ডিজিটেল ডেস্ক: মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীৰ ১০ বছৰীয়া কাৰ্যকালত প্রতিটো চৰকাৰী আঁচনি ৰূপায়ণত ছিণ্ডিকেটৰাজ কমিছনৰাজ আৰু স্বজন-তোষণ চলাৰ লগতে সমষ্টি উন্নয়নতকৈ নিজৰ আৰু ঘনিষ্ঠসকলৰ উন্নয়ন সাধনৰ তথ্য সবিস্তাৰে প্ৰকাশ পোৱাত সমষ্টিবাসীৰ লগতে শাসকীয় বিজেপি দলৰ কৰ্মীসকলৰ মাজত তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
বিশেষকৈ মৰিগাঁৱৰ এজন সংবাদকর্মীয়ে তথ্য জনা অধিকাৰ আইনৰ আধাৰত মৰিগাঁও সমষ্টিৰ শাসকীয় বিজেপি দলৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে সংঘটিত কৰা
অনিয়ম তথ্যসহকাৰে প্ৰকাশ কৰা ৰমাকান্ত দেউৰীয়ে উন্নয়নৰ খতিয়ান দাঙি ধৰা পুস্তিকাখনে এতিয়া মৰিগাঁও সমষ্টিবাসীৰ মাজত হিতে বিপৰীত হৈ পৰিছে।
আৰ টি আই তথ্যযোগে সংবাদকর্মীজনে লাভকৰা তথ্যৰ আধাৰত বিধায়ক দেউৰীৰ বিধায়কৰ উন্নয়ন পুঁজি আৰু অসম দর্শন আঁচনিত সংঘটিত ভয়ংকৰ অনিয়মৰ পাছত এইবাৰ আদৰ্শ অংগনবাড়ী কেন্দ্র নির্মাণত হোৱা ভয়ংকৰ অনিয়মৰ তথ্য পোহৰলৈ অহাত বিজেপি দলৰ নেতা-কর্মীসকলৰ মাজত তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বিশেষকৈ বিধায়ক দেউৰীৰ ১০ বছৰীয়া কাৰ্যকালৰ উন্নয়নৰ খতিয়ানৰ ঢাক-ঢোল বজাবলৈ গৈ বিধায়কগৰাকীয়ে নিজেই দলীয় নেতা-কর্মীসকলৰ ৰোষত পৰিবলগীয়া হৈছে। বিধায়ক দেউৰীয়ে দলীয় নেতা-কর্মীসকলৰ ত্যাগ, কষ্ট আৰু শ্রমক চৰম উপহাস কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে একাংশ দলীয় কর্মীয়ে।
দলৰ কঠিন সময়ত বিজেপি দলৰ পতাকা কান্ধত লৈ ফুৰাৰ লগতে দলীয় কার্যক্রম সফল কৰি তুলিবলৈ নিজৰ কাম-বন ক্ষতি কৰি দলত নিজকে আত্মনিয়োগ কৰি আহিছে, সেইসকলৰ কথা চিন্তা নকৰি উন্নয়নৰ আঁচনিৰ কাম-কাজসমূহ বিধায়কৰ ঘনিষ্ঠসকলৰ মাজতে আবদ্ধ কৰি ৰখাৰ তথ্য ফাদিল হৈ পৰাত এতিয়া ক্ষোভ উজাৰিবলৈ বাধ্য হৈছে একাংশ বিজেপি দলৰ নিষ্ঠাৱান কার্যকর্তা। দলীয় একাংশ কার্যকর্তাই 'আমাৰ যোগ্যতা কেৱল নির্বাচনী সভাত ভিৰ কৰাতেই সীমাবদ্ধ নেকি' বুলি প্রশ্ন উত্থাপন কৰে। বিধায়ক দেউৰীৰ কর্ম-কাণ্ডক লৈ দলীয় কাৰ্যকৰ্তাসকলৰ মাজত সৃষ্টি হৈ থকা তীব্র ক্ষোভৰ মাজতে ২৫ লাখ টকীয়া আদর্শ অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণত মৰিগাঁও বিধানসভা সমষ্টিত সংঘটিত ভয়ংকৰ অনিয়মৰ তথ্য পোহৰলৈ আহিছে।
