৪ বছৰৰ পাছত হৰুৱালে য়ামাগুচীক, প্ৰথম ভাৰতীয় হিচাপে জাপান অ'পেনত খিতাপ জয় সিন্ধুৰ

dainik janambhumi July 20, 2026

ডিজিটেল ডেস্ক : ভাৰতৰ তাৰকা শ্বাটলাৰ পি ভি সিন্ধুৱে প্ৰথমবাৰ জাপান অ'পেন বেডমিন্টনত খিতাপজয়ী কৃতিত্ব আর্জিছে। দেওবাৰে প্রতিযোগিতাখনৰ ফাইনেলত জাপানীজ তাৰকা আক্কানে য়ামাগুচীক পোনপটীয়া ব্যৱধানত হৰুৱাই ৩১ বছৰীয়া সিন্ধুৱে দুবছৰৰ অধিক সময়জুৰি খিতাপৰ খৰাং আঁতৰাবলৈ সক্ষম হয়। 

তিনিবাৰৰ বিশ্ব চেম্পিয়ন য়ামাগুচীৰ বিৰুদ্ধে ২১-১৭, ২১-১৭ ব্যৱধানত জয়েৰে জাপান অ'পেনত খিতাপ তুলি ধৰা প্ৰথমগৰাকী ভাৰতীয় শ্বাটলাৰত পৰিণত হয় সিন্ধু। ইয়াৰ উপৰি ২০১৯ চনত বিশ্ব চেম্পিয়নশ্বিপৰ মুকুট জয়ৰ পাছত এই প্রথম কোনো বৃহৎ খিতাপ হস্তগত কৰে দুবাৰৰ অলিম্পিক পদকজয়ী ভাৰতীয় তাৰকাগৰাকীয়ে। 

২০২৪ চনত সিন্ধুৱে শেষবাৰলৈ ছৈয়দ মোদী ইণ্টাৰনেশ্যনেল বেডমিন্টনত শ্রেষ্ঠত্ব অৰ্জন কৰিছিল। য়ামাগুচীয়ে জাপান অ'পেনত ষষ্ঠবাৰলৈ ফাইনেল খেলাৰ বিপৰীতে সিন্ধুৱে চাৰি বছৰ ধৰি কোনো সম্পূর্ণ মেচত জাপানীজ তাৰকাগৰাকীক পৰাজিত কৰিব পৰা নাছিল। তাৰ মাজতে চলিত বছৰৰ আৰম্ভণিতে মালয়েছিয়া অ'পেনত উভয়ৰ মুখামুখিৰ মেচখনত প্ৰথমটো গেমৰ পাছতেই য়ামাগুচীয়ে অৱসৰ লোৱাত সিন্ধুৱে জয়লাভ কৰিছিল। য়ামাগুচীৰ বিৰুদ্ধে ২০২২ চনত শেষবাৰলৈ থাইলেণ্ড অ'পেনত সম্পূর্ণ মেচত জয়ী হৈছিল সিন্ধু।

Share This