শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অনন্য নিদৰ্শন

Kakali Deka September 13, 2025

ডিজিটেল ডেস্কঃ  শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিৰ দিনটোতেই শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অনন্য নিদৰ্শন ।


মাৰোৱাৰী সমাজে আঁকোৱালি ল'লে গুৰু দুজনাৰ আধ্যাত্মিক চিন্তা-চেতনাক। শিৱসাগৰত বিগত ৪৬ টা বছৰে বসবাস কৰি অহা নন্দ কিশোৰ ঝাৱৰৰ পৰিয়ালটোৱে প্ৰতিবছৰে আয়োজন কৰি আহিছে এদিনীয়াকৈ ভাগৱত পাঠ অনুষ্ঠান।

বিগত বছৰসমূহৰ দৰে পৰিয়ালটোৱে চলিত বছৰত আয়োজন কৰিছে অবিৰত ভাগৱত পাঠ অনুষ্ঠান।

সম্পূৰ্ণ আধ্যাত্মিক নীতি-নিয়মেৰে পৰিয়ালটোৱে আয়োজন কৰা অবিৰত ভাগৱত পাঠ অনুষ্ঠানে প্ৰতিজন অসমীয়াক গৰ্বিত কৰি তুলিব ।

মাৰোৱাৰী সম্প্ৰদায়ৰ হ'লেও পৰিয়ালটোৱে গুৰু দুজনাৰ ধৰ্মীয় দৰ্শন আৰু আধ্যাত্মিক চিন্তা-চেতনাক আঁকোৱালি লোৱা বিষয়টোক সকলোৱে প্ৰশংসা কৰিছে।

 

উৎস প্ৰাগ নিউজ ডিজিটেল

Share This