নদীত জাঁপ দি আত্মহননৰ চেষ্টা চলোৱা মহিলাৰ জীৱন বচালে অটো চালক আমিৰ উদ্দিনে

Rashmi April 16, 2025

ডিজিটেল ডেস্কঃ স্বামীৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি নদীত জাঁপ দি আত্মহননৰ চেষ্টা চলাইছিল এগৰাকী মহিলাই৷ বৰাক নদীত জাঁপ দি আত্মহননৰ চেষ্টা চলাইছিল মহিলাগৰাকীয়ে৷

এই ঘটনা সংঘটিত হৈছে শিলচৰৰ সদৰঘাট দলঙত। আজি দুপুৰীয়াৰ ভাগত এগৰাকী মহিলাই বৰাক নদীত জাঁপ দিয়াৰ বাবে দলঙৰ ৰেলিঙত উঠিছিল। 

তেতিয়াই ঘটনাটো প্ৰত্যক্ষ কৰে আমিৰ উদ্দিন লস্কৰ নামৰ এগৰাকী অটো চালকে৷ আমিৰ উদ্দিনে দৌৰি গৈ মহিলাগৰাকীক দলঙৰ ৰেলিঙৰ পৰা নমাই আনে। তেওঁৰ তৎপৰতাতে মহিলাগৰাকীৰ জীৱন ৰক্ষা পৰিল৷

এক অৰ্থত দেৱদূত হৈ মহিলাগৰাকীৰ ওচৰলৈ আহিল অটো চালক আমিৰ উদ্দিন লস্কৰ৷

ঘটনাটোৰ খবৰ পাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মহিলাগৰাকীক উদ্ধাৰ কৰি থানালৈ লৈ যায়। মহিলাগৰাকী শিলচৰ ঘনিয়ালা অঞ্চলৰ বাসিন্দা বুলি জানিব পৰা গৈছে।

ইতিমধ্যে আৰক্ষীয়ে ঘচনাৰ সন্দৰ্ভত  তদন্ত আৰম্ভ কৰিছে।  আমিৰ উদ্দিন লস্কৰৰ এই মহান কৰ্মক সকলোৱে একমুখে শলাগিছে৷

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This