দুকুৰিৰো অধিক ভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিক সম্বর্ধনা, গহপুৰৰ বিধায়ক উৎপল বৰাক 'শ্বহীদ কনকলতা বৰুৱা-মুকুন্দ কাকতি বঁটা' প্রদান

dainik janambhumi February 10, 2026

ডিজিটেল ডেস্ক: সমাজ-সংস্কৃতি, শিক্ষা আদি ক্ষেত্ৰখনত সামাজিক মাধ্যমত বলিষ্ঠ ৰূপত আত্মপ্রকাশ কৰা 'নিৰপেক্ষ গহপুৰ'-এ নৱম বর্ষ অতিক্ৰম কৰে। বিগত বৰ্ষৰ দৰে এই বছৰো 'শ্বহীদ কনকলতা বৰুৱা-মুকুন্দ কাকতি বঁটা' প্রদান কৰা হয় ঐতিহাসিক গহপুৰ বিধানসভা সমষ্টিৰ পৰা অসম বিধানসভালৈ একেলেঠাৰিয়ে দুবাৰকৈ নিৰ্বাচিত হোৱা উৎপল বৰাক। 

কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিৰ ত্যাগে ঐতিহাসিক গহপুৰক বিশেষ মাত্রা প্রদান কৰাৰ লগতে বিশ্বত পৰিচিত কৰি তোলে। বিশেষকৈ 'শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়', 'শ্বহীদ কনকলতা অসামৰিক চিকিৎসালয়', 'কনকলতা ভৱন'ৰ লগতে বীৰাংগনা কনকলতা বৰুৱাৰ জন্মগ্ৰহটো সংৰক্ষিত কৰাৰ যোগেদি সকলোৰে হৃদয় জিনা বিধায়ক তথা সমাজহিতৈষী উৎপল বৰাক তেওঁৰ যোগাত্মক চিন্তা-চেতনা আৰু কৰ্মৰ প্ৰতি সন্মান জনাই এই বৰ্ষৰ 'শ্বহীদ কনকলতা বৰুৱা-মুকুন্দ কাকতি বঁটা' প্রদান কৰা হয় বুলি আনুষ্ঠানিকভাৱে 'নিৰপেক্ষ গহপুৰ'-এ অৱগত কৰে। 

গহপুৰ নগৰস্থিত কনকলতা ভৱন প্রেক্ষাগৃহত যোৱা ৮ ফেব্ৰুৱাৰীত আনুষ্ঠিত গাম্ভীর্যপূর্ণ সভাৰ পূৰ্বে ভৱন চৌহদত গছপুলি ৰোপণ কৰে বৃক্ষমানৱ তথা আমাৰ বনানীৰ সঞ্চালক বকুল গগৈ আৰু সৰ্বেশ্বৰ বৰাই। বন্তি প্রজ্বলন কৰি মঞ্চ মুকলি কৰে মৰ্ণিংষ্টাৰ হাইস্কুলৰ সঞ্চালক যাদৱ চলিহাই। উদীয়মান অভিনেত্ৰী দেৱস্তুতি বৰা আৰু নিৰপেক্ষ গহপুৰৰ পৰিচালক অভিজিত বৰাই সামগ্রিকভাৱে আঁত ধৰা সভাত উদ্দেশ্য ব্যাখ্যা কৰে 'নিৰপেক্ষ গহপুৰ'ৰ মুখ্য সঞ্চালক তথা সাংবাদিক বিপ্লৱ নেওগে। 

মুখ্য প্রশাসক তথা সাংবাদিক পৰশ শইকীয়া, পৰিচালন সঞ্চালক তথা সাংবাদিক হেমন্ত বৰুৱাই সামাজিক মাধ্যমৰ পেজটিৰ জন্মকথাৰ লগতে সাম্প্রতিক সময়ত আগুৱাই যাওঁতে লাভ কৰা অভিজ্ঞতা সম্পর্কে নাতিদীর্ঘ বক্তব্য দাঙি ধৰে। এই সভাতে আমন্ত্রিত অতিথি হিচাপে উপস্থিত থাকি বক্তব্য দাঙি ধৰে জনপ্রিয় সাংবাদিক চক্রপাণি পৰাশৰ, অৱয়ৱ ভূঞাৰ লগতে অৱসৰপ্ৰাপ্ত কৰ আয়ুক্ত হেমন্ত বিজয় মহন্ত, শ্বহীদ কনকলতা বৰুৱাৰ ভতিজা অভিজিত বৰুৱা আৰু বৃক্ষমানৱ বকুল গগৈয়ে। 

কেলেণ্ডাৰ উন্মোচন কৰে আৰ জে খ্যাত প্রণামিকা ভূঞাই। 'শ্বহীদ কনকলতা বৰুৱা-মুকুন্দ কাকতি বঁটা-২০২৬' লাভ কৰা উৎপল বৰাক আনুষ্ঠানিকভাৱে এটি স্মাৰক, এখন প্রশস্তি পত্র, ফুলাম গামোচা, চেলেং, সঁফুৰা, গ্ৰন্থৰ টোপোলা আদিৰে সন্মান প্রদান কৰে। সভাত বঁটাপ্ৰাপক উৎপল বৰাই বক্তব্য দাঙি ধৰি চতুর্থ স্তম্ভখ্যাত সংবাদ মাধ্যমে সমাজ তথা দেশক নিয়ন্ত্ৰণ কৰে বুলি কয়। এই সভাতে ভাগ্যশ্ৰী বৰাই বৰগীত, বন্দনা বৰা, নিপু বৰা, সুমন ভূঞা, পাল্কি প্রিয়া বৰাই আধুনিক গীত পৰিৱেশন কৰে। ককিলা চাৰিআলি মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে নৃত্য পৰিৱেশন কৰি অনুষ্ঠান সজীৱ কৰি তোলে। বিশিষ্ট অতিথি হিচাপে গহপুৰ পৌৰসভাৰ পৌৰপতি অতুল বৰা, ভুৱন শইকীয়াৰ লগতে অঞ্চলটোৰ ভালেসংখ্যক গণ্য-মান্য লোকে অংশগ্ৰহণ কৰা সভাত গহপুৰ সমজিলাৰ অন্তৰ্গত দুকুৰিৰো অধিক ভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিক সম্বর্ধনা জনোৱা হয়।

Share This