শিক্ষয়িত্ৰীৰ মানসিক অত্যাচাৰত অতিষ্ঠ হৈ আত্মহত্যাৰ অপচেষ্টা ছাত্ৰীৰ 

Kakali Deka August 26, 2025

ডিজিটেল ডেস্কঃ শিক্ষয়িত্ৰীৰ মানসিক অত্যাচাৰত অতিষ্ঠ এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰী ।এগৰাকী দানৱী শিক্ষয়িত্ৰীৰ মানসিক অত্যাচাৰ সহিব নোৱাৰি আত্মহত্যাৰ অপচেষ্টা চলায় দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰীয়ে ।

এই ঘটনা সংঘটিত হৈছে দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত । বিদ্যালয়খনৰ শিক্ষয়িত্ৰী ৰুণজুন বৰাই দীৰ্ঘদিন বিদ্যালয়খনৰ ছাত্ৰীসকলৰ লগত মানসিক হাৰাশাস্তি আৰু শাৰীৰিক অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। 


শিক্ষয়িত্ৰী ৰুণজুন বৰাই যোৱা ২৩ আগষ্টত সন্ধিয়া প্ৰায় ৭ বজাত বিদ্যালয়ৰ দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক অশ্লীল ভাষাৰে গালি-গালাজ কৰাৰ লগতে মাৰপিট কৰাৰ চেষ্টা চলায় শিক্ষয়িত্ৰীৰ উগ্ৰমূৰ্তিত ভীতিগ্ৰস্ত হৈ মূৰ্চা যায় ছাত্ৰীগৰাকী।

ছাত্ৰীগৰাকী সুস্থ হৈ উঠাৰ পাছত পুনৰাই শিক্ষয়িত্ৰীগৰাকীয়ে আক্ৰমণ কৰিবলৈ চেষ্টা চলোৱাত ছাত্ৰীগৰাকীয়ে ভয়তে বাথৰূমৰ দৰ্জা বন্ধ কৰি আত্মহত্যাৰ অপচেষ্টা চলায়। আনকি শিক্ষয়িত্ৰীগৰাকীয়ে বিদ্যালয়ৰ  অধীক্ষককো বিভিন্ন সময়ত বিদ্যালয় প্ৰধানকো দুৰ্ব্যৱহাৰৰ অভিযোগ উত্থাপিত হৈছে।

সমান্তৰালকৈ শৈক্ষিক পৰিৱেশ বিনষ্ট কৰি ছাত্ৰীসকলক নিজৰ কাম কৰোৱাৰো অভিযোগ শিক্ষয়িত্ৰী ৰুণজুন বৰাৰ বিৰুদ্ধে। পূৰ্বেও আন কেইবাগৰাকীও ছাত্ৰীক শাৰিৰীক-মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ আছে এইগৰাকী শিক্ষয়িত্ৰীৰ বিৰুদ্ধে।

এনে অভিযোগ তথ্য-প্ৰমাণসহ জিলা শিক্ষা বিষয়া, খণ্ড শিক্ষা বিষয়াক অভিযোগ দিয়াৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই শিক্ষা বিভাগে । এইগৰাকী দানৱী শিক্ষয়িত্ৰীৰ বাবে এতিয়া দশম শ্ৰেণীৰ ছাত্ৰীসকলে বিদ্যালয় এৰি আশ্ৰয় লৈছে বিদ্যালয়ৰ নিকটৱৰ্তী অভিভাৱকৰ ঘৰত।

এই ক্ষেত্ৰত ছাত্ৰীগৰাকীৰ  অভিভাৱকে শিক্ষয়িত্ৰী ৰুণজুন বৰাৰ বিৰুদ্ধে গৰৈমাৰী থানাত এখন এজাহাৰ  দাখিল কৰিছে। কিন্তু এইগৰাকী শিক্ষয়িত্ৰীৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই শিক্ষা বিভাগে, সেয়াও ৰহস্যৰ ঊৰ্ধ্বত!

শিক্ষয়িত্ৰী ৰুণজুন বৰাৰ ওপৰত আছে নেকি বিভাগটোৰ কোনো বৰমূৰীয়াৰ আশীৰ্বাদ ?

Share This