ডিজিটেল ডেস্ক : একেৰাহে দুটা টি-২০ শংখলাত পৰাজিত হোৱাৰ পাছত এইবাৰ জিম্বাবুৱেৰ বিৰুদ্ধে তিনিখনীয়া টি-২০ শৃংখলা খেলিব ভাৰতে। সেইমর্মে ইতিমধ্যেই জিম্বাবুৱেলৈ ৰাওনা হৈছে ভাৰতীয় দল। পিছে প্রধান প্রশিক্ষক গৌতম গম্ভীৰ নহয়। বৰঞ্চ জিম্বাবুৱেৰ বিৰুদ্ধে শৃংখলাৰ বাবে আন এগৰাকীক সেই দায়িত্ব দিয়া হৈছে। তেৱেঁই এই ৩খনীয়া শৃংখলাত ভাৰতীয় দলৰ প্ৰশিক্ষকৰ পদ চম্ভালিব।
উল্লেখযোগ্য যে আসন্ন শৃংখলাত ভাৰতীয় দলৰ অন্যতম সদস্য হিচাপে থাকিব বেটিং চাঞ্চল্য বৈভৱ সূর্যবংশীও। ইফালে, প্রথমে আয়াৰলেণ্ড আৰু ইয়াৰ পাছত ইংলেণ্ডৰ হাতত টি-২০ শৃংখলা হেৰুৱাই কঠোৰ সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছে ভাৰত। ইয়াৰ ফলত আই চি চিৰ টি-২০ ক্রিকটৰ ৰেংকিঙৰ তালিকাত ভাৰতে শীর্ষস্থান হেৰুৱাই দ্বিতীয় স্থানলৈ অৱনমিত হৈছে। এনে পৰিস্থিতিত মুখ্য প্রশিক্ষক গম্ভীৰৰ ভূমিকাক লৈ প্রশ্ন উঠিছে বাৰম্বাৰ। দলৰ পৰাজয়ৰ বাবে গম্ভীৰৰ বিৰুদ্ধে সমালোচনা তীব্ৰতৰ হৈছে। ইয়াৰ মাজতে শুনা গৈছিল যে জিম্বাবুৱে ভ্ৰমণত ভাৰতৰ প্ৰশিক্ষকৰ দায়িত্বত নাথাকিব গম্ভীৰ।
দৰাচলতে ভাৰতীয় ক্রিকেট দলৰ মুখ্য প্রশিক্ষক হিচাপে ভি ভি এছ লক্ষ্মণক প্ৰেৰণ কৰিছে। আনহাতে, গম্ভীৰক আপাততঃ জিৰণি দিয়া হৈছে। অৱশ্যে তেওঁক তৎক্ষণাৎ মুখ্য প্রশিক্ষকৰ পৰা অপসাৰণ কৰা হ'ব নে নহয়, সেই সন্দর্ভত কোনো স্পষ্ট তথ্য পোৱা হোৱা নাই।