ডিজিটেল ডেস্ক : শ শ কোটি টকা আত্মসাৎ কৰা ট্রেডিং কেলেংকাৰিৰ আদালতৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। চি বি আয়ে তদন্ত কৰা গোচৰসমূহৰ মাজত বহু বিতর্কিত ডিব্ৰুগড়ৰ বিশাল ফুকন, চুমি বৰাৰ নেতৃত্বত হোৱা কেলেংকাৰিৰ কালি চি বি আইৰ বিশেষ আদালতত দ্বিতীয়টো শুনানি সম্পন্ন হয়। কালিৰ শুনানি প্রক্রিয়াত মুখ্য অভিযুক্ত বিশাল ফুকন আৰু তেওঁৰ সহযোগী তার্কিক বৰাৰ লগতে আন এজন অভিযুক্ত অভিজিত চান্দ সোঁশৰীৰে উপস্থিত থাকে।
আনহাতে, চুমি বৰাই শ্বুটিঙৰ অজুহাত দেখুৱাই আদালতত সোঁশৰীৰে উপস্থিত থকাৰ পৰা বিৰত থাকে। উল্লেখযোগ্য যে চি বি আয়ে ৰুজু কৰা ২৯/২০২৫ নং গোচৰটোৰ মূল অভিযুক্ত হিচাপে চিহ্নিত কৰিছিল বিশাল ফুকন, চুমি বৰা, চুমিৰ স্বামী তার্কিক বৰা আৰু অভিজিত চান্দক। এই গোচৰটোত ইতিমধ্যে চাৰিওজনকে গ্ৰেপ্তাৰ কৰা হৈছিল যদিও তেওঁলোকে জামিন লাভ কৰি সম্প্ৰতি মুক্ত আকাশৰ তললৈ আহিবলৈ সক্ষম হয়। আনহাতে, অহা ১০ ফেব্ৰুৱাৰীত গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন ধার্য কৰে আদালতে। পৰৱৰ্তী শুনানিত চাৰিওজন অভিযুক্তকে সোঁশৰীৰে আদালতত হাজিৰ হোৱাৰ বাবেও নির্দেশ দিয়া হৈছে। কালিৰ শুনানি প্রক্রিয়াত অভিযুক্ত অভিজিত চান্দৰ 'এপিয়েৰেন্স' সম্পূর্ণ হয় বুলি প্রকাশ কৰে অধিবক্তাই।
পৰৱৰ্তী শুনানিত বাকীসকলৰ এপিয়েৰেন্সৰ লগতে অভিযুক্তসকলক অভিযোগনামাৰ প্ৰতিলিপি প্রদান কৰা হ'ব বুলিও অধিবক্তাজনে প্রকাশ কৰে। উল্লেখযোগ্য যে বিশাল ফুকনৰ নামত এই দলটোৱে অসমৰ লগতে দেশৰ বিভিন্ন স্থানৰ বহু লোকৰ পৰা ট্রেডিঙত বিনিয়োগ কৰি অধিক মুনাফা লাভৰ লোভ দেখুৱাই শ শ কোটি টকা লুণ্ঠন কৰা হৈছিল।