্ভৰ গ্ৰাম্য সমাজৰে সপোন দেখিছিল আৰু সেই বিষয়ে ‘হিন্দ স্বৰাজ’ত উল্লেখ কৰি গৈছে৷ চৰকাৰে বিস্তৃত পৰিসৰত ‘জৈৱ কৃষি’ৰ এক পৰিকল্পনা গ্ৰহণ কৰি শিক্ষিত-অশিক্ষিত নিৰ্বিশেষে যুৱ সমাজক ইয়াত জড়িত কৰিলে ‘আত্মনিৰ্ভৰ’তাৰ এখন প্ৰকৃষ্ট ক্ষেত্ৰ গঢ় লোৱাই নহয়, ‘বিকশিত অসম’ৰ এক নতুন ধাৰাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকিব৷
Share This