তথ্য জনা অধিকাৰ আইনৰ অধীনত মৰিগাঁও জিলাৰ উন্নয়ন আয়ুক্ত কাৰ্যালয়ৰ পৰা লাভ কৰা তথ্য অনুসৰি ২০২০-২১ বৰ্ষত ১১টা আদর্শ অংগনৱাড়ী কেন্দ্র ৰূপায়ণ কৰা হৈছে। এই গৃহসমূহৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ পৰা বুলি উল্লেখ কৰিছে যদিও ২০২২-২৩ বৰ্ষৰ পৰা ৰূপায়ণ হোৱা আদর্শ অংগনবাড়ী কেন্দ্ৰসমূহৰ নিৰ্মাণকাৰ্য গৰিষ্ঠসংখ্যক বর্তমানেও আধৰুৱা হৈ আছে। ২০২২-২৩ বর্ষত ১৬টা আদর্শ অংগনৱাড়ী কেন্দ্ৰ অনুমোদন লাভ কৰাৰ লগতে ২০২৩-২৪ বর্ষত ৩১টা আৰু ২০২৪-২৫ বর্ষত ৫০টা আদর্শ অংগনবাড়ী কেন্দ্রই অনুমোদন লাভ কৰিছে। মূল বিষয়টো হৈছে এই আদর্শ অংগনৱাড়ী কেন্দ্ৰসমূহ ৰূপায়ণ তথা অনুমোদনৰ ক্ষেত্ৰত সমাজ কল্যাণ বিভাগৰ কোনো ধৰণৰ ভূমিকা বা কর্তৃত্ব নাই। ইয়াৰ সম্পূৰ্ণ কর্তৃত্ব আছে ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিৰ বিধায়কসকলৰ।
মৰিগাঁও বিজেপি দলৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে মৰিগাঁৱত চৰকাৰে ৰূপায়ণ কৰা প্ৰতিটো আঁচনিত চলোৱা ছিণ্ডিকেটৰাজ, কমিছনৰাজ আৰু স্বজন-তোষণৰ দৰে আদৰ্শ অংগনৱাড়ী কেন্দ্ৰসমূহৰ নিৰ্মাণকাৰ্যতো ভয়ংকৰ অনিয়ম সংঘটিত কৰাৰ বাবে গৰিষ্ঠসংখ্যক আদর্শ অংগনৱাড়ী কেন্দ্ৰৰ নিৰ্মাণকাৰ্য এতিয়াও আধৰুৱা হৈ আছে। এই প্রতিবেদকৰ অনুসন্ধানত আদর্শ অংগনৱাড়ী কেন্দ্ৰসমূহৰ নিৰ্মাণত সংঘটিত হোৱা অনিয়মৰ বাবেই বহুসংখ্যক আদর্শ অংগনৱাড়ী কেন্দ্রস্থলীত এতিয়াও নিৰ্মাণকাৰ্য আৰম্ভই কৰিব পৰা নাই। বিধায়ক দেউৰীয়ে নিজৰ ঘনিষ্ঠ ব্যক্তিৰ দ্বাৰা নিৰ্মাণকাৰ্য চলোৱা ৬০টাতকৈ অধিক আদর্শ অংগনৱাড়ী কেন্দ্ৰ আধৰুৱা হৈ পৰি আছে। ইয়াৰ মাজতে কেইটামান আদর্শ অংগনবাড়ী কেন্দ্রত মাথোঁ ভেটিটোৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিয়েই কাম পেলাই থ'বলগীয়াত পৰিছে।
আনহাতে, সংবাদ মাধ্যমত বিধায়ক দেউৰীয়ে সংঘটিত কৰা ভয়াৱহ অনিয়মৰ তথ্য ধাৰাবাহিকভাৱে প্ৰকাশ হৈ থকাত থৰ-কাছুটি হেৰুৱাই বিধায়ক দেউৰীয়ে ততাতৈয়াকৈ আদর্শ অংগনৱাড়ী কেন্দ্ৰসমূহৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰিবলৈ তৎপৰ হৈ পৰা বুলি একাংশ বিজেপিৰ নেতা-কর্মীয়ে জানিবলৈ দিছে।